বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে কংগ্রেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলসমূহৰ আসন বুজাবুজিৰ প্রক্রিয়া চলি থকাৰ সময়তে বিৰোধীৰ এনে মিত্রতাক কটাক্ষ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– বিৰোধীৰ মিত্রতা হ’লেও বিজেপিৰ চৰকাৰ হ’ব, নহ’লেও বিজেপিৰ চৰকাৰ হ’ব৷
কংগ্রেছে ৰাইজৰ দল, অসম জাতীয় পৰিষদক আসন এৰি দিয়াৰ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– বিৰোধীৰ এনে বুজাবুজিক লৈ মই কোনো গুৰুত্ব দিয়া নাই৷ ৰাইজৰ দল–কংগ্রেছৰ নির্বাচনী বুজাবুজি হ’লেও বিজেপিৰ চৰকাৰ হ’ব, নহ’লেও বিজেপিৰ চৰকাৰ হ’ব৷ কোনেও ইয়াক ৰাখিব নোৱাৰে৷ ৯০–৯৫টা সমষ্টিত কোনো বিৰোধীয়েই নাই৷
উল্লেখ্য যে আগন্তুক বিধানসভা নির্বাচনত আসন বুজাবুজিৰে বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদক ১০টা সমষ্টি আৰু ৰাইজৰ দলকো ১০টা সমষ্টি এৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ একে সময়তে কার্বি আংলঙৰ এপিএইচএলচিক দুখন আৰু বাঁওপন্থী দলক তিনিখন আসন এৰি দিয়াৰ এক সিদ্ধান্ত লৈছে কংগ্রেছে৷ বিৰোধীৰ এনে মিত্রতাক লৈ মুখ্যমন্ত্রীয়ে কটাক্ষ কৰাৰ লগতে কার্বি আংলঙত এপিএইচএলচিক আসন এৰি দিয়াক লৈও যথেষ্ট সৰৱ হয়৷
মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য – জন ইংতি কাথাৰৰ এপিএইচএলচিৰ লগত যিয়ে মিত্রতা কৰে, সিয়ে ৰাজনীতিত ডুবিব৷ মোৰ বিশ্বাস, নির্বাচনত এপিএইচএলচিও ডুবিব আৰু তেওঁলোকে যাক ল’ব সেই দলো ডুবিব৷ কাৰণ কার্বি আংলঙৰ ৰাইজে এপিএইচএলচিক ভাল নাপায়, যিধৰণে তেওঁলোকে ৰাজনীতি কৰে তেনেধৰণৰ ৰাজনীতি কৰিলে কার্বি আংলঙত আকৌ পুৰণি দিনসমূহ ঘূৰি আহিব৷
ধর্ণা–ধর্মঘট, আন্দোলন এইবোৰ পুনৰ কার্বি আংলঙলৈ ঘূৰি আহিব৷ সেইকাৰণে কোনো ৰাইজে এপিএইচএলচিকো ভোট নিদিয়ে আৰু তেওঁলোকৰ লগত যিয়ে মিত্রতা কৰিছে তেওঁলোককো ভোট নিদিয়ে৷
ইফালে কার্বি আংলঙৰ ৫খন আসনৰ বাবে নতুন মুখ অহাৰ সম্ভাৱনাক স্পষ্ট কৰি মুখ্যমন্ত্রীয়ে কয়– পুৰণি চাৰিটা সমষ্টিত নতুন মুখৰ বদলি পুৰণি প্রার্থীকহে অগ্রাধিকাৰ দিব দলে৷ আনহাতে কার্বি আংলঙৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে এইবাৰ বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রসংগত তেওঁ কয়– তুলিৰাম ৰংহাঙে এইবাৰ ৰংখাং বিধানসভা সমষ্টিৰ পৰা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে যদিও দলে এতিয়াও কোনো সিদ্ধান্ত স্পষ্ট কৰা নাই৷ বিজেপিৰ আসন বুজাবুজি নির্বাচনৰ আগে আগে চূড়ান্ত কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰে৷
ডিজিটেল ডেস্ক, ২৪ ফেব্রুৱাৰী