নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত ৩৭,৮৩৩গৰাকী মহিলালৈ উদ্যমিতা আঁচনিৰ চেক মুখ্যমন্ত্ৰীৰ

🔹 চাপৰমুখত নৱনিৰ্মিত ৰে’লৱে উৰণ সেতু উদ্বোধন

নিয়মীয়া বাৰ্তা, ৰহা, ১১ নৱেম্বৰ : ৰহাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত মঙলবাৰে ৩৭,৮৩৩গৰাকী মহিলাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰহা ক্ৰীড়া সন্থা খেলপথাৰত আয়োজিত বিশাল জনসভাৰ আৰম্ভণিতে আদৰণী ভাষণ প্ৰদান কৰে অসম গ্ৰাম্য জীৱিকা সখি অভিযানৰ পৰিচালন সঞ্চালক কুন্তল মণি শৰ্মা বৰদলৈয়ে। ইয়াৰ পাছতে ভাষণ প্ৰদান কৰি ৰহাৰ স্থানীয় বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰূপায়ণ কৰা বিভিন্ন আঁচনিক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীগৰাকীৰ লগতে মন্ত্ৰী পীয়ূষ হাজৰিকাকো প্ৰশংসাৰে উপচাই পেলায়।

মুখ্যমন্ত্ৰীগৰাকীয়ে বিশাল ৰাজহুৱা সভাখনত ভাষণ প্ৰদান কৰি সবল মহিলা সবল সমাজ উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ প্ৰতিগৰাকী অৰ্হতাসম্পন্ন মহিলাক দহ হাজাৰ টকাকৈ প্ৰদান কৰি এই ধন চৰকাৰী নিয়ম অনুসৰি যদি ব্যৱহাৰ কৰে তেন্তে আগন্তুক বৰ্ষত ২৫ হাজাৰ টকা আৰু ইয়াৰ পিছৰ বৰ্ষত ৫০ হাজাৰ টকাকৈ প্ৰদান কৰিব বুলি ঘোষণা কৰে। কংগ্ৰেছ চৰকাৰে সৰ্বসাধাৰণৰ বাবে লুঙী, টুপী, ধূতী, কম্বল প্ৰদান কৰিছিল আৰু বিজেপি চৰকাৰে মহিলাসকলৰ বাবে অৰুণোদয়, নিযুত মইনা আৰু মহিলা উদ্যমিতা আঁচনি প্ৰদান কৰি ৰাইজৰ কাম কৰিছে বুলি মন্তব্য কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি অৰ্থনৈতিকভাৱে সবল কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰত গঢ়ি তুলিবলৈ অসম চৰকাৰে এনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ দ্বাৰা কেৱল মহিলাই নহয়, এখন ঘৰৰ পুৰুষজনেও সাধাৰণতে সকাহ লাভ কৰিব বুলি কয়। আনহাতে, অসমত চৰকাৰী আঁচনি লাভ কৰিবলৈ এগৰাকী মহিলাৰ ৩টাতকৈ বেছি সন্তান হ’লে তেওঁ চৰকাৰী আঁচনি লাভ নকৰিব বুলি মন্তব্য কৰি অহা ফেব্ৰুৱাৰী মাহত সকলো অৰুণোদয় লাভ কৰা মহিলাৰ বাবে ভাল খবৰ প্ৰদান কৰিব বুলি মন্তব্য কৰে।

ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে  ৰহা সমষ্টিত পুনৰ ৪ হাজাৰ মহিলাক অৰুণোদয় প্ৰদান, ৰহা মহাবিদ্যালয়ত বিজ্ঞান শাখা স্থাপন আৰু ৰহাত এখন পূৰ্ণ পৰ্যায়ৰ ষ্টেডিয়াম স্থাপন কৰিব বুলি ঘোষণা কৰে।

আনহাতে, সভাৰ অন্তত সাংবাদিকৰ আগত বক্তব্য ৰাখি মুখ্যমন্ত্ৰীয়ে কালি দিল্লীত সংঘটিত বোমা বিস্ফোৰণ সন্দৰ্ভত অসমত যিসকলে সামাজিক মাধ্যমযোগে উচটনিমূলক মন্তব্য দি আহিছে সেইসকলৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা লোৱা হ’ব আৰু ইতিমধ্যে অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে চাপৰমুখত ভাৰতীয় ৰে’লৱে বিভাগে ৮৪.৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ১,১৭৯ মিটাৰ দৈৰ্ঘ্যৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰে।

You might also like