নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্নীতিৰ ৰাণী ACS বিষয়া নূপুৰ বৰাক জামিন বিশেষ আদালতৰ

নূপুৰ বৰাৰ গুৱাহাটীৰ মালিগাঁও গোটানগৰৰ ফ্লেটত দুৰ্নীতি নিয়ন্ত্ৰণ দলে একাধিক দামী সামগ্ৰী, গহনা, নথিপত্ৰ আৰু নগদ ধন উদ্ধাৰ কৰিছিল। তদন্তত প্ৰকাশ পাইছে যে নূপুৰ বৰা নিজ আয়তকৈ প্ৰায় ৪১৬% অধিক সম্পত্তিৰ গৰাকী

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ACS অফিচাৰ নূপুৰ বৰাক আজি বিশেষ আদালতে জামিন মঞ্জুৰ কৰিছে। বিগত কিছুদিন ধৰি নূপুৰ বৰাই ৰঙাঘৰৰ আলহী হৈ আছিল।

আজি বিশেষ ন্যায়াধীশে জামিন অনুমোদন কৰে। আদালতে নিৰ্দিষ্ট চৰ্তৰ অধীনত নূপুৰ বৰাক মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে।

সূত্রমতে, নূপুৰ বৰাৰ বিৰুদ্ধে চলি থকা তদন্ত প্ৰক্ৰিয়া অব্যাহত থাকিব। দুৰ্নীতি নিয়ন্ত্ৰণ শাখাই আদালতৰ নিৰ্দেশ অনুসৰি আগন্তুক দিনত অধিক তথ্য সংগ্ৰহৰ কাম আগবঢ়াব বুলি জনোৱা হৈছে।

ACS অধিকাৰী নূপুৰ বৰাৰ বিৰুদ্ধে চলি থকা তদন্তত একৰ পৰা এক চমকপ্ৰদ তথ্য উন্মোচিত হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী সতৰ্কতা আৰু দুৰ্নীতি নিয়ন্ত্ৰণ শাখা (CM Vigilance)য়ে নূপুৰ বৰাৰ গুৱাহাটীৰ ফ্লেটত অভিযান চলাই ১ কোটি ৭০ লক্ষ টকা নগদ ধন জব্দ কৰিছিল।

তৎকালীন সময়ত নূপুৰ বৰা কামৰূপ জিলাৰ গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া হিচাপে কাৰ্যৰত আছিল। সেই সময়তে তেওঁৰ ঘনিষ্ঠ সহযোগী সুৰজিত ডেকাৰ বৰপেটাৰ বাসগৃহতো ভিজিলেঞ্চে একে সময়তে অভিযান চলাইছিল।

সূত্রমতে, নূপুৰ বৰাৰ গুৱাহাটীৰ মালিগাঁও গোটানগৰৰ ফ্লেটত দুৰ্নীতি নিয়ন্ত্ৰণ দলে একাধিক দামী সামগ্ৰী, গহনা, নথিপত্ৰ আৰু নগদ ধন উদ্ধাৰ কৰিছিল। তদন্তত প্ৰকাশ পাইছে যে নূপুৰ বৰা নিজ আয়তকৈ প্ৰায় ৪১৬% অধিক সম্পত্তিৰ গৰাকী।

ভিজিলেঞ্চে ইতিমধ্যে তেওঁৰ ৯টা বেংক একাউন্ট জব্দ কৰিছে, লগতে বৰপেটাত থকা দুটা লকাৰ, আৰু বেলতলা-জালুকবাৰীৰ মাটি সম্পত্তিৰ তথ্যও সংগ্ৰহ কৰিছে।

ইয়াৰ উপৰি জালুকবাৰীত দুটা আৰু গোটানগৰত এটা ফ্লেট নূপুৰ বৰাৰ নামত পোৱা গৈছে। তদন্তকাৰীয়ে সন্দেহ প্ৰকাশ কৰিছে যে, বৰপেটা সত্ৰৰ ভূমি সন্দেহজনক ব্যক্তিক নামজাৰী কৰাতো নূপুৰ বৰাৰ সংশ্লিষ্টতা আছিল।

এই সকলো তথ্যই দেখুৱাইছে যে নূপুৰ বৰাৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ অভিযোগ অতি গভীৰ আৰু সুসংগঠিত। আদালতে যদিও জামিন মঞ্জুৰ কৰিছে, তথাপিও ভিজিলেঞ্চৰ তদন্ত অব্যাহত থাকিব বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক, ১১ নৱেম্বৰ

You might also like