নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কনৰাড চাংমা মুখ্যমন্ত্ৰী হৈ থাকিলে মেঘালয়ৰ একো উন্নতি নহয়ঃ গাৰো পাহাৰত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী

  • মেঘালয় বিধান সভাৰ নিৰ্বাচনঃ অসম-মেঘালয় সীমান্তৰ মানিকগঞ্জ আৰু আদকগিৰিত প্ৰচাৰ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী:   সমাগত মেঘালয় বিধান সভা নিৰ্বাচনৰ বাবে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত বিজেপি দলৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহ, সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ চলাই যোৱাৰ পাছত আজি অসমৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলায় ।

আজি ডঃ শৰ্মাৰ  অন্তিম দুখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে ক্ৰমে মেঘালয়ৰ মেন্দিপথাৰ বিধানসভা সমষ্টিৰ মানিকগঞ্জ আৰু খাৰকুটা বিধানসভা সমষ্টিৰ আদকগিৰিত । মানিকগঞ্জত মেন্দিপথাৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী চেংনাথ জি মোমিনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে আদকগিৰিত খাৰকুটা বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ই,ডি মাৰাকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ড০ শৰ্মাই ।

পাঁচ সহস্ৰাধিক লোক উপস্থিত থকা আদকগিৰিৰ নিৰ্বাচনী সভাত ড৹ শৰ্মাই ৰাইজক উদ্দেশ্যি কয়- খাৰকুটা সমষ্টিৰ গাঁৱে-ভুঁঞে উন্নয়নৰ বাবে, বিদ্যুত, পানী যোগানকে আদি কৰি বিভিন্ন আঁচনি পাবৰ বাবে  পদুম ফুলত ভোট দি ই,ডি মাৰাকক বিজয়ী কৰিবলৈ ৰাইজক আহ্বান জনায় । ইয়াৰোপৰি তেওঁ এন পি পি আৰু টি এম চি দলক তীব্ৰ সমালোচনা কৰে I বৰ্তমান এই দুয়োটা দলৰ কৰ্মীসকলেও প্ৰধানমন্ত্ৰী মোদীজীয়ে পঠিওৱা চাউলৰ ভাত খাইহে ঘৰৰ পৰা ওলায় বুলি কৈ মেঘালয়ত বি জে পি চৰকাৰ গঠন হ’লে তৃণমূল পৰ্যায়লৈ নিকা আৰু স্বচ্ছতাৰে আঁচনি ৰূপায়ন কৰাৰ আশ্বাস দিয়ে I

ইপিনে মেঘালয়ত মুঠ ৬০ টা সমষ্টিত বি জে পিয়ে‌ প্ৰাৰ্থী দিয়া বুলি প্ৰকাশ কৰি টি এম চি আৰু এন পি পি প্ৰাৰ্থীক ভোট দিলে মুকুল চাংমা আৰু কনৰাড চাংমাহে ধনী হ’ব বুলি কৈ বি জে পি’ক ভোট দিলে দুখীয়া ৰাইজ ধনী হ’ব বুলি দোহাৰে মুখ্যমন্ত্ৰী গৰাকীয়েI আজিৰ এই প্ৰচাৰ সভাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগত অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমিনৰ লগতে অসম বিজে পিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে I

&

nbsp;

You might also like