নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগালেণ্ডৰ নিৰ্বাচনৰ বাবে অসমৰ বাহন অধিগ্ৰহণ; শিক্ষানুষ্ঠানৰ চৌহদত শ শ বাহন ৰখোৱাক লৈ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী:  চুবুৰীয়া ৰাজ্য নগালেণ্ডত অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ বাহন অধিগ্ৰহণ কৰা হৈছে । বিশেষকৈ মধ্য অসম আৰু নামনি অসমৰ পৰা বিভিন্ন বাহন অধিগ্ৰহণ কৰি অনা হৈছে । যাত্ৰীবাহী বাহনৰ লগতে মালবাহী বাহনো অধিগ্ৰহণ কৰা হৈছে ।

এই সন্দৰ্ভত এক সূত্ৰই জানিবলৈ দিয়া মতে, নগালেণ্ডৰ নিৰ্বাচনৰ বাবে মোতায়েন কৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নিৰাপত্তা বাহিনীৰ লোকসকলক লৈ যোৱা হ’ব । এই নিৰাপত্তা বাহিনীৰ লোকসকল ৰে’ল যোগে মৰিয়নিলৈ আহিব আৰু মৰিয়নিৰ পৰা অধিগ্ৰহণ কৰা বাহনসমূহত নগালেণ্ডৰ বিভিন্ন ঠাইলৈ লৈ যোৱা হ’ব ।

ইতিমধ্যে মৰিয়নিত অধিগ্ৰহণ কৰা শ শ বাহনে ভৰি পৰিছে । কিন্তু নিৰ্বাচনৰ বাবে অধিগ্ৰহণ কৰা বাহনসমূহ মৰিয়নিৰ শিক্ষানুষ্ঠানৰ চৌহদত ৰখোৱা কাৰ্যই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বাহনসমূহ মৰিয়নি মহাবিদ্যালয়ৰ চৌহদত থকা খেলপথাৰ আৰু মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰখোৱাৰ ব্যৱস্থা কৰা হৈছে । যাৰ ফলত বিশেষকৈ মৰিয়নি মহাবিদ্যালয়ৰ শৈক্ষিত পৰিবেশত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ।

আনহাতে, বাহনসমূহৰ চালক – পৰিচালক – হেণ্ডিমেনৰ বাবে খেলপথাৰতে অস্থায়ীকৈ শৌচাগাৰ আদি নিৰ্মাণ কৰি দিয়াৰ ফলত পৰিবেশত প্ৰভাৱ পৰাৰো আশংকা কৰা হৈছে । সচেতন ৰাইজে অধিগ্ৰহণ কৰা বাহনসমূহ উক্ত চৌহদৰ বিপৰীতে অন্যঠাইত পাৰ্কিং কৰিবলৈও প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে ।

দিব্যজ্যোতি শইকীয়া

You might also like