নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক নিজৰ পছন্দৰ স্থানত সেৱা আগবঢ়োৱাৰ অনুমতি মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৫ জুন:  আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হোজাই জিলাৰ উদালিত কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।

ডাঃ সেনাপতিৰ মাতৃ আৰু পৰিয়ালবৰ্গৰ সৈতেও মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তালাপ কৰে।

সুস্থ হৈ কৰ্তব্যত যোগদান কৰাৰ পিছত ডাঃ সেনাপতিক তেওঁৰ পছন্দৰ স্থানত সেৱা আগবঢ়াবলৈ চৰকাৰে সুবিধা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জনায়।

ক’ভিডৰ জটিল পৰিস্থিতিৰ মাজতো নিষ্ঠাৰে সেৱা আগবঢ়োৱা চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ সৈতে চৰকাৰ সদায় আছে আৰু থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

লগতে মুখ্যমন্ত্ৰীয়ে চিকিৎসকক আক্ৰমণ কৰা কোনো দোষী সাৰি যাব নোৱাৰিব আৰু দোষীয়ে কঠোৰ শাস্তি পাব বুলি মত প্ৰকাশ কৰে।

You might also like