নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলোৱে নিজৰ ধৰ্মীয় মতত চলিলে শান্তি-সম্প্ৰীতি অটুট থাকে : মুখ্যমন্ত্ৰী

🔴কোকৰাঝাৰত বাথৌ মন্দিৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

🔴ধৰ্ম হেৰালে সংস্কৃতি হেৰায়, সংস্কৃতি হেৰালে জাতিৰ পৰিচয় হেৰায়

ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ২০ ডিচেম্বৰ : কোকৰাঝাৰ বাগানশালীত নৱনিৰ্মিত বাথৌ মন্দিৰ আজি উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ড° শৰ্মাই ফিটা কাটি শুভ উদ্বোধন কৰে মন্দিৰটোৰ। ইয়াৰ পিছতেই ড° শৰ্মাই বড়ো সমাজৰ পৰম্পৰাগত সাজপাৰ পিন্ধি সম্পূৰ্ণ মাংগলিক প্ৰথাৰে বাথৌ পূজা সম্পন্ন কৰে। পদ্মশ্ৰী তথা বাথৌ মহাসভাৰ উপদেষ্ঠা ড° মংগলসিং হাজোৱাৰীয়ে ড° শৰ্মাক বাথৌ পূজা কৰায়। বাথৌ পূজা সম্পন্ন হোৱাৰ পিছত পূজাথলীত উপস্থিত থকা বাথৌ ধৰ্মীয় ভক্তসকলক উদ্দেশ্যি ড০ শৰ্মাই কয় যে ৫ কোটি টকা ব্যায় সাপেক্ষে পুন:নিৰ্মান কৰা বাথৌ মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই তেওঁ নিজকে ধন্য মানিছোঁ। তেওঁ কয়- বাথৌ ধৰ্মই প্ৰকৃতিৰ সতে নিবিড় সম্পৰ্ক প্ৰতিফলিত কৰে আৰু খেৰাই নৃত্যৰ যোগেদি বড়োসকলৰ সাংস্কৃতিক দিশটো উন্মোচিত কৰে। বাথৌ ধৰ্মৰ মহত্ব উল্লেখ কৰি ড০ শৰ্মাই সিজু গছৰ সম্পৰ্কেও বহলাই কয়। খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ৰীতি-নীতি, ধৰ্মীয় আচাৰ-ব্যৱহাৰ সংস্কৃতি চহকী বুলি মন্তব্য কৰি ড০ শৰ্মাই কয় যে অসমৰ খিলঞ্জীয়া জাতি -জনগোষ্ঠীসমুহৰ বৈশিষ্ট্য, আচাৰ-ব্যৱহাৰক স্বীকৃতি প্ৰদান কৰাৰ লগতে সুৰক্ষা প্ৰদান কৰাটো সময়ৰ আহ্বান আৰু এইক্ষেত্ৰত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি নামৰ বিভাগটোৱে এইক্ষেত্ৰত কাম কৰি আছে। তদুপৰি চৰকাৰে খিলঞ্জীয়া সকলৰ ধৰ্মীয় আৰু আধ্যাত্মিক অনুষ্ঠানসমুহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড শৰ্মাই। সাংবাদিকৰ এক প্ৰশ্নোত্তৰত ড° শৰ্মাই কয় যে বাথৌ ধৰ্মত অনন্য পবিত্ৰতা লুকাই আছে। ই মানুহৰ মাজত যুগে যুগে আধ্যাত্মিকতা আৰু প্ৰকৃতিৰ মাজত সম্পৰ্ক আৰু আত্মাৰ অবিনিশ্বৰতাক সদায়ে প্ৰমান কৰি আহিছে । সকলোকে বিশ্বমানৱৰ কল্যান আৰু অসমৰ শান্তি প্ৰগতি উন্নয়নৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই কয় যে যিয়ে যি ধৰ্মত আছে অৰ্থাৎ হিন্দুসকল হিন্দুধৰ্মত , মুছলমান সকল মুছলমান ধৰ্মত, খ্ৰীষ্টানসকল খ্ৰীষ্টান ধৰ্মত, বাথৌ সকল বাথৌ ধৰ্মত যি য’ত আছে, সেই মততে চলিলে আমি সকলোৱে শান্তি-সম্প্ৰীতিত থাকিব পাৰিম। আমি সকলোৱে বিশ্বমানৱৰ কল্যানৰ বাবে চিন্তা কৰিব লাগে আৰু খিলঞ্জীয়া ধৰ্মকেইটাক ৰক্ষণাবেক্ষণ দিব লাগে কাৰণ এই খিলঞ্জীয়া ধৰ্মকেইটাই হ’ল অসমৰ আটাইতকৈ প্ৰাচীনতম পৰম্পৰা। ধৰ্ম হেৰালে সংস্কৃতি হেৰায়, সংস্কৃতি হেৰালে জাতিৰ পৰিচয় হেৰায় আৰু সেয়েহে আমি ধৰ্মক ধৰি ৰাখিব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড° শৰ্মাই।

প্ৰেৰক শুকুৰ আকন্দ

You might also like