নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাহাৰপাৰাত বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত ড্ৰাগছ পেডলাৰ

কামৰূপৰ নগৰবেৰাৰ পাহাৰপাৰাত আৰক্ষীৰ এক অভিযানত ড্ৰাগছসহ আটক হয় এজন  সৰবৰাহকাৰী। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন গোৱালপাৰা ছেলাবড়ী গাঁৱৰ শ্বহিদুল ইছলাম|আৰক্ষীয়ে ২৮টা ড্ৰাগছভৰ্তি কন্টেইনাৰসহ আটক কৰে সৰবৰাহকাৰী শ্বহিদুলক |

টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চম্পক কলিতাৰ নেতৃত্বত চলিছিল আৰক্ষীৰ এই অভিযান | উল্লেখ্য যে নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ভিন্ন এলেকাত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। ৰাইজে এইক্ষেত্ৰত আৰক্ষীক অধিক তৎপৰ হোৱাৰ আহ্বান জনাইছে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২০ মাৰ্চ :
You might also like