নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত Jioৰ 5G সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰী: দূৰ সংযোগ ব্যৱস্থাত এক নতুন মাত্ৰা সংযোজন কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাগৃহেত অনুষ্ঠিত এক অনুষ্ঠানত মোবাইল নেটৱৰ্ক সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান জিঅ’ৰ 5G সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ উল্লেখ্য যে এই সেৱাৰে প্ৰাৰম্ভিক অৱস্থাত গুৱাহাটী মহানগৰীক সামৰি লোৱা হৈছে৷

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেশত 5G প্ৰযুক্তি থলুৱাভাৱে উদ্ভাৱন কৰা হৈছে৷ তেওঁ লগতে কয় যে বিদেশী প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তে থলুৱা প্ৰযুক্তি উদ্ভাৱনৰ জৰিয়তে ভাৰতবৰ্ষই প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ এক শক্তিশালী বাৰ্তা বিশ্ববাসীক দিবলৈ সক্ষম হৈছে৷ 5G সেৱাই এক নতুন ইতিহাস গঢ়িছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়ে ডিজিটেল ইণ্ডিয়া অভিযানক অধিক শক্তিশালী কৰাৰ লগতে প্ৰযুক্তিৰ দিশেৰে এক বৃহৎ সফলতা কঢ়িয়াই আনিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে 5G প্ৰযুক্তিয়ে দেশৰ সন্মুখত এক বৃহৎ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে৷ ইয়ে বিভিন্ন ক্ষেত্ৰ যেনে শিক্ষা, স্বাস্থ্য, কৃষি, উদ্যোগ আদিৰ ওপৰত এক ইতিবাচক প্ৰভাৱ পেলাব বুলিও তেওঁ কয়৷

5 জি সেৱা মুকলিয়ে অসমৰ জনসাধাৰণৰ বাবে সীমাহীন সুযোগৰ সৃষ্টি কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ অৰ্থনীতিৰ বিভিন্ন ক্ষেত্ৰ আৰু সামাজিক জীৱনৰ বিভিন্ন দিশত এই সেৱাই বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব৷ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত 5G সেৱা শুভাৰম্ভ কৰাৰ বাবে টীম জিঅ’ অসমক ধন্যবাদজ্ঞ জ্ঞাপন কৰে৷ জিঅ’ কমিউনিটি ক্লিনিকৰ মেডিকেল কীট, এ আৰ ভি আৰ ডিভাইছ আৰু জিঅ’ গ্লাছৰ জৰিয়তে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত 5G-এ অভূতপূৰ্ব সুবিধা আগবঢ়াব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ ইয়ে গ্ৰাম্য আৰু দুৰ্গম অঞ্চলৰ জনসাধাৰণকো উচ্ছ মানৰ স্বাস্থ্য সেৱা প্ৰদানৰ দিশত প্ৰভূত বৰঙণি যোগাবলৈ সক্ষম হ’ব বুলিও তেওঁ মন্তব্য কৰে৷

মুখ্যমন্ত্ৰীয়ে কয় যে যোগাযোগৰ ক্ষেত্ৰখনক অধিক শক্তিশালী কৰিবৰ বাবে জিঅ’ প্ৰতিষ্ঠানে ৯৫০০ কোটি টকা ইতিমধ্যে ব্যয় কৰিছে আৰু ৰাজ্যখনত 5G সেৱা সম্প্ৰসাৰণৰ বাবে অতিৰিক্তভাৱে ২৫০০ কোটি টকা ব্যয় কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ উন্নয়নৰ ক্ষেত্ৰত জিঅ’এ দায়বদ্ধতাৰে সেৱা আগবঢ়াই আহিছে৷ বিশেষকৈ বিগত ক’ভিডকালীন পৰিস্থিতি আৰু বানপানীৰ সময়ছোৱাত প্ৰতিষ্ঠানটোৱে যথেষ্ট সহায়ৰ হাত আগবঢ়োৱাৰ কথা উল্লেখ কৰি তেওঁ ইয়াৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীক ধন্যবাদজ্ঞ জ্ঞাপন কৰে৷ প্ৰতিষ্ঠানটোৱে শক্তিপীঠ কামাখ্যাত বিনামূলীয়া ৱাই-ফাই সেৱা আজিৰে পৰা শুভাৰম্ভ কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষগৰাকীক ধন্যবাদজ্ঞ জ্ঞাপন কৰি কয় যে প্ৰতিষ্ঠানটোৰ এই উদ্যোগে শক্তিপীঠখনত পৰ্যটনৰ বিকাশৰ দিশত যথেষ্ট অৰিহণা আগবঢ়াব৷ মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে প্ৰতিষ্ঠানটোৱে 5G সেৱা ৰাজ্যখনৰ প্ৰতিখন চহৰ আৰু গাঁৱলৈ দ্ৰুততাৰে সম্প্ৰসাৰণ ঘটাব৷

আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাৰ উপৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ গ্ৰপৰ প্ৰেছিডেণ্ট তৰুণ ঝুনঝুনৱালা, ৰিলায়েন্স জিঅ’ৰ ষ্টেট বিজনেছ হেড প্ৰদীপ চন্দাৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like