নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসাধীন বাঁহীবাদক দীপক শৰ্মাক সাক্ষাৎ মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশেষ বাৰ্তা, ১০ জানুৱাৰীঃ কিছুদিন পূৰ্বে শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিল জনপ্ৰিয় বাঁহীবাদক দীপক শৰ্মা। অসুস্থতাৰ পিছতে বিশিষ্ট বাঁহীবাদকগৰাকী দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছে। সেই মৰ্মে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দিছপুৰ হাস্পতালত উপস্থিত হৈ বাঁহীবাদকজনৰ স্বাস্থ্যৰ বুজ ললে মন্ত্ৰী পীযুষ হাজৰীকাই। লগতে মন্ত্ৰী হাজৰীকাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এক লাখ টকাৰ আৰ্থিক অনুদানৰ চেক শিল্পীগৰাকীক প্ৰদান কৰে। ইফালে বাঁহীবাদকগৰাকীক সাক্ষাতৰ পিছত মন্ত্ৰীগৰাকীয়ে কয় যে যদি প্ৰয়োজন হয় তেতিয়া চিকিৎসকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ বাবে তেওঁক বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হ’ব। লগতে বিশিষ্ট বাঁহীবাদকগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰে মন্ত্ৰীগৰাকীয়ে।

You might also like