নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ মতেহে মাধৱ ৰাজবংশীক দৰং-ওদালগুৰিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ দৰং ওদালগুৰি লোকসভা সমষ্টিত এইবেলি কংগ্ৰেছৰ টিকট দিবলৈয়ে কোনো নাছিল। কংগ্ৰেছে একপ্ৰকাৰ প্ৰাৰ্থিত্ব নিদিয়াৰ কথাই আছিল। পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মাধৱ ৰাজবংশীক প্ৰাৰ্থিত্ব দিয়া হৈছে। কংগ্ৰেছৰ ইমানে বেয়া অৱস্থা যে এগৰাকী প্ৰাৰ্থী দিব পৰা লোক নাই। এইদৰে কয় কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। আজি মঙলদৈ বিজেপি কাৰ্য্যালয়ত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰি বিধায়ক কলিতাই কয় যে মাধৱ ৰাজবংশীয়ে কেৱল খেলিব লাগিব কাৰণে নিৰ্বাচন খেলিব লৈছে। তদুপৰি ৰাজবংশী যে বিপুল ভোটত পৰাজিত হব সেই কথা ৰাজবংশীৰ লগতে তেওঁৰ দলীয় নেতা-কৰ্মীসকলে ভালকৈ জানে। ১১টা বিধানসভা সমষ্টিৰে গঠিত মঙলদৈ লোকসভাৰ অন্তৰ্গত এটা সমষ্টিতে কংগ্ৰেছৰ বিধায়ক আছিল যদিও তেৱোঁ বিজেপিক সমৰ্থন দিছে। মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে বিজেপি চৰকাৰক সমৰ্থন দিয়াৰ লগে লগে কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰে। তেওঁ কয় আজি মাধৱ ৰাজবংশীৰ ঘৰত নিৰ্বাচনী পৰিৱেশেই নাই। দলীয় কৰ্মীৰ অভাৱত তেওঁ কতো সভা-সমিতি কৰিব নোৱাৰি ঘৰে ঘৰে ঘূৰি ফুৰিব লগা হৈছে। বিগত ১৫/২০ বছৰে মাধৱ ৰাজবংশীৰ চেহেৰাই দেখা নাই বুলি কৈ দৰং ওদালগুৰি লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া বিপুল ভোটত জয়ী হব বুলিও দাবী কৰে।

You might also like