নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া জুবলী মিউজিক ক্লাবৰ বিহুনৃত্যৰ কৰ্মশালাৰ সামৰণি

বিশেষ বার্তা, ২৬ মাৰ্চ : নাহৰকটীয়া জুব্‌লী মিউজিক ক্লাৱৰ উদ্যোগত নৱপ্ৰজন্মক জাতীয় ক্‌ষ্টি সংস্কৃতি ধৰি ৰখাৰ মানসেৰে নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত ১৪ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈকে ১০ দিনীয়া বিহুনাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ দিয়া হয়৷ এই কৰ্মশালাত Dy বিহুৰাণী ২০১২ খ্যাত মণিকাঞ্চন কোঁৱৰে বিহুনাচৰ আৰু ৰুপম চলিহাই ঢ়োলৰ মুখ্য প্ৰশিক্ষণ দিয়াৰ লগতে প্ৰন্জল গগৈ ৰিতুপন গগৈয়ে সহযোগী ঢুলীয়া ৰুপে সহযোগ কৰে৷ অনুষ্ঠানৰ শেষৰ দিনাৰ কাৰ্যসুচীত স্থানীয় বিধায়ক তৰংগ গগৈৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু শুভেচ্ছামুলক মন্তব্যৰে অনুষ্ঠান আৰম্ভ কৰা হয়৷ ইয়াৰ পাছতেই জু্‌ব্‌লী মিউজিক ক্লাৱৰ “জাংফাই”বিহু দলৰ দ্বাৰা বিহুপ্ৰদৰ্শন হয়৷ উক্ত অনুষ্ঠানত অতিথি ৰুপে উপস্থিত থাকে প্ৰাক্তন বিধায়ক কুসুম্বৰ টাইৰাই গগৈ, বিশিষ্ট সমাজকৰ্মী প্ৰদীপ বুঢাগোসাঁই, ৰাজহচক্ৰ বিষয়া শৰৎ কুমাৰ গগৈ, ডিব্ৰুগড় জিলা সাংস্কৃতিক উন্নয়ন বিষয়া ভণিতা হীৰা দাস আৰু অসম জেষ্ঠ নাগৰিক সন্মিলন, নাহৰকটীয়া শাখাৰ বিষয় ববিয়া সকল৷ উল্লেখযোগ্য যে এই কৰ্মশালাত বিহুনাচত ১৭৬ গৰাকী আৰু ঢোনবাদনত ৫৭ জনকে ধৰি মুঠ ২৩৩ গৰাকীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে৷

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like