নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত এইবাৰ নচলে আজমলৰ জৰা-ফুঁকাৰ ৰাজনীতি : জাবেদ ইছলাম

🎯নিয়মীয়া বাৰ্তাৰে বিশেষ সাক্ষাৎকাৰ ধুবুৰীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ

🎯সাক্ষাৎকাৰ কালত স্মৰণ কৰিলে প্ৰয়াত পিতৃ জহিৰুল ইছলামক

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ এইবাৰ যথেষ্ট সঁহাৰি পাই আছো ৰাইজৰ- যতে গৈ আছোঁ। গম পাই আছোঁ- স্বতঃস্ফূর্তভাবে মানুহ আহি আছে, সমৰ্থন কৰি আছে, কাম কৰি আছে নিজে নিজে। বিশেষকৈ এআইইউডিএফ আৰু কংগ্ৰেছৰ ব্যাপক সংখ্যক আমাৰ ফালে আহিছে। যোৱাবাৰ মোৰ এটা অভিজ্ঞতা আছিল- মই নিৰ্বাচন খেলিছিলোঁ। সেই হিচাবে এইবাৰ সম্পূৰ্ণ বিপৰীতমুখী হৈছে। মানুহ চৰকাৰমুখী হৈছে। বিশেষকৈ চৰকাৰী আঁচনিবোৰ ভাল পাইছে, গ্ৰহণ কৰিছে। দুখীয়া মানুহ, বিশেষকৈ মহিলাসকল যথেষ্ট উৎসাহী আৰু চৰকাৰমুখী। তেওঁলোকৰ মন মেলিছে চৰকাৰক ভোট দিবলৈ। ধুবুৰীত নিয়মীয়া বাৰ্তাৰ হোৱা সাক্ষাৎকাৰত এইদৰে নিজৰে ভাবনা ব্যক্ত কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামে। সাক্ষাৎকাৰটোত তেওঁ ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ৩০-৩৫ শতাংশ বিসম্বাদৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰি সেই বিসম্বাদী ভোটখিনিৰ ৭০-৮০ শতাংশ বিজেপি মিত্ৰজোঁটে পাব বুলি দাবী কৰে। আনহাতে এইবেলি লোকসভা নিৰ্বাচনত ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল Anti Incumbencyৰ সন্মুখীন হোৱা বুলি দাবী কৰি জাবেদ ইছলামে কয় যে এটা সময়ত দেখেছিলো সেই ভোটখিনি কংগ্ৰেছৰ ফালে গৈছিল। কিন্তু কংগ্ৰেছৰ অৱস্থাৰ ফালে চাই আৰু ৰকিবুল হুছেইনক প্ৰাৰ্থীত্ব দিয়াৰ পিছত সেই Anti Incumbency ভোটখিনিৰ অধিক সংখ্যক আমাৰ ফালে আহিব। Anti Incumbencyৰ বাবে প্ৰতিটো সমষ্টিৰ পৰা এআইডিএফৰ অতি কমেও ২০/২৫ হাজাৰ মান ভোট কমিব বুলি অনুমান কৰা বুলিও দাবী তেওঁৰ। আনহাতে জৰা-ফুকাৰে নচলিব বুলি আজমলে গম পোৱা বুলি মন্তব্য কৰি ধুবুৰীৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ মন্তব্য, এইবাৰ জৰা-ফুকা কৰা দেখা নাই। সকলো বস্তুৰে এটা সীমা আছে। সীমা পাৰ হৈ যোৱাৰ পিছত সেই মন্ত্ৰ বিলাক, কৌশল বিলাক আৰু নাখাটে। সাক্ষাৎকাৰটোত বদৰুদ্দিন আজমলক কটাক্ষ কৰি জাবেদ ইছলামৰ মন্তব্য, বিনাশ কালে বিপৰীত বুদ্ধি। তেখেতৰ যে বিনাশ হ’ব ধুবুৰী লোকসভা সমষ্টিৰ পৰা তাৰ লক্ষণ ডেৰ-দুই বছৰ আগৰে পৰা দেখা গৈছে। আনহাতে,  আজমলৰ এক সাম্প্ৰতিক মন্তব্যৰ ওপৰত তেওঁৰ টিপ্পনী, মই ভাবোঁ এই কথাটো একদম অসংযমী  কথা। অসংবিধানিক কথা , অদূৰদৰ্শী কথাও হয়। তেওঁ  এগৰাকী বয়োজ্যেষ্ঠ লোক; ব্যৱসায়ীয়ে হোক বা ৰাজনীতিবিদ। তেখেতৰ বিৰূদ্ধে থিয় হ’লে তাক কামূৰি খাব, তাক চোবাই-চোবাই খাব- এইবিলাক কথা মানুহ গ্ৰহণ নকৰে। আৰু চাওক, তেখেতে নিজকে যদি এজন জানোৱাৰ বুলি কয়; যদি তেখেতৰ নূন্যতম জ্ঞান যদি থাকিল হয় কোৱাৰ সময়ত, তেখেতে এই কথাটো নকলে হয়। তেখেত বুঢ়া কৈছে আৰু বাঘ কৈছে- বুঢ়া বাঘৰ জংঘলত কেতিয়াও কাম নাথাকে! আৰু যেতিয়া বাঘ বুঢ়া হয় তেতিয়া কৰুণ পৰিণতি হয়। আনহাতে  ধুবুৰী-ফুলবাৰী দলঙৰ নিৰ্মাণ কাৰ্য্য আৰু ৰূপসী বিমানবন্দৰ তেওঁৰ প্ৰচেষ্টাৰ ফল বুলি কৰা বদৰুদ্দিন আজমলক দাবী নস্যাৎ কৰি জাবেদ ইছলামৰ মন্তব্য, ধুবুৰী-ফুলবাৰী দলংখন চৰকাৰে কেতিয়া অনুমোদন জনাইছিল? ২০০৮ত কৰিছিল, তেতিয়া তেওঁ সাংসদেই হোৱা নাই। তাৰপিছত মেঘালয় চৰকাৰকো লাগিব, তাৰপিছত এই দলংখন হ’ব। তেখেত  ইউডিএফৰ ভাৰতৰ এজন সাংসদ হৈ কেনেদৰে এইটো কৰিব! বিটিচিৰ প্ৰতিনিধি সকলৰ লগত বহি ৰূপচী বিমানবন্দৰটো হ’ল। এখেতে আকৌ ক’ৰ পৰা, ধুবুৰীৰ পৰা? প্ৰায় নিশ্চিত হৈ গৈছে যে এইজন ব্যক্তিক দি আৰু নচলিব, খালি মিছা কথা কয় আৰু মিছা প্ৰতিশ্ৰুতি দিয়ে। আনহাতে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন সন্দৰ্ভে তেওঁ কয় যে, ৰকিবুল হুছেইন যেতিয়া আহিল – নিজৰ সমষ্টি এৰি সেয়া মানুহে সহ্য কৰিব পাৰা নাই, মানুহৰ চকু মেল খাইছে। এইটো কিদৰে সম্ভব। এজন মানুহে ১৫ বছৰে আমাক যেনেদৰে ক্ষতি কৰিলে, দেশৰ মূলসুতিৰ পৰা আমাক বাহিৰত লৈ গ’ল, আমাৰ ব্যাপক ক্ষতিসাধন কৰিলে। আকৌ তাৰে ওপৰত আৰু এজন আমাৰ ইয়াত আহিব। গতিকে আমি নিজৰ পথাৰত, খেতিপথাৰত বেলেগক আৰু ধান ৰুৱাব নিদিওঁ; আমাৰ মাটিৰ মালিকানা আৰু বেলেগক নিদিওঁ- আমাৰ নিজৰ মানুহকে দিওঁ। সাক্ষাৎকাৰটোত নিজৰ প্ৰয়াত পিতৃক স্মৰণ কৰি জাবেদ ইছলামে কয়, মোক গ্ৰহণ কৰাটো অলপ সহজ হৈছে। মোৰ দেউতাৰ এটা অৰিহণা আছে। সকলোৱে জানে জহিৰুল ইছলামৰ কথাটো – তেখেত কেনেকুৱা আছিল বা মানুহৰ ল’গত কেনেকুৱা সম্পৰ্ক আছিল। তেখেতৰ সন্তান হিচাবে ময়ো ধৰি ৰাখিছো দেউতাৰ আদৰ্শ বিলাক – যিমান পাৰিছোঁ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like