নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিৰেই আমচাং ভ্রমণলৈ যাব মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা আমচাং অভয়াৰণ্যত পুনৰ আৰম্ভ হোৱা বেদখল মুক্ত কৰাৰ বাবে অচিৰেই গ্রহণ কৰা হ’ব পদক্ষেপ৷ শনিবাৰে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

মহানগৰীৰ হেঙেৰাবাৰীস্থিত অসম খাদী আৰু গ্রামোদ্যোগ ব’ডৰ চৌহদত নির্মাণ কৰিবলৈ লোৱা এখন উদ্যানৰ আধাৰশিলা স্থাপন কৰি আজি এই কথা উল্লেখ কৰে মুখ্যমন্ত্রীয়ে৷

উল্লেখ্য যে শনিবাৰৰ অনুষ্ঠানতেই দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই আমচাং অভয়াৰণ্যত হোৱা বেদখল আৰু বনাঞ্চলখনৰ বৃহৎ এলেকা এটা ধ্বংস কৰি স্থাপন কৰা সৃষ্টি নগৰ সন্দর্ভত বিষয়টো দৃষ্টিগোচৰ কৰে মুখ্যমন্ত্রীৰ৷ বিধায়ক বৰাই দৃষ্টিগোচৰ কৰা বিষয়টো সন্দর্ভত মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত কয়– সৃষ্টি নগৰ আৰু আমচাং আদি স্থানৰ বেদখলমুক্ত কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰা হ’ব৷ তেওঁ লগতে কয় যে নগৰ অঞ্চলত বসবাস কৰা ৰাইজে যাতে প্রকৃতিৰ নিবিড় সান্নিধ্যত জীৱন যাপন কৰিব পাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত থকা মুকলি ঠাই, বন্য জীৱ–জন্তুৰ বসতিস্থল, প্রাকৃতিক জলাশয় আদি সংৰক্ষণৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীয়ে আমচাঙত হোৱা বেদখল পর্যবেক্ষণৰ বাবেও যাব বুলি জানিবলৈ দিয়ে৷

উল্লেখ্য যে গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণে (জিএমডিএ) ১১.৯৩ কোটি টকা ব্যয়েৰে ১৪ বিঘাতকৈও অধিক ভূমিত এই উদ্যানখন নির্মাণ কৰিব৷ এই উদ্যানখনত এটা নিৰীক্ষণ টাৱাৰ, কেফেটেৰীয়া, শিশুৰ খেলা–ধূলাৰ স্থান, ধ্যান কেন্দ্র, নার্ছাৰী আদি থাকিব৷ এই প্রকল্পটো এবছৰৰ ভিতৰত সম্পূর্ণ হৈ উঠিব৷

শনিবাৰে আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত কয় যে অচিৰেই গুৱাহাটী মহানগৰীত আন দুখন উদ্যান নির্মাণ কৰা হ’ব৷ ইয়াৰে এখন মালিগাঁৱত আৰু আনখন ফাঁচীবজাৰৰ পূর্বৰ কাৰাগাৰৰ ভূমিত হ’ব৷ পুৰণি কাৰাগাৰ চৌহদত অতিশীঘ্রে এখন উদ্ভিদ উদ্যানৰ কাম আৰম্ভ কৰা হ’ব৷ সেইদৰে মালিগাঁৱৰ হাউছিং ব’ডৰ ভূমিতো আন এখন উদ্যান নির্মাণ কৰি থকা হৈছে৷ মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত ইয়াকো কয় যে চানমাৰিস্থিত জলসম্পদ আৰু জলসিঞ্চন বিভাগৰ কার্যালয় ভৱনসমূহ দিছপুৰলৈ স্থানান্তৰিত কৰি সেই স্থানৰ ২৬ বিঘা ভূমি সামৰি আন এখন উদ্যান স্থাপন কৰা হ’ব৷ ইফালে, ছুপাৰ মার্কেটত নির্মাণ হৈ থকা উৰণীয়া সেতুখন অহা দুর্গাপূজাৰ সময়ত সাজু হৈ উঠিব বুলি মুখ্যমন্ত্রীয়ে শনিবাৰে জানিবলৈ দিয়ে৷

তদুপৰি মালিগাঁও আৰু ছেৰাপভাতী উৰণীয়া সেতুৰ পাইলিঙৰ কাম আৰম্ভ হোৱা বুলি তেওঁ অৱগত কৰে৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেবিনেট সিদ্ধান্তৰ জৰিয়তে ফ্লেট ক্রয় তথা পঞ্জীয়নৰ ক্ষেত্রত উপায়ুক্তৰ অনুমতি লোৱাৰ পদ্ধতি বিলুপ্ত সাধন কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে  ইয়াকো কয় যে গুৱাহাটী পৌৰ নিগমৰ কার্যালয়লৈ নহাকৈয়ে ব্যৱসায়–বাণিজ্যৰ অনুজ্ঞাপত্র লাভৰ বাবে অনলাইনযোগে আবেদন কৰা আৰু অনলাইনযোগে মাচুল আদায় দিয়াৰ এক ৱেব প’র্টেল মুকলি কৰা হ’ব৷ শনিবাৰৰ অনুষ্ঠানত নগৰ পৰিক্রমা বিভাগৰ মন্ত্রী অশোক সিংঘল, সাংসদ কুইন ওজা, বিধায়ক অতুল বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like