নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম–নাগালেণ্ড সীমান্তত তীব্র উত্তেজনাঃ লাহৰীজানৰ ডিছাপুৰবাসীক গৃহভূমি ত্যাগৰ ভাবুকি আগ্রাসী নগাৰ

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ অসম চৰকাৰে সীমান্তৱর্তী ৰাজ্যৰ মুখ্যমন্ত্রীৰ স’তে সৌহার্দ্যপূর্ণ আলোচনাৰ প্রয়াস অব্যাহত ৰখাৰ সময়তে অতি ৰহস্যজনকভাৱে চুবুৰীয়া ৰাজ্যসমূহেই ব্যাঘাত জন্মোৱা দেখা গৈছে৷

মন কৰিব লগা কথা যে অসমৰ স’তে চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্রদেশ আৰু মেঘালয়ৰ সীমা সমস্যা দীর্ঘদিনীয়া৷ প্রায়ে সীমান্তৱর্তী এলেকাসমূহত অপ্রীতিকৰ ঘটনা সংঘটিত হৈ আহিছে যদিও এনে জটিল পৰিস্থিতিত কোনো সু–সমাধান নোলোৱাত নিজৰ ভূমিতেই বিনিদ্র ৰজনী কটাব লগাত পৰে অসমৰ সীমান্তবাসীয়ে৷

শনিবাৰে অসম–নাগালেণ্ড সীমান্তৱর্তী কার্বি আংলং জিলাৰ লাহৰীজানৰ সমীপৰ ডিছাপুৰবাসীক নগাই মাইকযোগে ভাবুকি প্রদান কৰাৰ ঘটনা সংঘটিত হয়৷ কার্বি আংলঙৰ দলদলি বনাঞ্চলৰ ডিছাপুৰবাসীক লক্ষ্য কৰি নগা লোকে মাইকযোগে সেই ঠাই পৰিত্যাগ কৰিবলৈ নির্দেশ দি সেয়া নাগালেণ্ডৰ ভূমি বুলি দাবী কৰে৷

লগতে সীমান্তবাসী অসমীয়াই যাতে কোনো ধৰণৰ নির্মাণকার্য সেই স্থানত নকৰে, তাৰ বাবেও নগাই মাইকযোগে আহ্বান জনাই সকীয়াই দিয়ে৷ নাগালেণ্ড চৰকাৰে ২০১৩ বর্ষত উক্ত স্থান চিহ্ণিত কৰা আছে বুলি উল্লেখ কৰি সকলোৱে সন্মান জনাব লাগে বুলি প্রকাশ কৰি এয়া নাগালেণ্ডৰ ভূমি বুলি দাবী কৰে৷

নগাই মাইকযোগে অসমৰ সীমান্তৱর্তী ডিছাপুৰবাসীক কয়– এজন এজনকৈ একচন ল’ম৷ আমি ভালকৈ আপোনালোকক বুজাই দি সমিলমিলেৰে থাকিম৷ অসম আৰক্ষী হ’লেও, আই আৰ বি এন হ’লেও, যিয়ে ইয়াত কাম কৰি আছে, আমি লিগেল একচন লম৷ নগাৰ ভাবুকিৰ পাছত সম্প্রতি তীব্র আতংকত ভুগিছে অসম–নাগালেণ্ড সীমান্তৱর্তী কার্বি আংলঙৰ ডিছাপুৰবাসী৷

জানিব পৰা মতে, কার্বি আংলঙৰ লাহৰীজান সমীপৰ দলদলি সংৰক্ষিত বনাঞ্চলৰ উক্ত অঞ্চলটোৰ বাসিন্দাসকল তীব্র আতংকত থকাৰ লগতে কার্বি আংলঙত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ এনে কর্মকাণ্ডই ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷

উল্লেখ্য যে শনিবাৰে উক্ত এলেকাটোৰ সমীপতে নগাৰ বৃহৎ দল এটাই এটা বাঁহ–টিঙৰ গির্জা নির্মাণ কৰি থকা এটা ভিডিঅ’সহ মাইকযোগে অসমীয়াক ভাবুকি প্রদানৰ ভিডিঅ’ ভাইৰেল হৈ পৰাত উদ্বিগ্ন সীমান্তবাসী৷ ইতিমধ্যে ঘটনাস্থলীলৈ কার্বি আংলং আৰক্ষী আৰু বন বিভাগ গৈছিল যদিও পুনৰ উভতি আহে৷

You might also like