নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ শ বিঘাৰ ৰবৰ বাগান–কল বাগান–ছাগলী ফার্ম ৰঞ্জিত ৰাভাৰ

ৰাভা হাছঙৰ বৰ কেৰাণীৰ সম্পত্তিৰ ন ন তথ্য

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উচ্চবর্গৰ সহায়ক ৰঞ্জিত ৰাভাৰ আয়ৰ সামঞ্জস্যবিহীন সম্পত্তিৰ পাহাৰৰ ন ন তথ্যই চকু কপালত তুলিছে৷ এখন স্বায়ত্ত পৰিষদৰ বৰ কেৰাণী এজনে কি উৎসৰ পৰা এনেদৰে কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী হ’ল সেয়া এক বৃহৎ প্রশ্ণ হৈ পৰিছে৷ যি সময়ত ৰাজ্যত আয়ৰ সামঞ্জস্যবিহীন সম্পত্তিৰ বাবেই আইপিএছ–এচিএছ বিষয়াই কাৰাগাৰৰ ভাত খাবলগীয়া হৈছে সেই সময়ত ৰঞ্জিত ৰাভাৰ দৰে সাধাৰণ কেৰাণী এজনে কি বলেৰে বলীয়ান হৈ মুক্তভাৱে বিচৰণ কৰিছে তাক লৈও সৃষ্টি হৈছে বৃহৎ ৰহস্য৷ আনহাতে, ৰঞ্জিত ৰাভাৰ সম্পত্তিৰ যি বৃহৎ পৰিমাণ সেয়া লক্ষ্য কৰিলে সহজেই অনুমেয় যে একমাত্র স্বায়ত্তশাসিত পৰিষদৰ ধন আত্মসাৎ কৰিয়ে এই পর্বতসম সম্পত্তি আহৰণ কৰা সম্ভৱ নহয়৷ সেইবাবেই এতিয়া ৰঞ্জিত ৰাভাৰ সম্পত্তি আহৰণৰ গোপন ৰহস্য সন্দর্ভতো তদন্তৰ দাবীৰ উত্থাপন হৈছে৷ এসময়ত আলফাৰ নাম লৈ ভয়–ভাবুকিৰে সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰাৰ অভিযোগো উত্থাপিত হৈ আহিছে এই কেৰাণীজনৰ বিৰুদ্ধে৷ গোৱালপাৰা জিলাৰ ৰংজুলিৰ মহাজনপাৰাৰ বাসিন্দা ৰঞ্জিত ৰাভাই নিজ গাঁৱতে নির্মাণ কৰি বসবাস কৰি আছে প্রাসাদোপম অট্টালিকাত৷ এই অট্টালিকাটোৰ আচবাবৰ মূল্যই কোটিৰ ওপৰত বুলি অভিযোগ উত্থাপন হৈছে৷ এই দুর্নীতিগ্রস্ত কেৰাণীজনে দক্ষিণ কামৰূপ বন সংমণ্ডলৰ অধীনৰ সুকুনীয়া সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলেৰে কদমপাৰাত গঢ়ি তুলিছে এখন বৃহৎ ৰবৰ বাগান৷

প্রায় ৫০০ বিঘা ভূমিৰ এই ৰবৰ বাগানখনত ৩২ হাজাৰ ৰবৰ গছ থকাৰ বিপৰীতে প্রতি সপ্তাহত ৬ টনকৈ উৎপাদন হয়৷ আনহাতে, ৰংজুলি আঞ্চলিক বন কার্যালয়ৰ অন্তর্গত ১৫০ বিঘা বনভূমি বেদখলেৰে শান্তিপাৰাত গঢ়ি তোলা বাগানত ১৭ হাজাৰ কলগছ, ১৫ হাজাৰ জোপা তামোল গছ, ১০ হাজাৰ লেচু, ১০ হাজাৰ আম আৰু ১০ হাজাৰ মধুৰিআমৰ গছ আছে৷ একেদৰে ৰংজুলি আঞ্চলিক বন কার্যালয়ৰ অধীনত চেঁচাপানীত ২০০ বিঘাৰ আন এক বৃহৎ ৰবৰ বাগান আছে ৰঞ্জিত ৰাভাৰ৷ ইয়াৰ উপৰি একে বন কার্যালয়ৰ অন্তর্গত মাটিয়া, বাকিটাৰীত ৬০ বিঘা আৰু কাছাদল মাজপাৰাত ৮০ বিঘাৰ আন দুখন ৰবৰ বাগান আছে দুর্নীতিগ্রস্ত কেৰাণীজনৰ৷ একেদৰে উক্ত বন কার্যালয়ৰ অন্তর্গত শান্তিপাৰাতেই ৩০ বিভাগৰ শাল বাগান এখনো আছে ৰঞ্জিত ৰাভাৰ৷ চিঙৰাতো আছে ৰঞ্জিত ৰাভাৰ ২০ বিঘা ভূমিৰ আন এক ৰবৰ বাগিচা৷ ইয়াৰ উপৰি ৰঞ্জিত ৰাভাৰ ৰংজুলি বন বিষয়াৰ কার্যালয়ৰ অন্তর্গত ৫০ বিঘা ভূমিত আছে এখন বৃহৎ ছাগলী ফার্ম৷ অকল এয়ে নহয়, গোৱালপাৰা জিলাৰ দুধনৈৰ বাবুপাৰাত ২ বিঘা, বালাচাৰাত ১ বিঘা, দুধনৈত ২ বিঘা ভূমি আছে৷ যাৰ মূল্য ৫ কোটি টকাৰ অধিক বুলি অভিযোগ উত্থাপন হৈছে৷

একমাত্র গোৱালপাৰাতে নহয়, গুৱাহাটী মহানগৰীৰ বিলাসী শ্ব’হম হাইট এপার্টমেণ্টত আছে এটা বিলাসী ফ্লেট৷ যাৰ মূল্য ১ কোটি টকা বুলি অভিযোগ উত্থাপন হৈছে৷ ইয়াৰ উপৰি মহানগৰীৰ জটিয়াৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ওচৰত ১ কঠা ৫ লেচা আৰু জটিয়া পাহাৰত ৩ কঠা ভূমি আছে, যাৰ মূল্য ২ কোটি টকাৰ অধিক বুলি অভিযোগত প্রকাশ৷ অকল এয়াই নহয়, এই বৰ কেৰাণীজনৰ বিলাসী গাড়ীৰ তালিকাখনো দীঘলীয়া৷ নামে–বেনামে এই স্বায়ত্ত পৰিষদৰ কেৰাণীজনৰ আছে এখন ফ’ড এণ্ডিভি’ৰ, এখন স্কোডা ফ’বিয়া, এখন ফক্স ৱেগনাৰ, এখন মাৰুতি অ’মনি, এখন বুলেট আদি বিলাসী বাহন৷ তদুপৰি ৰঞ্জিত ৰাভাৰ আছে এখন জেচিবি আৰু এখন ট্রেক্টৰ৷ নামে–বেনামে, বেনামী এনজি’ আৰু ভুৱা সমবায় গঠন কৰি আহৰণ কৰা এই বৃহৎ সম্পত্তিৰ উৎসক লৈ উত্থাপন হৈছে বিভিন্ন প্রশ্ণৰ৷ এজন কেৰাণীৰ বাবে সম্ভৱনে এনে কোটি কোটি টকাৰ সম্পত্তি আহৰণ? এই প্রশ্ণই এতিয়া সবাতোকৈ বৃহৎ প্রশ্ণ৷ যি সময়ত ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে, বহু শীর্ষ আমোলা–বিষয়া আয়ৰ সামঞ্জস্যবিহীন সম্পত্তিৰ বাবে তদন্তৰ আওতালৈ আহিছে, সেই সময়ত ৰঞ্জিত ৰাভাৰ দৰে কেৰাণী এজনৰ সম্পত্তিৰ তদন্ত হ’বনে নাই বুলিও প্রশ্ণ উত্থাপন হৈছে৷

You might also like