নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদী থকালৈকে কেতিয়াও প্রধানমন্ত্রী হ’ব নোৱাৰিব ৰাহুল গান্ধী

নিয়মীয়া বাৰ্তা, ১৫ মার্চ:  কর্ণাটক বিধানসভা নির্বাচনক লক্ষ্য কৰি বিজেপিয়ে আৰম্ভ কৰা বিজয় সংকল্প ৰেলীত দ্বিতীয় দিনাও ভাগ লয় অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজ্যখনৰ কনকগিৰিত  বিজয় সংকল্প ৰেলীত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিজেপিক পুনৰ ক্ষমতালৈ অনাৰ বাবে ৰাইজক আহ্বান জনায়৷ অসমৰ মুখ্যমন্ত্রীগৰাকীৰ মন্তব্য– আমাক বাবৰি মছজিদৰ প্রয়োজন নাই, আমি ৰাম জনমভূমিহে বিচাৰোঁ৷ ইয়াৰ বাবে বিজেপিক ক্ষমতালৈ আনিব লাগিব৷

আনহাতে, কংগ্রেছ নেতা ৰাহুল গান্ধীক তীব্র সমালোচনা কৰি ড০ শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী থকালৈকে ৰাহুল গান্ধী কেতিয়াও প্রধানমন্ত্রী হ’ব নোৱাৰে৷ সংবাদ প্রতিষ্ঠান এএনআইৰ উদ্ধৃতি দি তেওঁ কয় যে ৰাহুল গান্ধীয়ে লণ্ডনত ভাৰতক বদমান কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু মই তেওঁক ক’ব বিচাৰোঁ যে মোদী থকালৈকে আপুনি কেতিয়াও প্রধানমন্ত্রী হ’ব নোৱাৰে৷

ভাষণত তেওঁ উল্লেখ কৰে যে গণতন্ত্রৰ ওপৰত ৰাহুল গান্ধীৰ যি আক্রমণ, তাক দেশৰ জনতাই গ্রহণ নকৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিদেশলৈ গ’লেই মাতৃভূমিৰ প্রশংসা কৰে৷ কিন্তু ৰাহুল গান্ধীয়ে ভাৰতক বদনাম কৰে৷ কিন্তু এইটো ঠিক যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰত এদিন বিশ্বগুৰু হ’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কর্ণাটকত দেশৰ এখন অন্যতম উন্নয়নৰ ক্ষেত্র হিচাপে পৰিগণিত কৰিবৰ বাবে কাম কৰি আছে৷ ইয়াৰ বিপৰীতে কংগ্রেছে সদায়ে উন্নয়নৰ বিপৰীতে থিয় দিছে৷ কর্ণাটকত পুনৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বতে বিজেপি ক্ষমতালৈ আহিবলৈ সক্ষম হ’ব৷ তেওঁ কয়– আমি পুনৰ ক্ষমতালৈ আহিম৷ বিধানসভা নির্বাচন আমাৰ বাবে ছেমিফাইনেল৷ আমাৰ মূল লক্ষ্য হৈছে তৃতীয়বাৰৰ বাবে নৰেন্দ্র মোদীক প্রধানমন্ত্রী হিচাপে অধিষ্ঠিত কৰা৷ মোদীৰ নেতৃত্বতে অমৃতকালত ভাৰত বিশ্বগুৰু হিচাপে পৰিগণিত হ’ব৷

উল্লেখ্য যে কর্ণাটক বিধানসভাৰ নির্বাচন অহা জুন মাহৰ পূর্বে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ ২২৪ আসনযুক্ত কর্ণাটকৰ বিধানসভাৰ কার্যকাল ২৪ মে’ত অন্ত পৰিব৷ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত বিজেপিয়ে ৰাজ্যখনত আৰম্ভ কৰিছে বিজয় সংকল্প যাত্রা৷ দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতাই ইতিমধ্যে এই বিজয় সংকল্প যাত্রাত অংশ লৈ বিধানসভা নির্বাচনৰ ৰণডংকা বজাইছে৷

You might also like