নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ বায়ুত অ’জন–কার্বন মন’ক্সাইড–ছালফাৰ ডাই অক্সাইড–এম’নিয়ামৰ উপস্থিতি

  • ভয়াৱহ প্রদূষণৰ কবলত গুৱাহাটী মহানগৰী
  • বিধানসভাত মন্ত্রী কেশৱ মহন্তৰ তথ্য
  • ফেব্রুৱাৰীত একিউআইৰ পৰিমাণ ২৫৯লৈ বৃদ্ধি
  • দেশৰ প্রদূষিত ১৩১খন চহৰৰ ভিতৰত আছে অসমৰ ৫খন চহৰ

নিয়মীয়া বাৰ্তা, ১৫ মার্চ: ভয়ংকৰ বায়ু প্রদূষণৰ কবলত পৰিছে গুৱাহাটী মহানগৰ৷ ক্রমাৎ নিম্নগামী হোৱা গুৱাহাটীৰ বায়ুত এতিয়া অ’জন, কার্বন মন’ক্সাইড, নাইট্র’জেন ডাই–ক্সাইড, ছালফাৰ ডাই–ক্সাইড, সীহ আৰু এম’নিয়াৰ উপস্থিতি ধৰা পৰিছে৷ বিধানসভাত আজি এই ভয়াৱহ তথ্য প্রকাশ কৰে মন্ত্রী কেশৱ মহন্তই৷ অসম বিধানসভাৰ প্রক্রিয়া আৰু কার্যপৰিচালনাৰ নিয়মাৱলীৰ ৫৪নং নিয়মৰ অধীনত অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই গুৱাহাটীত প্রদূষণৰ মাত্রা বৃদ্ধি পোৱা বিষয় সন্দর্ভত উত্থাপন কৰা এক বাতৰিৰ প্রসংগত আজি বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱর্তন বিভাগৰ মন্ত্রী কেশৱ মহন্তই কয় যে দেশৰ ১৩১খন প্রদূষিত মহানগৰীৰ ভিতৰত অসমৰ ৫খন চহৰ আছে৷

কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ তথ্য অনুসৰি গুৱাহাটী, নগাঁও, নলবাৰী, শিৱসাগৰ আৰু শিলচৰ এই ৫খন চহৰ দেশৰ প্রদূষিত চহৰৰ তালিকাত অন্তর্ভুক্ত হৈছে৷ মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে এই চহৰকেইখনৰ বায়ু প্রদূষণৰ কাৰণ হৈছে নিম্নমান বায়ুৰ গুণগত সূচাংক (একিউআই)৷ ৰাজ্যিক প্রদূষণ নিয়ন্ত্রণ পৰিষদে শেহতীয়াকৈ প্রকাশ কৰা তথ্য অনুসৰি যোৱা ফেব্রুৱাৰী মাহত গুৱাহাটীত একিউআই ১৬০ৰ পৰা ২৫৯লৈ বৃদ্ধি হৈছিল৷

এই সূচাংকৰ মান অতি বেয়া৷ উল্লেখ্য যে বিধানসভাত  গুৱাহাটী চহৰৰ প্রদূষণৰ কথা উল্লেখ কৰি পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই গুৱাহাটীত অভাৱনীয় হাৰত একিউআইৰ মান বৃদ্ধি হোৱাটো অতি উদ্বেগজনক কথা বুলি উল্লেখ কৰে৷ প্রতিদিনে গুৱাহাটীত প্রদূষণৰ মাত্রা বৃদ্ধিয়ে জনস্বাস্থ্যৰ বাবে ভাবুকি সৃষ্টি কৰাৰ কথাও আঙুলিয়ায় বিধায়কগৰাকীয়ে৷ ইয়াৰ উত্তৰত মন্ত্রী কেশৱ মহন্তই কয় যে গুৱাহাটীৰ লগতে ৰাজ্যৰ চাৰিখন চহৰত বায়ুত কার্বন মন’ক্সাইড, নাইট্র’জেন, এম’নিয়াৰ উপস্থিতিৰ মূল কাৰণ হৈছে অভাৱনীয় হাৰত বৃদ্ধি হোৱা যান–বাহন আৰু ধূলিকণা৷ নির্মাণকার্য, যান–বাহনে উৰুৱাই অনা ধূলি আৰু নদীৰ ধূলিয়ে গুৱাহাটীৰ লগতে আন চহৰসমূহত ধূলিময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ এই সময়ছোৱাত বৰষুণৰ অভাৱেও পৰিৱেশ প্রদূষিত কৰাত অৰিহণা যোগাইছে৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে গুৱাহাটীৰ লগতে আন চহৰসমূহ প্রদূষণমুক্ত কৰাৰ বাবে ৰাষ্ট্রীয় নির্মল বায়ু আঁচনিখন কার্যকৰী কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷

ইতিমধ্যে ২০১৭ চনত এই আঁচনিৰ অধীনত গুৱাহাটীক অন্তর্ভুক্ত কৰি বায়ুৰ প্রদূষণৰ বর্ধিত সূচাংক হ্রাস কৰাৰ দিশত কাম কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত আৰম্ভ হৈছে লাইফ অভিযান৷ বৃক্ষ ৰোপণৰ কার্যসূচীৰ লগতে যান–বাহনৰ পৰা হোৱা প্রদূষণ নিয়ন্ত্রণ কৰাৰ বাবে বেটাৰীচালিত যান–বাহন, চিএনজিচালিত বাছ আদি চলোৱাৰ প্রয়াস কৰা হৈছে৷ মন কৰিবলগীয়া যে বিশ্বৰ প্রদূষিত চহৰসমূহৰ ভিতৰত গুৱাহাটীয়ে ইতিমধ্যে ৩৫ নম্বৰত স্থান পাইছে৷ বিগত ফেব্রুৱাৰী মাহৰ পৰা গুৱাহাটীত বৃদ্ধি পোৱা বায়ু প্রদূষণে জনস্বাস্থ্যলৈ নমাই আনিছে চৰম ভাবুকি৷

You might also like