নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শদিয়াত চাপাখোৱা গ্ৰীড উপকেন্দ্ৰৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শদিয়াত ১৩২/৩৩ কে ভি চাপাখোৱা গ্ৰীড উপ-কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ এই গ্ৰীড উপ-কেন্দ্ৰই প্ৰায় ২৫,০০০ গ্ৰাহকক সাঙুৰি লৈ শদিয়া আৰু সমগ্ৰ চুবুৰীয়া অঞ্চলটোৱে সন্মুখীন হৈ থকা বিদ্যুৎ সৰবৰাহৰ গুৰুতৰ সমস্যাটো সমাধান কৰিব।

ৰয়িং গ্ৰীড উপ-কেন্দ্ৰত প্ৰস্তাৱিত ১৩২ কে ভি লাইন নিৰ্মাণৰ পাছত চাপাখোৱা উপ-কেন্দ্ৰটোৱে অৰুণাচল প্ৰদেশক ১৩২ কে ভি স্তৰত বিদ্যুৎ যোগান ধৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয় ট্ৰেন্সমিছন লাইনৰ সৈতে এই উপ-কেন্দ্ৰটোৰ বাবে মুঠ প্ৰকল্প ব্যয় ৭৩.৮৭ কোটি টকাৰ কথা উল্লেখ কৰে৷ এই গ্ৰীড উপ-কেন্দ্ৰটোত ব্ৰহ্মপুত্ৰৰ ওপৰত ৯টা পাইল ফাউণ্ডেচনসহ মুঠ ১৫৮টা টাৱাৰ সামৰি ৪৩.৯৭৬ কিল’মিটাৰ দৈৰ্ঘ্যৰ ১৩২ কে ভি বিদ্যুৎ সৰবৰাহী লাইন নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে।

বিদ্যুতৰ জটিল সমস্যাটোৰ বাবে চাপাখোৱাত এতিয়ালৈ কোনো উদ্যোগ স্থাপন হোৱা নাছিল। এতিয়া ১৩২ কে ভি গ্ৰীড উপ-কেন্দ্ৰটো চাৰ্জ কৰাৰ পাছত অঞ্চলটোত বিভিন্ন ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ উদ্যোগ স্থাপনৰ বিশাল দুৱাৰ মুকলি হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। লগতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে উত্তৰ-পূব এলেকাৰ শক্তি প্ৰণালীৰ উন্নতিৰ প্ৰকল্পৰ অধীনত সমগ্ৰ অসমত ক্ৰমে- তেজপুৰ, চিলাপাথাৰ, সৰুপথাৰ, টংলা, হাজো, পল্টনবজাৰ, আমিনগাঁও আদি ঠাইত মুঠ ১১টা ২২০ আৰু ১৩২ কে ভি উপ-কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। টীয়ক গ্ৰীড উপ-কেন্দ্ৰটো শেহতীয়াকৈ আৰম্ভ কৰা হৈছে আৰু বৰ্তমান উজনি অসমৰ বৃহৎসংখ্যক গ্ৰাহকক সেৱা আগবঢ়াই আছে। বাকী ৯টা উপ-কেন্দ্ৰত কাম চলি আছে আৰু চলিত বৰ্ষৰ ডিচেম্বৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

আজিৰ এই অনুষ্ঠানৰ পৰাই শদিয়াৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ সমাপ্তি ঘটা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাৰ লগতে এতিয়াৰ পৰা শদিয়াৰ ৰাইজে নিয়মীয়া আৰু উন্নতমানৰ শক্তি লাভ কৰিবলৈ সক্ষম হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

এই অনুষ্ঠানটিত মাননীয় মন্ত্ৰীদ্বয় ক্ৰমে শ্ৰীযোগেন মহন, শ্ৰীবিমল বৰা, মাননীয় সাংসদ শ্ৰীপ্ৰদান বৰুৱা, মাননীয় বিধায়ক শ্ৰীবলীন চেতিয়া আৰু শ্ৰীভাস্কৰ শৰ্মা উপস্থিত আছিল।

You might also like