নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্দিকৈ অধ্যয়ন কেন্দ্রৰসমন্বয়ক ড০ অনুপম ডেকাৰ মইমতালি; শিক্ষার্থীৰ শৈক্ষিক বর্ষ লোকচান হোৱাৰ উপক্রম

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত আইডল কেলেংকাৰিক লৈ শৈক্ষিক মহলত ব্যাপক চর্চা চলি থকাৰ সময়তে বিশ্বৰ আগশাৰীৰ অ’পেন ইউনিভার্ছিটী ইগন’ ষ্টাডী চেণ্টাৰসমূহত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ ইগন’ ষ্টাডী চেণ্টাৰসমূহৰ একাংশ সমন্বয়কৰ স্বেচ্ছাচাৰিতাৰ বাবে ছাত্র–ছাত্রীসকলৰ এটা শৈক্ষিক বর্ষ অপচয় হোৱাৰ উপক্রম হৈছে৷

প্রাপ্ত তথ্য অনুসৰি, গুৱাহাটী সন্দিকৈ কলেজত থকা অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রথমটো ইগন’ ষ্টাডী চেণ্টাৰৰ সমন্বয়ক ড০ অনুপম ডেকাৰ স্বেচ্ছাচাৰিতাত ছাত্র–ছাত্রীসকলে এটা শৈক্ষিক বর্ষ হেৰুওৱাৰ আশংকাই দেখা দিছে৷ ইগন’ৰ নীতি–নির্দেশনা উলংঘাৰে বিগত ৭–৮ বছৰ ধৰি ড০ অনুপম ডেকাই সন্দিকৈ কলেজৰ ষ্টাডী চেণ্টাৰৰ সমন্বয়ক হিচাপে দায়িত্ব বহন কৰি আছে৷

ইগন’ৰ নিয়ম অনুসৰি এটা ষ্টাডী চেণ্টাৰত তিনি বছৰ সমন্বয়ক হিচাপে থাকিব পাৰে৷ বিশেষ কাৰণত পাঁচ বছৰৰ বাবে সমন্বয়কৰ দায়িত্ব ল’ব পাৰে৷ কিন্তু ড০ অনুপম ডেকাই ৭–৮ বছৰ ধৰি সমন্বয়কৰ দায়িত্বত থাকি নিজৰ খেয়াল–খুচি মতে ষ্টাডী চেণ্টাৰটো চলাই আহিছে৷ পৰিসংখ্যা বিভাগৰ অধ্যাপক ডেকাই ষ্টাডী চেণ্টাৰটোত থকা কিছুমান বিষয়ৰ ব্যৱহাৰিক পৰীক্ষা আজিও অনুষ্ঠিত কৰা নাই৷ যাৰ ফলশ্রুতিত ষ্টাডী চেণ্টাৰটোত অধ্যয়নৰত ছাত্র–ছাত্রীসকলৰ এটা শৈক্ষিক বর্ষ নষ্ট হোৱাৰ উপক্রম ঘটিছে৷ ড০ ডেকাই ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত নকৰাত একাংশ ভুক্তভোগী ছাত্র–ছাত্রীয়ে ইগন’ৰ উপাচার্যক অভিযোগ দাখিল কৰে৷ ছাত্র–ছাত্রীৰ অভিযোগৰ পিছতেই ইগন’ৰ উপাচার্যই গুৱাহাটীস্থিত আঞ্চলিক কেন্দ্রৰ সঞ্চালকক বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰিবলৈ নির্দেশনা জাৰি কৰে৷

সমন্বয়ক ড০ ডেকাই ছাত্র–ছাত্রীসকলে দুর্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে৷ কেৱল ছাত্র–ছাত্রীয়ে নহয়, ইগন’ৰ ষ্টাডী চেণ্টাৰটোত কর্মৰত কর্মচাৰীসকলকো ড০ ডেকাই দুর্ব্যৱহাৰ কৰি অহাৰ অভিযোগ আছে৷ ইয়াৰ উপৰি সমন্বয়ক ড০ ডেকাই আগতীয়া জাননী নিদিয়াকৈ ষ্টাডী চেণ্টাৰটোৰ কেইবাগৰাকীও কর্মচাৰীৰ দৰমহা বন্ধ কৰি দিয়ে৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রথমটো ইগন’ ষ্টাডী চেণ্টাৰত সমন্বয়ক ড০ ডেকাই চলাই অহা স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰি শিক্ষার্থীসকলৰ ভৱিষ্যৎ ৰক্ষা কৰিবলৈ ইগন’ৰ উপাচার্যক আহ্বান জনাইছে ভুক্তভোগী ছাত্র–ছাত্রী আৰু অভিভাৱকসকলে৷

You might also like