কৃষকসকলৰ পৰা ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিব চৰকাৰে
নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ আজি জনতা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এফ চি এছ এণ্ড চি এ, কৃষি আৰু ৰাজহ বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু এফ চি আই, এ এফ চি এছ চি এল, এন এ এফ ই ডি, এন এ চি অ’ এফ, এন চি চি এফ আৰু এ এছ এ এম বিকে ধৰি ক্ৰয় সংস্থাসমূহৰ প্ৰতিনিধিসকলৰ সৈতে ৰাজ্যখনত সুলভ মূল্যত ধান ক্ৰয়ৰ বাবে লোৱা পদক্ষেপসমূহৰ বিতং পৰ্যালোচনা কৰে। বৈঠকত তেখেতে এই বছৰ ৰাজ্য চৰকাৰে সমগ্ৰ অসমত ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে কৃষকসকলৰ পৰা ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা ব্যক্ত কৰে।
ধান ক্রয় সুশৃংখল আৰু ত্বৰান্বিত কৰাৰ লগতে কেৱল প্ৰকৃত কৃষকসকলেহে এই পদক্ষেপৰ সুবিধা পোৱাটো নিশ্চিত কৰিবলৈ ক্ৰয় প’ৰ্টেলত কৃষকসকলৰ পঞ্জীয়ন বৃদ্ধি কৰা আৰু ইয়াৰ বাবে ব্যাপক প্ৰচাৰ কৰিবলৈও মুখ্যমন্ত্রীয়ে নির্দেশনা প্রদান কৰে। লগতে ক্ৰয় সংস্থাসমূহক অধিক ধান ক্ৰয় কেন্দ্ৰ খোলা আৰু কৃষি আৰু এফ চি এছ এণ্ড চি এ বিভাগৰ সহযোগত যুটীয়া ক্ৰয় অভিযান চলাবলৈ নিৰ্দেশনা দিয়ে।
তদুপৰি মুখ্যমন্ত্রীয়ে কৃষকসকলৰ ভূমি সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে ৰাজহ বিভাগক এক নির্দেশাৱলী উলিয়াই অধিক কৃষকে পঞ্জীয়ন কৰিব পৰাটো সুনিশ্চিত কৰিবলৈও আহ্বান জনায়।
আজিৰ এই পর্যালোচনা বৈঠকত বিভাগীয় মন্ত্ৰী অতুল বৰা আৰু এ এফ চি এছ চি এলৰ অধ্যক্ষ ৰাজেন গোহাঁয়ো উপস্থিত আছিল।