নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ জামুগুৰিত গাঠীৰ ধন ভাঙি ৰাইজে মেৰামতি কৰিলে পথ

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ ৰজাঘৰীয়াই যাতায়তৰ সুচল ব্যৱস্থা নকৰাৰ বাবেই উপায়ন্তৰহৈ গাঁঠিৰ ধন ভাঙি অৱশেষত নিজেই চলাচলৰ একমাত্ৰ পথটো মেৰামতিৰ বাবে মাৰবান্ধি ওলাই আহিল ৰাইজ। ঢকুৱাখনা সমষ্টিৰ উত্তৰ ঢকুৱাখনা গাঁও পঞ্চায়তৰ অন্তৰ্গত জামুগুৰি, মালৌবাৰী গাঁৱৰ ৰাইজে পুৱাই হাতে হাতে কোৰ লৈ ওলাই আহি মেৰামতি কৰিলে ১ কিলোমিটাৰ পথ ৷

অতি পৰিতাপৰ কথা যে জামুগুৰি চাৰিআলিৰ পৰা মহেমাৰী সংযোগী কঢ়া বান্ধৰ পথটো বিগত সময়ত কেৱল মেৰামতি কৰাৰ নামত লাখ লাখ টকা অপচয় কৰিলে যদিও উন্নয়নৰ নামত কিন্ত শূন্য হে হ’ল৷মাজে সময়ে কেৱল সামান্য পৰিমাণে শিল বালি পেলাইয়ে বহু ধন শৰাধ কৰি আহিছে বুলি ৰাইজে অভিযোগ কৰিছে৷ এজাক বৰষুণ দিলেই যাতায়াতত ব্যাপক সমস্যাৰ উদ্ভৱ হোৱা পথটোৰ উন্নয়নৰ বাবে স্থানীয় বিধায়ক, সাংসদ তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিও কোনো সঁহাৰি নাপায় অৱশেষত ৰাইজে নিজাকৈ চলাচলৰ সুচল কৰাত হাত উজান দিয়ে।আজি দুপৰীয়া স্থানীয় ৰাইজ তথা যুৱকসকলে হাতে হাতে কোৰ-বেলচা লৈ ওলাই আহি গাঁঠিৰ ধন ভাঙি শিল বালি আনি পথতোৰ বিভিন্ন স্থানত হোৱা দ’গাত সমুহ পুতি দি যাতায়তৰ সুচল কৰে।

লোকসভাৰ সাংসদ, বিধায়ক তথা পঞ্চায়ত প্ৰতিনিধিয়ে ৰাইজৰ যাতায়াতৰ বাবে অতি প্ৰয়োজনীয় এই বিধ্বস্ত পথটো উন্নয়ন কৰি যাতায়াতৰ উপযোগী কৰি তোলাত কোনো সহাৰি নিদিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৰাইজে । সেয়ে পৰৱৰ্তী সময়ত।গুৰুত্বপূৰ্ণ পথটি নিৰ্মাণ কৰি অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰি দিবলৈ জামুগুৰি আৰু মালোবাৰী গাঁৱৰ ৰাইজে চৰকাৰ তথা প্ৰশাসনক অনুৰোধ জনাইছে ।।

You might also like