নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া ল’ৰাই অসমীয়া ল’ৰাক মাৰিছে, জাতিটোৱে আত্মমন্থনৰ সময় আহিছে

অনিমেষৰ হত্যা–ক’লা ল’ৰাৰ মৃত্যুক লৈ মুখ্যমন্ত্রী ড০ শর্মাৰ প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ উদীয়মান, উদ্যমী যুৱক অনিমেষ ভূঞাৰ হত্যা আৰু সেই হত্যাকাণ্ডৰ মূল খলনায়ক ক’লা ল’ৰা যোৱানিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি দুর্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে৷ এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে ক’লা ল’ৰা দুর্ঘটনাত মৃত্যু হোৱাৰ পাছতেই আজি পুৱাৰে পৰা অসম আৰক্ষীয়ে খুব ভাল কৰিছে, খুব ভাল কথা হ’ল এনেধৰণৰ কথা–বতৰা শুনি আছোঁ৷ কিন্তু মোৰ মনটো সন্তুষ্ট নহয়৷ কাৰণ আমাৰে অসমীয়া ল’ৰা এজনে অসমীয়া ল’ৰা এজনক মাৰিব, এনে পৰিৱেশে জাতিটোক ক’লৈ লৈ যাব? মই ভাবোঁ যে আমাৰ জাতিটোৱে যোৰহাটৰ দুর্ঘটনাৰ পৰা আকৌ এবাৰ ক’ৰবাত আত্মমন্থন কৰাৰ সময় আহি পৰিছে৷ ড্রাগ্ছৰ কেচবোৰত দেখিছোঁ৷ তাত এতিয়া ৩০–৪০ শতাংশ অসমীয়া ল’ৰা জড়িত হৈ পৰিছে৷ কর্মসংস্কৃতি বাদ দি যেতিয়া বিপথে যাব, সহজে টকা ঘটিব, তেতিয়া এনে ঘটনা ঘটিবলৈ আৰম্ভ হয়৷ অসমখনক যদি বচাব লাগে– অপৰাধপ্রৱণতা আৰু অপৰাধী শেষ হ’ব লাগিব৷ ইয়াৰ বাবে অসমবাসী বদ্ধপৰিকৰ৷ ক’লা ল’ৰাৰ মৃত্যু সন্দর্ভত ড০ শর্মাই কয় যে উদ্যোগী, উদ্যমী যুৱক অনিমেষ হত্যাৰ সৈতে জড়িত ক’লা ল’ৰা ড্রাগ্ছৰ ব্যৱসায়ৰ লগত জড়িত আছিল৷ আৰক্ষীৰ জেৰাত ক’লা ল’ৰাই সেই কথা প্রকাশ কৰি ড্রাগ্ছৰ বিৰুদ্ধে অভিযানত আৰক্ষীক সহযোগ কৰাৰ কথা কয়৷ সেই কাৰণে কালি নিশা ক’লা ল’ৰাক মৰিয়নি থানালৈ লৈ গৈ আছিল৷ যোৰহাটৰ পৰা মৰিয়নিলৈ আনি থকাৰ সময়তে ক’লা ল’ৰাই গাড়ীৰ পৰা জাঁপ মাৰি পলাবলৈ চেষ্টা কৰে৷ ক’লা ল’ৰাই জাঁপ মাৰোঁতে তেওঁক ধৰিবৰ বাবে অসম আৰক্ষীৰ জোৱানসকলো জাঁপ মাৰে আৰু জোৱানসকলো আঘাতপ্রাপ্ত হয়৷ পাছত যোৰহাট মেডিকেল কলেজ হাস্পতালে ক’লা ল’ৰাৰ মৃত্যু হয় বুলি নিশ্চিত কৰে৷

You might also like