নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মই অতি আনন্দিত কিন্তু তাৰ মাকেও চাগে হিয়া ভুকুৱাই কান্দিছে’

পুত্রৰ ঘাতকৰ মৃত্যুত সন্তোষ প্রকাশ কৰিও অনিমেষৰ মাতৃৰ ‘মাতৃ হৃদয়’ৰ কৰুণ উপলব্ধি

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ যোৰহাটৰ ট্রাক ষ্টেণ্ডত ছাত্র নেতা অনিমেষ ভূঞাক হত্যা কৰা নাৰকীয় ঘটনাৰ আজি তিনি দিন৷ ধর্মীয় ৰীতি–নীতিৰে এক আৱেগবিহ্বল পৰিৱেশত স্থানীয় ৰাহজৰ সহযোগত সমাপন হ’ল অনিমেষৰ তিলনী৷ কান্দোনৰ ৰোলৰ মাজতে তিলনীৰ দিনাহ দুখৰ সময়তো পালে এক সুখবৰ৷ দুখৰ চকুপানী টুকি টুকি তিলনীত উপস্থিত থকা স্থানীয় ৰাহজ, বিভিন্ন দল–সংগঠনৰ প্রতিনিধি তথা পৰিয়ালৰ লোকে পুৱাহ শুনিবলৈ পালে অনিমেষ হত্যাৰ মূল অভিযুক্ত ক’লা ল’ৰা আৰু নাই৷ যোৰহাট কাণ্ডৰ মূল মাষ্টাৰ মাহণ্ড তথা বিভিন্ন অপৰাধত জড়িত কুখ্যাত ড্রাগ্ছ মাফিয়া ক’লা ল’ৰা ওৰফে নীৰজ দাস ওৰফে ক’লা গুণ্ডা নিশা যোৰহাট আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে এছকর্ট গাড়ীৰ খুন্দাত প্রাণ হেৰুওৱাৰ খবৰ চাৰিওফালে বিয়পি পৰে৷ এহ খবৰ বনজুহৰ দৰে বিয়পি পৰাত দুখৰ মাজতো সুখৰ চকুপানী টোকে সকলোৱে৷ সকলোৱে একমুখে কয়– ভগৱানৰ বিচাৰত সাৰি নাযায় কোনেও৷ চকুৰ পানীৰে বাট নেদেখা অনিমেষৰ মাতৃয়ে উপস্থিত সাংবাদিকক ক’লা ল’ৰাৰ মৃত্যু সম্পর্কত এক হূদয়বিদাৰক বাক্য কৈ সকলোৰে চকু সেমেকাহ তুলিলে৷ ক’লা ল’ৰাৰ মৃত্যুত মহ আনন্দিত হৈছেছা, কিন্তু মোৰ নিচিনাকৈ ক’লা ল’ৰাৰ মাকেও হিয়া ঢ়াকুৰি কান্দিছে চাগৈ– ক’লা ল’ৰাৰ মৃত্যুত অনিমেষৰ মাতৃৰ প্রথম প্রতিক্রিয়াহ সকলোকে স্তম্ভিত কৰি তোলে৷ এহ মুহূর্তলৈকে অসম চৰকাৰৰ পৰা দিয়া প্রতিশ্রুতি মতেহ যোৰহাট জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনে ঘটনাত জড়িত সকলোকে গ্রেপ্তাৰ কৰিবলৈ তৎপৰ হৈ উঠাত সচেতন ৰাহজে প্রশাসনৰ কাম–কাজৰ শলাগ লৈছে৷ মুখ্যমন্ত্রীৰ কঠোৰ নির্দেশ মতে আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান জি পি সিঙৰ তৎপৰতাকো শলাগ লয়৷ ক’লা ল’ৰাৰ মৃত্যুয়ে সকলোকে আনন্দ দিয়া বুলি তথা ক’লা ল’ৰাৰ আত্মাহ নৰকত স্থান পাওক বুলি অজস্রজনে সামাজিক মাধ্যমত প্রচাৰ কৰাৰ লগতে আৰক্ষী প্রশাসন তথা অসম চৰকাৰক ধন্যবাদ জনাহছে৷
অনিমেষৰ প্রতি শ্রদ্ধাঞ্জলি–শান্তি সমদল
ইপিনে আজিও দেৰগাঁৱৰ প্রান্তে প্রান্তে অনিমেষলৈ শ্রদ্ধাঞ্জলি তথা মহিলা, ছাত্র–ছাত্রীৰ শান্তি সমদল উলিয়ায়৷ যোৰহাটত নৃশংস আক্রমণৰ সন্মুুখীন হৈ মৃত্যু হোৱা দেৰগাঁৱৰ ছাত্র নেতা অনিমেষৰ জন্মস্থান খকন্দগুৰি তথা সমগ্র দেৰগাঁৱত কান্দোনৰ ৰোল আজিও বন্ধ হোৱা নাহে৷ অনিমেষ হত্যাৰ মূল নায়ক ক’লা ল’ৰা ওৰফে নীৰজৰ মৃত্যুত সমগ্র অসমবাসীৰ লগতে দেৰগাঁৱৰ ৰাহজেও সন্তোষ প্রকাশ কৰিছে যদিও যোৰহাট কাণ্ডৰ লগত জড়িত প্রতিটো অপৰাধীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত অটল আছে দেৰগাঁৱৰ সকলো দল–সংগঠন তথা সর্বস্তৰৰ ৰাহজ৷ অতি সহজ–সৰল, অমায়িক, উদ্যমী যুৱক অনিমেষৰ আত্মাৰ সদ্গতিৰ অর্থে দেৰগাঁৱৰ জৰাগুৰি চাৰিআলিৰ লগতে প্রান্তে প্রান্তে ৰাহজে বন্তি প্রজলন কৰি মৌন প্রার্থনাৰে শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা দেখা গৈছে৷ আজি অঞ্চলটোৰ শতাধিক মহিলা ৰাজপথলৈ ওলাহ আহি শান্তি সমদল উলিয়ায়৷ হাতে হাতে অনিমেষৰ ফটো, বেনাৰ, প্লেকার্ড লৈ অনিমেষ হত্যাৰ প্রতিবাদত এই সমদল উলিয়াহ দোষীৰ উচিত শাস্তিৰ দাবী কৰে মহিলাসকলে৷

ক’লা ল’ৰাৰ পিতৃ মোহন দাসক ফাঁচি দিয়া, প্রতিটো অপৰাধীক কি শাস্তি দিয়ে, সেয়া ৰাজহুৱা কৰা, অনিমেষৰ প্রতিমূর্তি নির্মাণ, অনিমেষৰ পৰিয়ালত স্থায়ী সংস্থাপন দিয়া, মদৰ প্রচলন বন্ধ কৰা আদি দাবী উত্থাপন কৰি মহিলাসকলে সাংবাদিকক জানিবলৈ দিয়ে যে অনিমেষ হত্যাৰ ন্যায় নোপোৱা পর্যন্ত তেওঁলোক ক্ষান্ত নহয়৷ তদুপৰি শীঘ্রে অনিমেষৰ প্রতিমূর্তি নির্মাণ হ’বই লাগিব৷ একেদৰে দেৰগাঁও কমল দুৱৰা কলেজৰ ছাত্র–ছাত্রীসকলে আজি অনিমেষ হত্যাৰ প্রতিবাদত নগৰৰ মাজেৰে এক শান্তি সমদল উলিয়াই অনিমেষৰ প্রতি শ্রদ্ধা জনোৱাৰ লগতে দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী আৰু ৰাজ্যখনৰ পৰা এনেবোৰ দুষ্কার্যৰ অৱসান কামনা কৰে৷ অসম চৰকাৰ কৃষিমন্ত্রী অতুল বৰা, বিৰোধী দলৰ দলপতি দেৱব্রত শহকীয়া, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যেতি গগৈ আদি বিভিন্ন দল–সংগঠনৰ নেতা–কর্মী আজি তিলনীৰ দিনা ভিৰ কৰা দেখা যায়৷ উল্লেখ্য যে কৃষিমন্ত্রী অতুল বৰাহ শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে যোৰহাট মেডিকেল কলেজত অনিমেষৰ দুহ চিকিৎসাধীন বন্ধুক ক’লা ল’ৰাৰ ভেৰোণীয়া গুণ্ডাহ ভাবুকি প্রদান কৰাৰ কথা পৰিয়ালৰ লোকে জানিবলৈ দিয়াত তৎক্ষণাত যোৰহাট জিলা উপায়ুক্তৰে বার্তালাপ কৰি নিৰাপত্তা সুনিশ্চিত কৰে৷

You might also like