নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত দেওবাৰে ২৯ হিন্দুৰ বাসগৃহত অগ্নিসংযোগ

চুবুৰীয়া ৰাষ্ট্রত সংখ্যালঘুৰ ওপৰত আক্রমণ অব্যাহত

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ দুর্গাপূজা উদ্যাপনৰ সময়ৰে পৰা চুবুৰীয়া ৰাষ্ট্র বাংলাদেশত সংখ্যালঘু হিন্দু ধর্মাৱলম্বী লোকৰ ওপৰত আক্রমণ অব্যাহত আছে৷ মুছলিম দুর্বৃত্তই দুর্গাপূজাৰ সময়ত হিন্দু ধর্মাৱলম্বী লোকৰ লগতে মঠ–মন্দিৰত আক্রমণ চলোৱাৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ দেওবাৰে নিশা ৬৬ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ২৯ হিন্দু লোকৰ বাসগৃহত অগ্ণিসংযোগ কৰিছে৷ দেশখনৰ ৰাজধানী ঢ়াকাৰ পৰা ২২৫ কিলোমিটাৰ নিলগৰ এখন গাঁৱত হিন্দু ধর্মাৱলম্বী লোকৰ ২৯ বাসগৃহত অগ্ণিসংযোগ কৰিছে মুছলিম দুর্বৃত্তই৷ মাঝিপাৰা নামৰ গাঁওখনৰ হিন্দু মাছমৰীয়া যুৱক এজনে ফেচবুক পোষ্টত ইছলামক অসন্মান কৰাৰ অভিযোগৰ ভিত্তিতেই একাংশ মুছলিম দুর্বৃত্তই গাঁওখনত আক্রমণ কৰে৷

বাংলাদেশৰ স্থানীয় সংবাদ মাধ্যমত প্রকাশ কৰা অনুসৰি মাঝিপাৰা গাঁৱৰ হিন্দু ধর্মাৱলম্বী লোকৰ বাসগৃহৰ সন্মুখত আৰক্ষী মোতায়েন হৈ থকাৰ পাছতো মুছলিম দুর্বৃত্তই এই বাসগৃহত অগ্ণিসংযোগ কৰে৷ এটা বাসগৃহৰ সন্মুখত আৰক্ষীয়ে পহৰা দি থকাৰ সময়তে আন এটা বাসগৃহত অগ্ণিসংযোগ কৰা ঘটনা পোহৰলৈ আহিছে৷ অগ্ণিনির্বাপক নিয়ন্ত্রণ কক্ষই প্রকাশ কৰা মতে ২৯ আৱাসিক গৃহত অগ্ণিসংযোগ কৰাৰ লগতে দুটা ৰান্ধনি ঘৰকে ধৰি আন কেইবাটাও গৃহত অগ্ণিসংযোগ কৰে দুর্বৃত্তই৷ নিশা ৮.৪৫ বজাৰ পৰা পুৱতিনিশা ৪.১০ বজালৈ দুর্বৃত্তই বাসগৃহত অগ্ণিসংযোগ কৰে যদিও বাতৰিত প্রকাশ কৰা মতে, এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ তথ্য পোহৰলৈ অহা নাই৷

মন কৰিবলগীয়া যে দুর্গাপূজা চলি থকাৰ সময়ত কামিলা দুর্গাপূজাস্থলীত মুছলিম দুর্বৃত্তই আক্রমণ কৰাৰ সমান্তৰালকৈ চান্দপুৰ, ছটোগ্রাম, কক্স বজাৰ, বান্দৰবন, মৌলবী বাজাৰ, গাজিপুৰ, চাপাইনাৱাবগঞ্জ, ফেনি আৰু আন কেইবাখনো জিলাত হিন্দুৰ মঠ–মন্দিৰত আক্রমণ চলাই দুর্বৃত্তই লণ্ডভণ্ড কৰে৷ এই ঘটনাত ১১জন হিন্দু লোকৰ প্রাণহানি হোৱাৰ লগতে ৮৬২জন আহত হৈছে৷ উল্লেখ্য যে ইস্কন মন্দিৰ লণ্ডভণ্ড কৰি ভক্ত–পুৰোহিতক মুছলিম দুর্বৃত্তই আক্রমণৰ সময়ত দুজন ইস্কনৰ সদস্য নিহত হৈছিল৷ এই ঘটনাৰ প্রতিবাদ চলাই ইস্কন কর্তৃপক্ষই এই ঘটনাত জড়িত দুর্বৃত্তক চিনাক্ত কৰি শাস্তি বিহিবলৈ আজি পত্রযোগে বাংলাদেশ চৰকাৰক আহ্বান জনায়৷ হিন্দু মন্দিৰৰ ওপৰত আক্রমণ আৰু হিন্দু সম্প্রদায়ৰ লোকৰ ওপৰত আক্রমণ ৰোধ কৰাৰ বাবে ইস্কনে চৰকাৰক আহ্বান জনাইছে৷ মন কৰিবলগীয়া যে বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই হিন্দু ধর্মাৱলম্বী লোকক আক্রমণ আৰু মন্দিৰ লণ্ডভণ্ড কৰা দুষৃকতিকাৰীক চিনাক্ত কৰি শাস্তি বিহা হ’ব বুলি সকীয়নি দিয়াৰ পিছতো দেশখনৰ ভিন্ন প্রান্তত সংখ্যালঘু হিন্দুৰ ওপৰত আক্রমণ অব্যাহত আছে৷

You might also like