নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৰুকাৰ দিনাও সুৰাপান কৰি চলাব নোৱাৰিব গাড়ী

মুখ্যমন্ত্রীৰ সকীয়নি

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ নৱবর্ষৰ দৰে সমাগত উৰুকাৰ দিনাও সুৰাপান কৰি যান–বাহন চলোৱা লোকৰ বিৰুদ্ধে পূর্ণোদ্যমে আৰক্ষী আৰু পৰিবহণ বিভাগে কঠোৰ অভিযান চলাব৷ সুৰাপান কৰি যান–বাহন চলোৱাসকলক কঠোৰ সকীয়নি দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত চৰকাৰে গ্রহণ কৰা তেনেধৰণৰ কঠোৰ পদক্ষেপৰ বাবে এইবাৰ সেই দিন দুটাত কোনো দুর্ঘটনা ৰাজ্যখনত সংঘটিত হোৱা নাই৷ যি দুই–এটা দুর্ঘটনা সংঘটিত হৈছে, সেয়া সুৰাপানৰ বাবে সংঘটিত হোৱা ঘটনা নহয়৷

সুৰাপান কৰি যান–বাহন চলোৱাৰ বাবে এটাও দুর্ঘটনা সংঘটিত হোৱা নাই৷ অহা উৰুকাৰ দিনটোতো সুৰাপান কৰি যান–বাহন চলোৱাসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ অভিযান চলাব৷ ৰাজ্য চৰকাৰে গ্রহণ কৰা ‘ড্রিংক এণ্ড ড্রাইভ’ কার্যসূচীৰ প্রতি জনসাধাৰণে আগবঢ়োৱা অকুণ্ঠ সমর্থনৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই অসমবাসীক ধন্যবাদ জনাই এই অভিযান বছৰজুৰি চলি থাকিব বুলি কয়৷ অৱশ্যে সুৰা সেৱনৰ ক্ষেত্রত চৰকাৰৰ কোনো আপত্তি নাই বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰে যিহেতু মদৰ দোকান খুলিবলৈ দিছে, সেয়ে মদ খাবই৷ তাত চৰকাৰে বাধা দিয়াৰ নৈতিক অধিকাৰ নাই৷ কিন্তু সুৰাপান কৰি কোনেও যান–বাহন চলাব নোৱাৰে৷ লাহে লাহে সকলোৱে যাতে সুৰা কমকৈ সেৱন কৰে, তাৰ বাবেও চৰকাৰে ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই কয়৷ আনহাতে, নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে চলোৱা অভিযানৰ দৰে তীৰ–জুৱাৰ বিৰুদ্ধেও চৰকাৰে ৰাজ্যজুৰি অভিযান চলাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তীৰ–জুৱাৰ বাবেই বহু গৰিব লোকে সোণৰ গহনা আদিও শেষ কৰিছে৷ সেয়ে চৰকাৰে এই তীৰ–জুৱাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্র অভিযান আৰম্ভ কৰিব৷

You might also like