নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপ্রিলত ব’হাগ বিহুৰ পূর্বে ১১ লাখ মহিলাক ঋণৰ চেক প্রদান

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ  অসম মাইক্র’ ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি ২০২১ৰ দ্বিতীয় পর্যায়ৰ সকাহ প্রদান কার্যসূচীৰ দেওবাৰে বিশ্বনাথত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ মাইক্র’ ফাইনেঞ্চৰ ঋণৰ কিস্তি নিয়মীয়াকৈ পৰিশোধ কৰি অহা হিতাধিকাৰীৰ বাবে আঁচনিখনৰ প্রথম পর্যায় যোৱা ২৮ নৱেম্বৰত শোণিতপুৰ জিলাত শুভাৰম্ভ কৰা হৈছিল৷ ইয়াৰ জৰিয়তে ৮খন জিলাৰ হিতাধিকাৰীলৈ প্রথম পর্যায়ত ধনৰাশিৰ চেক বিতৰণ কৰা হয়৷ দ্বিতীয় পর্যায়ত বিশ্বনাথ, ধেমাজি আৰু ডিব্রুগড় জিলাৰ হিতাধিকাৰীলৈ সকাহৰ ধনৰাশিৰ চেক প্রদান কৰাৰ পদক্ষেপ লোৱা হৈছে৷ সেই অনুসৰি আজি বিশ্বনাথ জিলাৰ গহপুৰ, বিহালী, চতিয়া আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ সর্বমুঠ ৫,০২৪গৰাকী হিতাধিকাৰীলৈ সকাহৰ ধনৰাশিৰ চেক প্রদান কৰা হয়৷

উল্লেখ্য যে দ্বিতীয় পর্যায়ত বিশ্বনাথ জিলাৰ মুঠ ১২,৫৯০গৰাকী মহিলাই এই ধনৰাশিৰ চেক লাভ কৰিব৷ নিয়মীয়াকৈ ঋণৰ কিস্তি পৰিশোধ কৰি অহাসকলক ২৫ হাজাৰ টকা অথবা মুঠ অনাদায় ঋণৰ যিটো কম, সেই পৰিমাণৰ উদগনিমূলক সাহায্য প্রদান কৰিব৷ বিশ্বনাথৰ অগ্ণিকবি কমলাকান্ত ক্ষেত্রত আয়োজিত এই অনুষ্ঠানত ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বিষয়টো চৰকাৰে দুটা স্তৰত লৈছে৷ এটা স্তৰ হৈছে– নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি অহাসকলক উদগনি ধন আগবঢ়োৱা আৰু আনটো স্তৰ হৈছে ঋণ পৰিশোধ কৰিব নোৱাৰাসকলক ৰেহাই দিয়া৷ প্রথম পর্যায়ত চৰকাৰে নিয়মীয়াকৈ ঋণৰ কিস্তিৰ ধন পৰিশোধ কৰি অহাসকলক সর্বাধিক ২৫ হাজাৰ টকা পর্যন্ত দিয়াৰ ব্যৱস্থা কৰিছে৷ এই স্তৰত ১১ লাখ মহিলাই উদগনিৰ ধনৰ চেক লাভ কৰিব৷ অহা ৩১ মার্চ অথবা এপ্রিলত ব’হাগ বিহুৰ পূর্বে এইসকলে উদগনিৰ ধন লাভ কৰিব৷ এই আঁচনিৰ অধীনত সকাহ লাভ কৰা মহিলাসকলক উদগনিৰ ধনৰাশিৰ যথোচিত ব্যৱহাৰৰ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁলোকে ভৱিষ্যতে আৰু অধিক ঋণ গ্রহণৰ বাবে যোগ্যতা তেতিয়াহে আহৰণ কৰিব পাৰিব৷ মাইক্র’ ফাইনেঞ্চ প্রতিষ্ঠানসমূহকো ঋণ পৰিশোধ সন্দর্ভত উপযুক্ত সজাগতা সৃষ্টি কৰাৰ বাবে আহ্বান জনায়৷

আনহাতে, যিসকল মহিলাই মাইক্র’ ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰিব পৰা নাই, তেওঁলোকৰ বাবে অহা এক ফেব্রুৱাৰীত এটা নতুন পর্টেল মুকলি কৰা হ’ব বুলি প্রকাশ কৰি তেওঁ কয় যে পর্টেলটোৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব৷ ৰাজ্য চৰকাৰে তেওঁলোকৰ ঋণ পৰিশোধৰ ক্ষেত্রত যথোচিত সহায়–সহযোগিতা আগবঢ়াব৷ ঋণ মানে অনুদান নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ঋণৰ ধন লৈ ম’বাইল, ফ্রীজ, টিভি কিনিলে ঋণ পৰিশোধ কেনেকৈ হ’ব? ঋণৰ ধনেৰে ক্রয় কৰা হাঁহৰ কণীৰ পৰিৱর্তে হাঁহটোকে খোৱাৰ প্রৱণতা ত্যাগ কৰিব লাগিব৷ বেংকসমূহেও চালি–জাৰি নোচোৱাকৈ ঋণ দিয়াৰ পৰা আঁতৰি থাকিব লাগিব৷ ৰাজ্যৰ মাতৃসকলক দুখ–কষ্টৰ পৰা ৰেহাই দিবলৈয়ে এই আঁচনি গ্রহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই আবণ্টিত ধনেৰে ঋণ পৰিশোধ কৰি সমগ্র ঋণী ব্যৱস্থাৰ পৰা আঁতৰি অহা অথবা ঋণ পৰিশোধ কৰি পুনৰ ঋণ লৈ ব্যৱসায় কৰাৰ পথো খোলা আছে৷

ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমানৰ চৰকাৰ জনতাৰ লগত আছে৷ জনতাৰ দুখ–দুর্দশা মোচনৰ বাবে এই চৰকাৰ বদ্ধপৰিকৰ৷ এই চৰকাৰে জনতাৰ উন্নয়নৰ বাবে সকলো কাম কৰি যাব৷ উন্নয়নৰ বাবে ধন খৰচ কৰি যাব৷ বিশ্বনাথ জিলাৰ উন্নয়ন সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিশ্বনাথ জিলাৰ বিহালীত ইঞ্জিনীয়াৰিং কলেজৰ নির্মাণকার্য চলি আছে৷ বিশ্বনাথত এখন মেডিকেল কলেজৰো কাম হাতত লোৱা হৈছে৷ বিশ্বনাথ ঘাটত এটা ৰোপৱে’ প্রকল্প স্থাপনৰ প্রস্তাৱ লোৱা হৈছে আৰু ইয়াৰ কাম ২০২২ চনৰ ভিতৰত সম্পূর্ণ হ’ব৷ এই ৰোপৱে’ হৈ উঠিলে বিশ্বনাথে পর্যটনৰ ক্ষেত্রত আন এক গুৰুত্ব লাভ কৰিব৷ বিশ্বনাথৰ আৱর্ত ভৱনটোও সুন্দৰকৈ নির্মাণ কৰা হ’ব৷ আজিৰ এই অনুষ্ঠানত বিত্তমন্ত্রী অজন্তা নেওগ, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, বিধায়ক প্রমোদ বৰঠাকুৰ, ৰঞ্জিত দত্ত, উৎপল বৰা, কৃষ্ণকমল তাঁতি, সাংসদ পল্লৱলোচন দাস, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি পংকজ বৰা, অসম চাহ কোষৰ সভাপতি দিগন্ত ঘাটোৱাৰ, প্রাক্তন মন্ত্রী প্রবীণ হাজৰিকা, জিলা পৰিষদৰ সভানেত্রী মৌচুমী চাৰেঙীয়া, উপায়ুক্ত দেৱ কুমাৰ মিশ্র, আৰক্ষী অধীক্ষক লীনা দলে আদি উপস্থিত থাকে৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই বিশ্বনাথৰ বামগাঁৱৰ ৱার্ড নং ৪ৰ আদর্শ অংগনৱাড়ী কেন্দ্রটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ ব্যক্তিগত খণ্ডৰ ওমলা ঘৰবোৰৰ লগত ফেৰ মাৰিব পৰাকৈ নির্মাণ কৰা এই আদর্শ অংগনৱাড়ী কেন্দ্রটো উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত ৬৫ হাজাৰ অংগনৱাড়ী কেন্দ্র আছে৷ পূর্বৰ কংগ্রেছ চৰকাৰে এই কেন্দ্রসমূহ নির্মাণ কৰাৰ বাবে কেন্দ্রৰ পৰা টকা পাইছিল৷ কিন্তু সেই সময়ত ব্যৱস্থা যিধৰণে কৰা হৈছিল আৰু সঠিক নক্সা প্রস্তুত নকৰাৰ বাবে সেই কাম হৈ নুঠিল৷ এইবাৰ ৰাজ্য চৰকাৰে সেই কেন্দ্রসমূহ পৰিৱর্তন কৰাৰ সিদ্ধান্ত লৈছে৷ এই বছৰটোত তিনি হাজাৰ অংগনৱাড়ী কেন্দ্র পৰিৱর্তন হ’ব৷ দুই–তিনি বছৰৰ ভিতৰত ১০ হাজাৰ কেন্দ্রৰ পৰিৱর্তন সাধন হ’ব৷ অহা ১০ বছৰৰ ভিতৰত ৬৫ হাজাৰ অংগনৱাড়ী কেন্দ্রই নতুন ৰূপলৈ পৰিৱর্তিত হ’ব৷ আদর্শ অংগনৱাড়ী কেন্দ্রটো উদ্বোধন কৰাৰ পাছতেই মুখ্যমন্ত্রী ড০ শর্মাই কেন্দ্রটোৰ শিশুসকলৰ সৈতে মত বিনিময় কৰে৷ আনকি মুখ্যমন্ত্রীয়ে শিশুৰ ঢ়োল বজাই শিশুসকলক উৎসাহিত কৰাৰ লগতে শিশুসকলৰ মাজত চকলেট বিতৰণ কৰে৷

ইফালে, মুখ্যমন্ত্রী ড০ শর্মাই দেওবাৰে ধেমাজি জিলাৰ ১১ হাজাৰ মাইক্র’ ফাইনেঞ্চৰ ঋণ লোৱা মহিলালৈ চৰকাৰে আগবঢ়োৱা উদগনি আৰু সকাহ আঁচনিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে৷ ধেমাজি কছাৰী ময়দানত জিলা প্রশাসনে আয়োজন কৰা এক অনুষ্ঠানত হিতাধিকাৰীসকলক ২৫ হাজাৰ টকাৰ পৰা ১২ হাজাৰ টকালৈকে চেক বিতৰণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই চেক লওঁতে কোনো চৰকাৰী বিষয়াই চাহ–তামোল খুৱাবলৈ ক’লে ওলোটাই তেওঁৰ পৰাহে চাহ–তামোল খাবলৈ পৰামর্শ দিয়ে৷ এই চেকৰ বাবে কাকো ঘোচ নিদিবলৈ তেওঁ আহ্বান জনায়৷ এই অনুষ্ঠানত মুখ্যমন্ত্রীৰ সৈতে বিত্তমন্ত্রী অজন্তা নেওগ, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, শ্রমমন্ত্রী সঞ্জয় কিষাণ, সাংসদ প্রদান বৰুৱা, বিধায়ক ড০ অমিয় কুমাৰ ভূঞা, ভুবন পেগু, মানৱ ডেকা, ধেমাজি জিলা বিজেপিৰ সভাপতি প্রেম দত্ত আদি উপস্থিত থাকে৷ ইপিনে, মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যত একচনীয়া মাটিৰ ব্যৱস্থাও নাথাকিব বুলি উল্লেখ কৰি কয় যে মিছন বসুন্ধৰাৰ জৰিয়তে একচনীয়া মাটিত বসবাস কৰি থকা লোকসকলক প্রিমিয়াম অবিহনে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ চৰকাৰে আবণ্টন দিয়া সকলকো একে সময়তে প্রিমিয়াম অবিহনে পট্টা দিয়া হ’ব৷ সম্প্রতি ড্র’নৰ জৰিয়তে এই সম্পর্কত জৰীপ চলি আছে৷ আনহাতে, ৰাজ্যৰ কৃষকসকলক তেওঁলোকৰ উৎপাদিত ধান এফচিআইৰ ওচৰত বিক্রী কৰাৰ বাবে আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ধানৰ পৰা জলীয় ভাপ নিষ্কাশনৰ দিশত সহায়ক হোৱাকৈ যিসকল কৃষকে গ্রেইন ড্রায়িং যন্ত্র ক্রয় কৰিব বিচাৰে, সেইসকল কৃষকক তেনে যন্ত্র ক্রয়ৰ বাবদ চৰকাৰে ৫০ শতাংশ ৰাজসাহায্য আগবঢ়াব৷

You might also like