নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰঃ হতাশাৰ চিকাৰ যুৱপ্ৰজন্ম

বিশেষ বাৰ্তা, ২১ জুনঃ নতুন প্ৰজন্মৰ মাজত দিনকদিনে হতাশা বাঢ়িছে। দিনটোৰ বেছিভাগ সময় ছ’চিয়েল মিডিয়াত কটোৱা যুৱপ্ৰজন্মৰ বেছিভাগেই হতাশাত ভুগিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সন্তানৰ মানসিক স্বাস্থ্য আৰু ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল। মনোবিজ্ঞানী জন টুইঞ্জৰ মতে, “নৱপ্ৰজন্মৰ মাজত উদ্বেগ আৰু মানসিক চাপৰ অন্যতম প্ৰধান কাৰণ হ’ল অত্যধিক ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ।” প্ৰয়োজনীয়ই হওক বা অপ্ৰয়োজনীয়ই হওক, দিনটোৰ বেছিভাগ সময়তে ‘অনলাইন’ থাকে। কিন্তু সকলোৱে ইচ্ছাকৃতভাৱে নকৰে। বহুতৰ বাবে ছ’চিয়েল মিডিয়া এতিয়া কৰ্মক্ষেত্ৰৰ অংশ হৈ পৰিছে। টুইঞ্জে কয় যে ১০-১২ বছৰ পূৰ্বে কিশোৰ-কিশোৰীসকলৰ মাজত এনে কোনো সমস্যা নাছিল। কিন্তু এতিয়া ল’ৰা-ছোৱালীৰ মাজত খোৱা-বোৱা, শোৱা, সম্পৰ্ক- সকলো কথাৰ প্ৰতি অনীহা দেখা গৈছে। তেওঁলোকে সকলো বস্তুৰ পৰা বিচ্ছিন্ন হৈ অকলে সময় কটাবলৈ পছন্দ কৰে। এনে পৰিস্থিতিৰ বাবে বহুতে মহামাৰীকো দোষাৰোপ কৰিছে। ‘সামাজিক দূৰত্ব’ই মানুহৰ মনত কিমান প্ৰভাৱ পেলাইছে, সেয়া এতিয়া প্ৰতিফলিত হৈছে।

You might also like