নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যতিক্ৰমী ৰূপত শিৱসাগৰত মুখ্যমন্ত্ৰীৰ ওপজা দিন পালন যুৱ সমাজকৰ্মীৰ

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৭ সংখ্যক ওপজা দিন গুণমুগ্ধসকলে পালন কৰিছে। ইয়াৰ সমান্তৰালভাৱে শিৱসাগৰৰ যুৱ সমাজকৰ্মী লাচিত গগৈয়েও জয়সাগৰস্থ বাসভৱনত এই উপলক্ষে ১৩১জন জ্যেষ্ঠ ব্যক্তি তথা ভকত-বৈষ্ণৱক গামোচা, চেলেং, জাপি, অসমগৌৰৱ এশিঙীয়া গঁড়ৰ প্ৰতিমূৰ্তি আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান জ্ঞাপন কৰি তেওঁলোকৰ লগত মুখ্যমন্ত্ৰীৰ ওপজা দিন পালন কৰি সফল কৰ্মময় জীৱনৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।

জ্যেষ্ঠ ব্যক্তি কমলেশ্বৰ শইকীয়াই কেক কটা পৰ্ব সমাপন কৰা অনুষ্ঠানত মনৰ অনুভৱ ব্যক্ত কৰি লাচিত গগৈয়ে কয় যে কনিষ্ঠ হৈ জ্যেষ্ঠজনৰ চৰণ স্পৰ্শ কৰিলে মন-প্ৰাণ পুলকিত হৈ উঠে আৰু তেওঁলোকৰ ছত্ৰছায়াত শিৰনত হৈ পৰে। এয়া আমাৰ যশস্বী অসমীয়া সংস্কৃতিৰ অভিনৱ সৌন্দৰ্য। অসমী আইৰ সুযোগ্য সন্তানৰ ওপজা দিনৰ শুভক্ষণত সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু নিৰন্তৰভাৱে ৰাইজৰ সেৱাত কাম কৰি যাবলৈ সকলো সম্বৰ্ধিত জ্যেষ্ঠ ব্যক্তিসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে।

আনহাতে, দেৱতুল্য অতিথিসকলৰ পদধূলাই তেওঁৰ জীৱন ধন্য কৰি তুলিলে বুলি মত প্ৰকাশ কৰাৰ লগতে অসমৰ সৰ্বাংগীণ উন্নয়নৰ যাত্ৰাত মা কামাখ্যা আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মুখ্যমন্ত্ৰীক আশীৰ্বাদ প্ৰদানৰ আশা প্ৰকাশ কৰে লাচিত গগৈয়ে।

নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ১ ফেব্ৰুৱাৰী :

You might also like