টি-২০ বিশ্বকাপৰ পৰা বাহিৰ তাৰকা খেলুৱৈ, অষ্ট্রেলিয়ান শিবিৰত মোক্ষম আঘাত
নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : আসন্ন টি–২০ বিশ্বকাপৰ পূর্বে অষ্ট্রেলিয়া ক্ৰিকেট দলটো এক বৃহৎ বিপর্যয়ৰ সন্মুখীন হৈছে৷ দলটোৰ তাৰকা পেচ বলাৰ পেট কামিনছে আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত অংশগ্রহণ কৰিব নোৱাৰিব৷ ২০২৫–২৬ বর্ষৰ এছেছৰ সময়ত সন্মুখীন হোৱা পিঠিৰ আঘাতৰ পৰা সম্পূর্ণৰূপে সুস্থ হৈ নুঠাৰ বাবে কামিনছক প্রতিযোগিতাখনৰ পৰা বাদ দিয়া হৈছে৷
তদুপৰি অষ্ট্রেলিয়াই পূর্বে ঘোষণা কৰা ১৫জনীয়া দলটোত দুটা পৰিৱর্তন কৰিছে৷ পেট কামিনছৰ স্থানত ক্রিকেট অষ্ট্রেলিয়াই বেগী বলাৰ বেন ডাৰশ্বুইছক অন্তর্ভুক্ত কৰে৷ ৩১ বছৰীয়া ডাৰশ্বুইছে এতিয়ালৈকে ১৩খন টি–২০ মেচত ২০টা উইকেট দখল কৰিছে৷ ইপিনে, দলটোৰ দ্বিতীয়টো ডাঙৰ পৰিৱর্তন হৈছে মেথিড শ্বর্ট৷ দুর্বল ফর্মৰ বাবে তেওঁক অস্থায়ী দলৰ পৰা বাদ দিয়া হৈছে৷ তেওঁৰ ঠাইত মেট ৰেনশ্বক দলত অন্তর্ভুক্ত কৰা হৈছে৷ ঘৰুৱা আৰু বিবিএলত দাঙি ধৰা দুর্দান্ত ফর্মৰ বাবে ৰেনশ্বই টি–২০ বিশ্বকাপত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, তাৰকা অভিজ্ঞ বেটাৰ ষ্টিভেন স্মিথক অষ্ট্রেলিয়াৰ টি–২০ বিশ্বকাপ দলটোত অন্তর্ভুক্ত কৰাৰ পৰা বিৰত থাকে ক্রিকেট অষ্ট্রেলিয়া৷
উল্লেখযোগ্য যে বেটিং শক্তিৰে টি–২০ বিশ্বকাপলৈ সাজু হোৱা অষ্ট্রেলিয়াই অলৰাউণ্ড আক্রমণৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰিছে৷ টি–২০ বিশ্বকাপৰ বাবে ঘোষিত অষ্ট্রেলিয়া দলটো– মিচেল মার্শ্ব (অধিনায়ক), জেভিয়াৰ বার্টলেট, কুপাৰ ক’নলি, টিম ডেভিদ, বেন ডাৰশ্বুইছ, কেমেৰন গ্রীন, নাথান এলিছ, জ’ছ হেজলউড, ড্রেভিছ হেড, জ’ছ ইংলিছ, মেট কুহনেমেন, গ্লেন মেক্সৱেল, মেট ৰেনশ্ব, মার্কাছ ষ্ট’ইনিছ আৰু আডাম জাম্পা৷