নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ বেলশৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ ”মহাবিদ্যালয় সপ্তাহ”

অৰূপ ৰঞ্জন বৰ্মন
বিশেষ বাৰ্তা, ২৬ মে’: ১৯৮৭ চনতে নলবাৰী জিলাৰ বেলশৰৰ সোঁমাজত স্থাপিত উচ্চ শিক্ষানুষ্ঠান বেলশৰ শ্বহীদ স্মৃতি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ৩৫ তম্ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰ আজি শুভাৰম্ভণি হয়।আজি পুৱা পতাকা উত্তোলনেৰ চাৰিদিনীয়া বিভিন্ন কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত মহাবিদ্যালয় সপ্তাহৰ কাৰ্যসূচী মুকলি হয়।মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা দুৰ্গা কলিতাই পতাকা উত্তোলন কৰাৰ পিছতেই শ্বহীদ বেদীত শ্বহীদ তৰ্পন কৰে সহকাৰী অধ্যাপক বেনুধৰ কলিতাই।বৃক্ষৰোপন কৰে বেলশৰ থানাৰ উপ পৰিদৰ্শক দিবাকৰ কলিতাই।ইয়াৰ পিছতেই পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শিখামণি বৰাই উদ্বোধন কৰা আৰু সহকাৰী অধ্যাপক বিপুল কুমাৰ দাস আৰু ৱাহিদুৰ ৰহমানে সুন্দৰৰূপত পৰিচালনা কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত দুই শতাধিক ছাত্ৰ- ছাত্ৰীয়ে বিভিন্ন ভংগীমাত অংশ গ্ৰহন কৰি এই সাংস্কৃতিক অনুষ্ঠানটো মনোগ্ৰাহী কৰি তুলিছে।বিভিন্ন অসমীয়া কৃষ্টি- সংস্কৃতিৰ লগতে আমাৰ সমাজৰ পৰা হেৰাই যাবলৈ ধৰা আন কিছুমান কৃষ্টি-সংস্কৃতিৰ ছবিখন দাঙি ধৰাৰ চেষ্টা চলাইছে নান্দনিক সাংস্কৃতিক শোভাযাত্ৰাটোৱে।মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা শোভাযাত্ৰাটোৱে বেলশৰৰ প্ৰায় প্ৰতিটো চুবুৰীৰ মাজেৰে গৈ পুনৰ মহাবিদ্যালয়খনত অন্ত পৰে।উল্লেখ্য যে, অহা ২৮ মে’ৰ দিনা মহাবিদ্যালয়খনৰ মহাবিদ্যালয় সপ্তাহৰ সামৰণি পৰিব।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন।

You might also like