নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত দুই ড্ৰাগছ ব্যৱসায়ীক জেল-হাজোতলৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰা দুই ড্ৰাগছ ব্যৱসায়ীক আজি জেল-হাজোতলৈ প্ৰেৰণ কৰে ।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে যোগীঘোপাৰ আনিৰুল ইছলাম (২৮) আৰু ঔডুবী গাছপাৰাৰ আবুল কালাম আজাদ বুলি আৰক্ষী সূত্ৰে জনা গৈছে। আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনৰ বিৰুদ্ধে যোগীঘোপা থানাত ৫৫/২০২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল-হাজোতলৈ প্ৰেৰণ কৰে ।জনা মতে, কালি দুপৰীয়া প্ৰায় ডেৰ বজাত বেছিমাৰীত ৰাষ্ট্ৰীয় ঘাইপথত যোগীঘোপা আৰক্ষীয়ে অভিযান চলাই হেৰোইনভৰ্তি ৭ টা কন্টেইনাৰসহ ড্ৰাগছ ব্যৱসায়ী আনিৰুল ইছলামক গ্ৰেপ্তাৰ কৰে । ড্ৰাগছ ব্যৱসায়ীজনে প্ৰায় ৯ গ্ৰাম পৰিমাণৰ হেৰোইনখিনি লৈ এখন ই-ৰিক্সাৰে চলন্তাপাৰাৰ পৰা বেছিমাৰী দিশলৈ গৈ থকা সময়তে আৰক্ষীয়ে যুৱকজনক হেৰোইনসহ গ্ৰেপ্তাৰ কৰে ।আনহাতেউক্ত ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত সোধা-পোচাৰ বাবে চলন্তাপাৰাৰ দেৱজিৎ কলিতা নামৰ এজন যুৱকক আটক কৰিছিল যদিও তেওঁক আজি আৰক্ষীয়ে মুকলি কৰি দিয়া বুলি জনা গৈছে ।আনহাতে কালি সন্ধিয়া যোগীঘোপা আৰক্ষীয়ে ঔডুবীৰ গাছপাৰাত আন এক অভিযান চলাই গাছপাৰাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আবুল কালাম আজাদক গ্ৰেপ্তাৰ কৰাৰ লগতে হেৰইনভৰ্তি ৬ টা কন্টেইনাৰ জব্দ কৰে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like