নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱগঠিত ৰঙিয়া পৌৰসভাৰ প্ৰশংসনীয় পদক্ষেপ, বন্ধ নলা খুলি পানী নিষ্কাশনৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ১৮ মে’: ৰঙিয়া নগৰৰ বিভিন্ন ৱাৰ্ডত বহুকেইটা নলা বন্ধ হৈ থকা বাবে পানী নিষ্কাশন নোহোৱাত কৃত্ৰিম বানে জুৰুলা কৰি আহিছে । যাৰ প্ৰতি বছৰে নগৰখনৰ বিভিন্ন ঠাইৰ জনসাধাৰণে দুৰ্ভোগ ভুগি থাকিব লগা হৈছে । এইবাৰো এনে সমস্যাই দেখা দিয়াত নতুনকৈ গঠন হোৱা ৰঙিয়া পৌৰসভাই ঠায়ে ঠায়ে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি বন্ধ নলা খুলি দি পানী নিষ্কাশনৰ ব্যৱস্থা কৰে । বিশেষকৈ ১নং ৱাৰ্ডৰ তেতেলিগুৰী-কৰিয়াৰা পথৰ বন্ধ হৈ থকা নলাৰ কালভাৰ্ট মেৰামতি কৰি পানী নিষ্কাশনৰ ব্যৱস্থা । উক্ত বন্ধ হৈ থকা নলাটোৰ বাবে অঞ্চলটোৰ বহু পৰিয়ালৰ গৃহ বুৰ যোৱাৰ লগতে পথৰ ওপৰেৰে পানী বৈ যোৱাত যাতায়তৰ নামত দুৰ্ভোগ ভুগি থাকিব লগা হৈছিল । এই ক্ষেত্ৰত ৱাৰ্ডটোৰ পাৰিষদ তথা নৱ নিযুক্ত পৌৰপতি অমৰেন্দ্ৰ লহকৰ , উপ পৌৰপতি বিদ্যুৎ ডেকা , অভিযন্তা বসন্ত ডেকাই অতি ক্ষিপ্ৰতাৰে পানী নিষ্কাশনৰ ব্যৱস্থা কৰাৰ বাবে স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰে । ইয়াৰ উপৰিও ২ নং ৱাৰ্ডৰ ৰেলগেটৰ সমীপেৰে আৰু বনগাঁৱৰ সমীপেৰে বন্ধ নলা মেৰামতি কৰি পানী নিষ্কাশনৰ ব্যৱস্থা কৰে । আনহাতে হাইৱে’ চেফ ধাবাৰ ওচৰেৰে ৩ আৰু ৪ নং ৱাৰ্ডৰ কেইটামান বন্ধ নলা খুলি পানী নিষ্কাশনৰ ব্যৱস্থা কৰে । পৌৰসভাখনে নগৰখনৰ জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে কিছু পৰিমাণে হ’লেও সমাধান কৰাৰ চেষ্টা কৰা কাৰ্যক ৰাইজে প্ৰশংসা কৰে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like