নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত খহি পৰিল ৪ কোটি টকীয়া নৱনিৰ্মিত দলঙৰ পাৰঃ চৰাইদেউ লোকনিৰ্মাণ বিভাগ-ঠিকাদাৰৰ লুন্ঠন

বিশেষ বাৰ্তা, ১৮ মে’: চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ সমীপেদি বৈ যোৱা টিয়ক নদীৰ ওপৰত থকা চাৰি কোটিটকীয়া ব্যয়সাপেক্ষ দলংখনৰ এটা পাৰ টিয়ক নদীৰ বাঢ়নী পানীৰ সোঁতত চপৰা-চপৰে খহি পৰাৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলৰ ৰাইজ৷ বিগত চাৰি-পাঁচ দিন ধৰি একেৰাহে দি থকা ধাৰাসাৰ বৰষুণৰ ফলত সোণাৰি নগৰৰ পৰা মাত্ৰ চাৰি-পাঁচ কিলোমিটাৰ নিলগৰ সেউজীয়াপামত ঐতিহাসিক ট্ৰলী আলিৰ টিয়ক নদীৰ ওপৰত থকা পকী দলংখনৰ এটা মূৰ চপৰা-চপৰে খহি পৰাৰ ফলত এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয়৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি চৰাইদেউ জিলা লোকনিৰ্মাণ বিভাগৰ বিষয়া-ঠিকাদাৰৰ নিৰ্লিপ্ত ভূমিকা আৰু ঠিকাদাৰে মইমতালীৰে পকী দলংখনৰ দুয়োটা পাৰ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ বাবেই এনেদৰে নদীৰ সোঁতত চপৰা-চপৰে খহি পৰা পৰিলক্ষিত হৈছে আৰু দলংখনৰ উত্তৰ দিশৰ মূৰত পকী পথ বহি প্ৰকাণ্ড গাতঁৰ সৃষ্টি হৈছে। ফলত দলংখনত যিকোনো মূহুৰ্ততে সংঘটিত হ’ব পাৰে ভয়ানক দূৰ্ঘটনা। ইফালে সম্প্ৰতি নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত ফেনে-ফোটোকাৰে ওফন্দি উঠা টিয়ক নদীৰ বাঢ়নী পানীয়েও দলং খনলৈ কঢ়িয়াই আনিছে চৰম ভাবুকি। স্মতৰ্ব্য, ঐতিহাসিক ট্ৰলী আলিৰ দলংখনৰ দুয়োটা মূৰ সংযোগ কৰা পথৰ দুয়োপাৰ নিৰ্মাণ কৰা অৱস্থাত স্থানীয় ৰাইজে বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিবৰ বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰক অনুৰোধ কৰিছিল যদিও ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষই স্থানীয় ৰাইজৰ দাবীক নস্যাৎ কৰি অতি নিম্নমানেৰে নিৰ্মাণ কাৰ্য সমাপ্ত কৰিলে৷ বিশেষকৈ দলংখনৰ দুয়োটা মূৰত ব’ল্ডাৰৰ বেৰীকেট নিদিয়া আৰু সঠিকভাৱে ৰুলাৰ নমৰাৰ বাবেই পথছোৱা নদীৰ বুকুত জাহ যোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে৷
প্ৰেৰক দীপাংকৰ পাল

You might also like