নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাসাৰ বৰষুণৰ বাবে কাইলৈ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ আহ্বান মহানগৰ জিলা উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ কাইলৈ কামৰূপ মহানগৰ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্রই আগজাননী প্রেৰণ কৰাৰ পাছত সকলো বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান বন্ধ ৰখাৰ পৰামর্শ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই৷ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহ কাইলৈ বন্ধ ৰাখিবলৈ তেওঁ আহ্বান জনাইছে৷ অৱশ্যে ইতিমধ্যে নির্ধাৰিত হৈ থকা পৰীক্ষাসমূহ চলি থাকিব পাৰিব৷

You might also like