নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধানে থাককঃ  ১৮ জুনলৈ বৰষুণৰ আগজাননী

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ অহা ১৮ জুনলৈ ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রই৷ গুৱাহাটীৰ উপৰি ৰাজ্যৰ ভিন্ন প্রান্তত ১৮ জুনলৈ বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্রই সদৰী কৰিছে৷ তথ্যানুসৰি ১৫ আৰু ১৬ জুনত ৰাজ্যৰ ভিন্ন প্রান্তত প্রৱল বৃষ্টিপাতৰ সম্ভাৱনা প্রকাশ কৰা হৈছে৷ সেই হেতু ৰাজ্যত ৰেড এলার্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্রই৷ তদুপৰি ১৭ আৰু ১৮ জুনত ঠায়ে ঠায়ে পাতলীয়াৰ পৰা ধাৰাসাৰ বৰষুন হোৱাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰিছে৷ এই দুয়োটা দিনৰ বাবে অৰেঞ্জ এলার্ট জাৰি কৰা হৈছে৷ বিগত ২৪ঘণ্টাত ৰাজ্যৰ বৰপেটাত ১৭, পাণ্ডুত ১৩, চানমাৰিত ১২, নলবাৰী, টিহুত ১১, মঙলদৈত ১১, বহলপুৰত ১০, কোকৰাঝাৰত ৯, গোসাঁইগাঁৱত ৯, পথৰুঘাটত ৮, বাস্কাত ৯, মুছলপুৰত ৭ চেণ্টিমিটাৰ বৰষুণ হৈছে৷ আনহাতে কাইলৈ গুৱাহাটীত ৭ৰ পৰা ২০ চেণ্টিমিটাৰ আৰু ১৭জুনত ৭ৰ পৰা ১১ চেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্রকাশ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই৷ অর্থাৎ আগন্তুক তিনিদিনত নেৰা নেপেৰা বৰষুণৰ পৰা ৰাজ্যবাসীয়ে সকাহ লাভ নকৰিব৷ গুৱাহাটীৰ লগতে বিভিন্ন স্থানত হোৱা বৰষুণত ৰাজ্যৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে৷ বহু স্থানত বাঢ়নী পানীয়ে বিস্তৃর্ণ অঞ্চল প্লাৱিত কৰিছে৷ এনে সময়তে আগন্তুক সময়ত অধিক অঞ্চল বাঢ়নী পানীত বুৰ যোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷

You might also like