নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত নিখিল ভাৰত মুক্তিযুঁজাৰু সন্মিলনীৰ সভাপতি কৃষ্ণকান্ত লহকৰৰ প্ৰয়াণঃ মুখ্যমন্ত্ৰী-দল-সংগঠনৰ শোক প্ৰকাশ

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: নিখিল ভাৰত মুক্তি যুঁজাৰু সন্মিলনীৰ সভাপতি কৃষ্ণ কান্ত লহকৰৰ ৯৪ বছৰ বয়সত আজি পুৱা ৯.৫০ বজাত ৰঙিয়াৰ মুৰাৰাস্থিত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে । অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনীৰ সভাপতিৰো দায়িত্বতো আছিল মুক্তিযোদ্ধা কৃষ্ণ লহকৰ । মুক্তিযোদ্ধা গৰাকীৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰে । লগতে আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসে শোক প্ৰকাশ কৰে । আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই মুক্তিযোদ্ধা গৰাকীৰ বাসভৱনত উপস্থিত হৈ তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে । মুক্তিযোদ্ধা লহকৰৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই বহু গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায় । ইয়াৰ উপৰিও ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱন প্ৰাংগণত মুক্তিযোদ্ধা গৰাকীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । উক্ত স্থানত ৰঙিয়া পৌৰসভা , কৃষক শ্বহীদ ভৱন , প্ৰাক্তন বিধায়ক অনন্ত ডেকা , প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ বিবুলাৰ ৰহমান , বিজেপিৰ জিলা সমিতি , ৰঙিয়া পাইকাৰী সমবায় সমিতি , ৰঙিয়া আঞ্চলিক ছাত্র সন্থা , যুৱ ছাত্ৰ পৰিষদ , জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনী , জিলা ক্ৰীড়া সন্থা , প্ৰগতি সংঘ , ৰঙিয়া কলেজ , অসম বাৰ্তাজীৱী সংঘ , উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থা , সাধনা , স্বস্তি হস্পিতল , ৰঙিয়া প্ৰেছ ক্লাব , ৰঙিয়া ৰণদিয়া সাহিত্য সভা , ৰঙিয়া কেন্দ্ৰীয় বিহু সন্মিলনী আদি বিভিন্ন দল-সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জনায় । ইয়াৰ পিছতে জিলা প্ৰশাসনে ৰাজ্যিক মৰ্যদাৰে মুক্তিযোদ্ধা গৰাকীৰ অন্ত্যষ্টিক্ৰিয়া সম্পন্ন কৰে । উল্লেখ্য যে অবিভক্ত কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত চাপনিয়াত ১৯২৮ চনৰ ৬ ফেব্ৰুৱাৰীত ৰামমল লহকৰ আৰু স্বৰ্ণময় লহকৰৰ ঔৰসত জন্মগ্ৰহণ কৰিছিল । মুক্তি যোদ্ধা গৰাকীয়ে । চাৰি গৰাকী ভাই-ককাইৰ মাজত মুক্তি যোদ্ধা গৰাকী আছিল জ্যেষ্ঠ । লহকৰে ৰঙিয়াৰ চেপ্তি প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণৰ পাতনি আৰম্ভ কৰাৰ পিছত লঘুনুৰাম মাইনৰ স্কুলত শিক্ষা গ্ৰহণ কৰে । ১৯৪২ চনত লহকৰে ১৪ বছৰ বয়সত স্বাধীনতা আন্দোলনৰ প্ৰতি আকৃষ্ট হৈ পৰে ‌। সমগ্ৰ ভাৰত বৰ্ষৰ লগতে ৰঙিয়াতো প্ৰয়াত মুক্তি যোদ্ধা কামিনী মোহন শৰ্মাৰ নেতৃত্বত পূৰ্ণগতিত চলি থকা স্বাধীনতা আন্দোলনৰ প্ৰতি অনুপ্ৰাণিত হয় কৃষ্ণ লহকৰ । ভাৰত বৰ্ষক বৃটিছৰ শাসনৰ পৰা মুক্ত কৰাৰ পনলৈ তেওঁ স্বাধীনতা আন্দোলনত পুৰ্ণ সহযোগ কৰে । সেই সময়ত শ্ৰেণী বৰ্জন কাৰ্য্যসূচীতো অংশগ্ৰহণ কৰিছিল । সেইবাবে আৰক্ষীয়ে কৃষ্ণ লহকৰ সহ প্ৰায় ১০-১৫ গৰাকী ছাত্ৰক বিদ্যালয়লৈ অহাটো বন্ধ কৰি দিয়ে । ইয়াৰ পিছতো লহকৰে অধিক সক্ৰিয়তাৰে স্বাধীনতা আন্দোলনত নামি পৰে । উক্ত আন্দোলনৰ বাবে কেইবাগৰাকী আন্দোলনকাৰীৰ লগতে কৃষ্ণ লহকৰকো বৃটিছ চৰকাৰে আটক কৰিছিল । কিন্তু বয়স কম হোৱাৰ বাবে কৃষ্ণ লহকৰৰ বাহিৰে আন সকলোকে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । ইয়াৰ পিচটো আন্দোলনৰ পৰা আঁতৰি নাহি লহকৰে আন কেইবাগৰাকী আন্দোলনকাৰীৰ লগ লাগি অধিক সক্ৰিয়তাৰে দেশৰ হকে নামি পৰে । পৰৱৰ্তী সময়ত বহু দেশপ্ৰেমিকৰ আত্মবলিদানৰ পিছত ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতাৰ লাভ কৰে । পৰৱৰ্তী সময়ত লহকৰে শিক্ষা সমাপ্ত কৰি প্ৰয়াত বৈকুণ্ঠ নাথ চক্ৰৱৰ্তীৰ লগত স্ত্ৰী শিক্ষাৰ বাবে ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত এখন স্কুল স্থাপন কৰে । ঘৰে ঘৰে গৈ ছোৱালী সকলক অভিভাবকৰ লগত কথা পাতি নামভৰ্তি কৰায় । ১৫ গৰাকী ছাত্ৰীৰে বিদ্যালয় আৰম্ভ কৰি চাৰি বছৰ শিক্ষকতা কৰাৰ পিচত তেওঁ ১৯৫৪ চনত তেজপুৰৰ অনু কলিতাৰ লগত বিবাহ পাশত আবদ্ধ হয় । বিবাহৰ এবছৰ পিচতে গুৱাহাটী চানমাৰী ইঞ্জিনীয়াৰিং কলেজত নামভৰ্তি কৰে । তেনে সময়তে লহকৰে এটা পুত্ৰ সন্তানৰ পিতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ লগতে ইঞ্জিনীয়াৰিং ডিপ্লমা সম্পন্ন কৰি গুৱাহাটী গড়কাপ্তানি বিভাগত চাকৰিত যোগদান কৰে । গুৱাহাটীৰ পিচতে একেটা বিভাগতে শ্বিলঙলৈ বদলি হৈ তাত কৰ্মৰত হৈ থাকে যদিও পিচত চাকৰি বাদ দি ৰঙিয়ালৈ উভতি আহে । ৰঙিয়ালৈ উভতি আহি লহকৰে ৰঙিয়া টাউন কমিটিত কনিষ্ঠ অভিযন্তা হিচাপে যোগদান কৰে । ইয়াৰ লগে লগে ৰঙিয়াৰ বিভিন্ন সামাজিক কামৰ লগত জড়িত হৈ পৰে । এনেদৰে ৰঙিয়াত কৰ্মৰত হৈ থকা সময়তে ১৯৬৬ চনত ৰাজ্যিক পৰিবহন বিভাগত চাকৰিত যোগদান কৰে । প্ৰায় ২৪ বছৰ পৰিবহন বিভাগত ক্ৰমে গুৱাহাটী আৰু তেজপুৰত কৰ্মৰত হৈ অৱশেষত পিচত সহকাৰী কাৰ্য্যবাহী অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰে । ইফালে অৱসৰৰ পিচত পুণৰ ৰঙিয়াৰ বিভিন্ন সামাজিক কাম-কাজৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ ১৯৯২ চনত মুক্তি যোদ্ধা কামিনী মোহন শৰ্মাৰ উপদেশ মতে অসম চৰকাৰৰ মুক্তি যোদ্ধাৰ পেঞ্চনৰ বাবে আবেদন কৰে । অসম চৰকাৰে পিচত ২০০৮ চনত লহকৰকৰা মুক্তি যোদ্ধা হিচাপে স্বীকৃতি প্ৰদান কৰি পেঞ্চন প্ৰদান কৰে । পিচত তেওঁ অসম চৰকাৰৰ মুক্তি যোদ্ধা সমিতিৰ এডভেইচাৰী বৰ্ডৰ সদস্য ৰূপে নিৰ্বাচিত হয় । ইয়াৰ পিচতে মুক্তি যোদ্ধা গৰাকীয়ে সৰ্বভাৰতীয় মুক্তি যোদ্ধা সন্মিলনৰ উপসভাপতিৰ দায়িত্ব গ্ৰহন কৰে । ২০১১ চনত ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে মুক্তি যোদ্ধা গৰাকীক ৰাষ্ট্ৰপতি ভৱনত সম্ভৰ্ধনা জনাইছিল । ইয়াৰ পিচতে বিহাৰ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ আদিকে কৰি কেইবাখনো ৰাজ্যৰ ৰাজ্য চৰকাৰৰ পৰা মুক্তি যোদ্ধা গৰাকীয়ে সম্ভৰ্ধনা লাভ কৰিবলৈ সক্ষম হৈছিল। মুক্তি যোদ্ধা গৰাকীক অসম চৰকাৰৰ ফালৰ পৰা কেইবাবাৰো সম্ভৰ্ধনা জনোৱাৰ লগতে প্ৰতিবছৰে গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসত ৰঙিয়া মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সম্ভৰ্ধনা জনোৱা হৈছিল । ইফালে ২০১৬ চনৰ পৰা একেৰাহে মৃত্যুৰ আগমুহুৰ্তলৈকে অসম মুক্তি যোদ্ধা সন্মিলনৰ সভাপতিৰ দৰে গুৰু দায়িত্ব বহন কৰি আহিছিল ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like