নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসমত ফুটবল প্ৰতিভাৰ অভাৱ নাই’ মৰিয়নিত ফুটবল খেলি দৰ্শকৰ মন মুহিলে আই এছ এলৰ ফুটবলাৰ প্ৰাঞ্জল ভূমিজে

বিশেষ বাৰ্তা, ৮ আগষ্টঃ ইণ্ডিয়ান চুপাৰ লীগ চমুকৈ আই এছ এলৰ বিগত বৰ্ষৰ চেম্পিয়ন দল মুম্বাই চিটী এফ চি-ৰ নিৰ্ভৰযোগ্য খেলুৱৈ প্ৰাঞ্জল ভূমিজে মৰিয়নিত ফুটবল খেলি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। মৰিয়নি ক্ৰীড়া সন্থাৰ আমন্ত্ৰণ ক্ৰমে আজি সুদক্ষ ফুটবলাৰজন আজি মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত উপস্থিত হয়হি। প্ৰাঞ্জল ভূমিজ একাদশ আৰু ৰূপজ্যোতি কুৰ্মী একাদশৰ মাজত এখন ফুটবল মেচও অনুষ্ঠিত হয়। দল দুটাক নেতৃত্ব দিয়ে ক্ৰমে প্ৰাঞ্জল ভূমিজ আৰু ৰূপজ্যোতি কুৰ্মীয়ে। উত্তেজনাপূৰ্ন খেলখন ১ – ১ গ’লত ড্ৰ হৈ ৰয়। অধিকাংশ চেমনীয়া খেলুৱৈৰে গঠিত প্ৰাঞ্জল ভূমিজ একাদশৰ দলটোৰ খেলে দৰ্শকক আপ্লুত কৰে। খেলৰ ২২ মিনিটত ৰূপজ্যোতি কুৰ্মী একাদশৰ হৈ দেৱগুন পাটনায়কে হেড কৰি এটা গ’ল দি দলক বিৰতিলৈকে আগুৱাই ৰাখে। দ্বিতীয়াৰ্দ্ধত প্ৰাঞ্জল ভূমিজ একাদশে আক্ৰমণ বৃদ্ধি কৰে। ৯ মিনিটত প্ৰাঞ্জল ভূমিজে মিডফিল্ডৰ পৰা অকলে বল লৈ আগুৱাই তীব্ৰ শ্বটেৰে গ’ল দি খেলত সমতা স্থাপন কৰে। প্ৰাঞ্জলৰ খেলে আজি উপস্থিত দুই হাজাৰৰো অধিক ক্ৰীড়াপ্ৰেমীৰ মন জয় কৰে। খেলখনত প্ৰাঞ্জলে লোৱা আকৰ্ষণীয় শ্বট, দুৰ্দান্ত স্কিল আদিৰ প্ৰদৰ্শনে ৰাইজক আপ্লুত কৰি তোলে। ইফালে, ৰূপজ্যোতি কুৰ্মীয়েও আজি দীৰ্ঘদিনৰ পিছত খেলপথাৰত অৱতীৰ্ণ হৈ সুন্দৰ খেল প্ৰদৰ্শন কৰে। খেলখন পৰিচালনা কৰে প্ৰাঞ্জল পাওগাম, মিকু পাওগাম, মুন নায়ক আৰু নেইনা ভূমিজে। ইয়াৰ পূৰ্বে মৰিয়নি ক্ৰীড়া সন্থাৰ সভাপতি ৰূপজ্যোতি কুৰ্মীৰ লগতে ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলে ফুটবলাৰজনক উষ্ণ আদৰণি জনায়। আৰম্ভণীতে স্থানীয় একাংশ ফুটবলাৰে আই এছ এলৰ ফুটবলাৰজনক আদৰি আনে। আনহাতে, দিব্যজ্যোতি শইকীয়াই আঁ‌ত ধৰা চমু অনুষ্ঠানত মৰিয়নি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা ফুলৰ থোপা, চেলেং, গামোচা, টি – চাৰ্ট, অভিনন্দন পত্ৰ আদিৰে প্ৰাঞ্জল ভূমিজক বিপুল সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি পেছাদাৰী ফুটবলাৰ জনে কয়- অসমত ফুটবলৰ প্ৰতিভাৰ অভাৱ নাই। অসমৰ চুকে কোণে আছে প্ৰতিভাৱান ফুটবল খেলুৱৈ । মাথোঁ তেওঁলোকক সঠিক পথত আগুৱাই নিয়াৰ প্ৰয়োজনীয়তা আছে। এই ক্ষেত্ৰত ক্ৰীড়া সংগঠনসমূহৰ ভূমিকা সবাতোকৈ বেছি বুলিও তেওঁ লগতে উল্লেখ কৰে। তেনে কৰিলে অসমৰ ফুটবলাৰে সমগ্ৰ দেশতেই দপদপাই থাকিব পাৰিব বুলি লগতে মন্তব্য কৰে। আই এছ এলৰ দৰে প্ৰতিযোগিতাসমূহে ভাৰতীয় ফুটবলৰ উত্তৰণত যথেষ্ট অৱদান আগবঢ়াইছে বুলি তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে। আনহাতে, মুম্বাই চিটী এফ চিৰ হৈ আই এছ এলত চেম্পিয়ন হোৱাটো তেওঁৰ অন্যতম ভাল লগা মূহুৰ্ত বুলি উল্লেখ কৰি দক্ষ ফুটবলাৰজনে ভাৰতীয় চিনিয়ৰ ফুটবল দলৰ অংশ হোৱাটো তেওঁৰ অন্যতম লক্ষ্য বুলি মন্তব্য কৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like