নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰাইজক কৰা প্ৰতাৰণাৰ ফল ভুগিব কংগ্ৰেছ-এ আই ইউ ডি এফে’

🔹 নগাঁৱত মাৰাথন নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

বিশেষ বাৰ্তা, ২০ এপ্ৰিল : ধিং, ৰূপহী, চামগুৰি আৰু লাহৰীঘাটত এইবাৰ কংগ্ৰেছ নাথাকিব। কংগ্ৰেছ চাফা হৈ যাব । এ আই ইউ ডি এফ ইতিমধ্যে নাইকিয়া হৈছে । গতিকে আমি নিশ্চয়কৈ জিকিম । ভাল ভোটত আমাৰ প্ৰাৰ্থী সুৰেশ বৰা জিকিব ।- এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। আজি নগাঁৱৰ বেছামাৰীৰ বিশাল নিৰ্বাচনী সভা সম্বোধন কৰাৰ পিছত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। তেওঁ আৰু কয় যে সাংসদ হিচাপে প্ৰদ্যুত বৰদলৈয়ে কোনো কামেই নকৰিলে । অৰ্থাৎ কংগ্ৰেছে কামেই নকৰিলে । অকল শোষণ কৰিলে । অকল মানুহক ঠগিলে । অকল তুষ্টিকৰণ কৰিলে । এ আই ইউ ডি এফেও কি কৰিলে, সেয়া সকলোৱে দেখিছে ৷ কেৱল প্ৰতাৰণা কৰিলে ৷ সেয়ে এইবাৰ প্ৰতাৰণৰ ফল কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ভুগিব আৰু বিজেপি দলে জয়লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷

তেওঁ কয় যে কালিও ধিঙত মুখ্যমন্ত্ৰীৰ সভাত অগণন লোক ওলাই আহিছে, গতিকে ডেফিনেটলী আমি জয়লাভ কৰিম। উল্লেখ্য যে অহা ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনক লৈ নগাঁও লোকসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী কুচকাৱাজ তুংগত উঠা পৰিলক্ষিত হৈছে ৷ দিনে-নিশাই ভোটাৰৰ মন জয় কৰাৰ বাবে চলাই গৈছে ধাৰাবাহিক প্ৰচাৰ অভিযান ৷ ফলত সমষ্টিটোত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী পৰিৱেশ ৷ এনে পৰিৱেশৰ মাজতে শনিবাৰে সমষ্টিটোৰ ধিঙৰ বেছামাৰীত আয়োজিত বিজেপিৰ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত সমৱেত হোৱা বিপুল জনসমাগত উৎফুল্লিত হৈ পৰে মন্ত্ৰী পীয়ূষ হাজৰিকা।

You might also like