নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈত নিশা জুবিনৰ সংগীতানুষ্ঠানত সুৰাপায়ীৰ তাণ্ডৱ

🔹 ফলা বাঁহৰ কোবত বেহুচ যুৱক, সুৰক্ষাকৰ্মীলৈ শিল নিক্ষেপ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : মঙলদৈ ভেবাৰঘাট কৃষ্টি সংঘৰ খেলপথাৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী বিহুৰ শেষ নিশাৰ কাৰ্যসূচীত এজাক অসুৰৰূপী উদণ্ড যুৱকৰ চৰম অসভ্যালি আৰু হিংসাত্মক আচৰণে জুবিনৰ সুৰীয়া কাৰ্যক্ৰমত ব্যাঘাত জন্মায়। মাত্ৰ ১২ ঘন্টা পূৰ্বে মঙলদৈ গান্ধী ময়দানত সদৌ মঙলদৈৰ বিহুৰ পাপনৰ গীতৰ তালে তালে নাচি আনন্দ-উল্লাস প্ৰকাশ কৰা স্মৃতি মঁচ নৌযাওঁতেই মঙলদৈৰ কেন্দ্ৰীয় ৰঙালী বিহুত এচাম মুখাপিন্ধাৰ উদ্ভণ্ডালিয়ে সকলোকে স্তম্ভিত কৰি তুলিছে। লক্ষণীয় যে যোৱানিশা সন্ধিয়াৰে পৰা আৰম্ভ হোৱা বতাহ-বৰষুণৰ মাজতো প্ৰায় ৩০ হাজাৰ দৰ্শক মঙলদৈ ভেবাৰঘাটৰ ৰাজহুৱা বাছ আস্থানৰ সমীপৰ কেন্দ্ৰীয় ৰঙালী বিহুতলীত সমৱেত হৈছিল। মঙলদৈৰ দাঁতি কাষৰীয়া এলেকাৰ লগতে টংলা, ওদালগুৰি, কলাইগাঁও, দলগাঁও, খাৰুপেটীয়া, ছিপাঝাৰ আনকি ৰৌতা, ওৰাঙৰ পৰাও শিল্পী জুবিনক ভালপোৱা সকলো মঙলদৈগামী হৈছিল। লক্ষ্য আছিল এটাই- জুবিনৰ গীত শুনা আৰু এপলক প্ৰত্যক্ষ কৰি স্মৃতি সজীৱ কৰা। গভীৰ আগ্ৰহে জুবিনপ্ৰেমীক বতাহ-বৰষুণ-ধুমুহায়ো বাধা দিব পৰা নাছিল। নিশা ১০ মান বজাত বৰষুণ কমি অহাৰ পাছত মঞ্চলৈ আহে জুবিন, পৰিৱেশন কৰিবলৈ লয় এটাৰ পাছত আনটো জনপ্ৰিয় গীত। গীতৰ মাজতে আনন্দৰ বন্যাত উটি যায় যুৱচাম। আৰম্ভ কৰে অনাকাংক্ষিত আচৰণ। আকণ্ঠ সুৰাত ডুবি থকা এচামে বিহুতলীত সেই উদ্ভণ্ডালি নিয়ন্ত্ৰণত নিয়োজিত আৰক্ষী-অৰ্ধসামৰিক বাহিনীলৈ নিক্ষেপ কৰে শিল আৰু বাঁহৰ সৰু সৰু টুকুৰা, গছৰ ফেৰেঙনি। উদণ্ডচামৰ অভিযোগ- পুলিচে কিয় গীতৰ লহৰত নাচি থকা যুৱকক লাঠী চলাব। ইপিনে, আৰক্ষীয়ে লাঠী নচলালে পৰিস্হিতি যে নিয়ন্ত্ৰণ নহয়, সেই কথা সুৰাপায়ীক বুজোৱা হৈ পৰে টান। এনে বাদ-বিবাদৰ মাজতে জুবিনে মঞ্চত আৰম্ভ কৰে নাহৰ এলবামৰ যুগজয়ী বিহু। মঞ্চলৈ বিহুৰ আগমনত দৰ্শকৰ মাজৰ ঠেলা-হেঁচা আৰু পুলিচৰ নিয়ন্ত্ৰণৰ সমগ্ৰ পৰিৱেশ হৈ পৰে শিশুসুলভ লুকা-ভাকু। যাৰ বাবে গভীৰ নিশা এফালৰ পৰা উদণ্ড যুৱকক খেদি পঠিয়াবলৈ আৰক্ষীয়ে চলোৱা লাঠীচালনাত কেইবাজনো আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্তৰ মাজৰে এজনৰ অৱস্থা সংকটজনক হোৱাত দুজন যুৱকে ডাংকোলাকৈ ধৰি নি চিকিৎসা প্ৰদানৰ দিহা কৰে। অৱশ্যে, শিলগুটি নিক্ষেপত আৰক্ষীও আঘাতপ্ৰাপ্ত হয়। এনে অনাকাংক্ষিত পৰিৱেশক লৈ বহুতে অসন্তুষ্টি প্ৰকাশ কৰে।

প্ৰেৰক দিগন্ত শৰ্মা

You might also like