নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ সকলো বিধায়কে টিকট নাপাবও পাৰেঃ জিতেন্দ্র সিং

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ আসন্ন বিধানসভা নির্বাচনত কংগ্রেছে ছিটিং–গেটিং ফর্মুলাৰে প্রার্থিত্ব প্রদান নকৰে৷ অর্থাৎ জয়ৰ সম্ভাৱনা নাথাকিলে বর্তমানৰ বিধায়কেও টিকট নাপাব৷ আজি সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি দিছে এআইচিচিৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে৷ সিঙৰ মতে, বর্তমানৰ যিসকল বিধায়কৰ বিৰুদ্ধে প্রতিষ্ঠানবিৰোধী ঢ়ৌ আছে, যিসকলে সমষ্টিত কাম কৰা নাই, যাৰ পূর্বৰ জনপ্রিয়তা হ্রাস পাইছে সেইসকলে ছিটিং বিধায়ক বুলিয়েই আসন্ন নির্বাচনত দলীয় টিকট লাভ নকৰিব৷ কেৱল অসম বুলিয়েই নহয়, সকলোতেই কংগ্রেছে এই নীতি গ্রহণ কৰিছে৷ তদুপৰি এইবাৰৰ ফিল্ডৰ ৰিপ’ট চাই জনসাধাৰণে যাক বিচাৰে, তেওঁকহে দলীয় টিকট দিয়া হ’ব বুলি স্পষ্ট কৰি দি সিঙে কয় যে এইবাৰ কংগ্রেছৰ টিকট ওপৰৰ পৰা জাপি দিয়া নহয়৷ তৃণমূল পর্যায়ৰ গ্রহণযোগ্যতা চাইহে টিকট দিয়া হ’ব৷ তদুপৰি এইবাৰ নির্বাচনত যুৱ আৰু মহিলা প্রার্থীক দলে অগ্রাধিকাৰ দিব৷ অহা ৪৮ ঘণ্টাৰ ভিতৰত প্রথম পর্যায়ৰ নির্বাচনৰ দলীয় প্রার্থিত্ব চূড়ান্ত হ’ব বুলিও আশা ব্যক্ত কৰি তেওঁ কয় যে এইবাৰ কংগ্রেছৰ টিকট নতুন দিল্লীৰ পৰিৱর্তে গুৱাহাটীতেই চূড়ান্ত হ’ব৷ অসমৰ স্ক্রীনিং কমিটীৰ অধ্যক্ষ পৃথিৱীৰাজ চৱনৰ লগত আজি নিশাৰ ভাগত প্রথমখন প্রার্থী বাছনিৰ বৈঠক অনুষ্ঠিত হ’ব৷

আজি স্ক্রীনিং কমিটীয়ে সমগ্র দিনটোত দলীয় কর্মী, জিলা আৰু ব্লক কংগ্রেছৰ প্রতিনিধিসকলৰ সৈতে প্রার্থী বাছনি সম্পর্কত মত বিনিময় কৰিব৷ তাৰ পিছতেই স্ক্রীনিং কমিটীয়ে প্রার্থিত্ব চূড়ান্ত কৰি অনুমোদনৰ বাবে এআইচিচিৰ নির্বাচন কমিটীলৈ প্রেৰণ কৰিব৷ এআইচিচিৰ অনুমোদনৰ পিছতেই প্রার্থী তালিকা আনুষ্ঠানিকভাৱে প্রকাশ পাব৷ আনহাতে মহাজোঁটৰ অংশীদাৰ দলসমূহৰ মাজত আসন বুজাবুজিৰ বৈঠক সমান্তৰালভাৱে চলি থকাৰ বিষয়ে জানিবলৈ দি সিঙে কয় যে আসনক লৈ মহাজোঁটৰ কোনো এটা অংশীদাৰ দলৰে কোনো চর্ত নাই৷ কংগ্রেছ, এআইইউডিএফ, বিপিএফ, চিপিআই, চিপিআই (এম), চিপিআই (এমএল) আৰু আঞ্চলিক গণমর্চা কোনো এটা দলেই আসনক লৈ কোনো চর্ত আৰোপ কৰা নাই৷ আটাইকেইটা দলে বিজেপিক উৎখাতৰ লক্ষ্যৰে এৰাধৰাৰ মনোভাবেৰে এই জোঁটবন্ধনত আবদ্ধ হৈছে৷

উল্লেখ্য যে বুধবাৰে দিনৰ ভাগত মহানগৰীৰ গ্রীনউড ৰিজ’টত প্রদেশ কংগ্রেছৰ নির্বাচন কমিটীৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং উপস্থিত থাকে৷ প্রায় চাৰি ঘণ্টা ধৰি চলা আজিৰ বৈঠকখনত মূলতঃ প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৪৭টা সমষ্টিৰ লগতে দ্বিতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া নির্দিষ্ট কিছু সমষ্টিৰ ওপৰত আলোচনা কৰে৷ বিস্তৃত আলোচনাৰ অন্তত প্রার্থিত্বৰ অধিক দাবীদাৰ থকা সমষ্টিসমূহৰ ক্ষেত্রত নির্বাচন কমিটীয়ে জয়ৰ সম্ভাৱনা থকা ২/৩জনীয়া প্রার্থী তালিকা প্রস্তুত কৰে বুলি দলীয় সূত্রই জানিবলৈ দিয়ে৷ এই বৈঠকৰ পিছতেই গুৱাহাটীত আহি বাহৰ পাতি থকা স্ক্রীনিং কমিটীৰ অধ্যক্ষ পৃথিৱীৰাজ চৱনৰ সৈতে আন এখন বৈঠক অনুষ্ঠিত হয়৷ মহানগৰীৰ হোটেল তাজ ভিভাণ্টাত অনুষ্ঠিত আজিৰ স্ক্রীনিং কমিটীৰ বৈঠকত পর্যবেক্ষক সিঙৰ লগতে স্ক্রীনিং কমিটীৰ পদেন সদস্য ৰিপুণ বৰা, দেৱব্রত শইকীয়া আদিও উপস্থিত থাকে৷ অৱশ্যে এই বৈঠকত স্ক্রীনিং কমিটীয়ে আজি প্রার্থী তালিকা চূড়ান্ত কৰাৰ পৰিৱর্তে কাইলৈৰ দিনটোত বিস্তৃত পর্যালোচনা কৰিহে পৰৱর্তী পদক্ষেপ গ্রহণ কৰিব বুলি দলীয় সূত্রই জানিবলৈ দিয়ে৷ আনহাতে আজি নিশাৰ ভাগত আসন বুজাবুজিৰ সম্পর্কত মহাজোঁটৰ অংশীদাৰ দলসমূহৰ মাজতো আন এখন বৈঠক অনুষ্ঠিত হয়৷ মহাজোঁটৰ সূত্রই জানিবলৈ দিয়া মতে, প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহৰ ক্ষেত্রত মহাজোঁটৰ মাজত আসন বুজাবুজিক লৈ বিশেষ জটিলতাৰ উদ্ভৱ হোৱা নাই৷ গৰিষ্ঠসংখ্যক আসনতে আটায়ে কংগ্রেছকে সমর্থন আগবঢ়াইছে৷

You might also like