নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীয়ে চূড়ান্ত কৰিব বিজেপিৰ প্রার্থী তালিকা

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ বিধানসভা নির্বাচনৰ প্রার্থিত্বক লৈ ৰাজ্যিক বিজেপিত চলি থকা চর্চাৰ মাজতে কাইলৈ শাসকীয় দলটোৰ প্রার্থীৰ তালিকা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে৷ আজি নতুন দিল্লীত অনুষ্ঠিত হ’ব বিজেপিৰ কেন্দ্রীয় নির্বাচনী কমিটীৰ বৈঠক৷ এই বৈঠকতে ৰাজ্যিক বিজেপিয়ে দাখিল কৰা সমষ্টিভিত্তিক পেনেলৰ পৰা ৰাষ্ট্রীয় নেতৃত্বই চূড়ান্ত কৰিব প্রার্থীৰ তালিকা৷ উল্লেখ্য যে অসমৰ লগতে পশ্চিমবংগ, পুডুচেৰী, তামিলনাডু আৰু কেৰালাৰ বাবেও বিজেপিয়ে চূড়ান্ত কৰিব প্রার্থীৰ তালিকা৷ বিশেষকৈ অসমক লৈ কাইলৈ অনুষ্ঠিত হ’ব লগা বৈঠকত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত চূড়ান্ত হ’ব অসমৰ বিজেপি প্রার্থীৰ তালিকা৷ উল্লেখ্য যে কালি ৰাজ্যিক বিজেপিৰ নির্বাচনী কমিটীৰ বৈঠকত দলটোৱে প্রতিনিধিত্ব কৰিব লগা সমষ্টিসমূহৰ প্রার্থীৰ পেনেল চূড়ান্ত কৰা হয়৷ ইতিপূর্বে প্রতিখন জিলা, মণ্ডল কমিটীয়ে ৰাজ্যিক কমিটীলৈ প্রেৰণ কৰা প্রার্থীৰ মাজৰ পৰা তিনিজনীয়া আৰু পাঁচজনীয়াকৈ প্রার্থীৰ পেনেল প্রস্তুত কৰা হৈছে৷ উক্ত পেনেলৰ পৰাই ৰাষ্ট্রীয় সমিতিয়ে চূড়ান্ত কৰিব প্রতিটো সমষ্টিৰ প্রার্থীৰ তালিকা৷ মঙলবাৰে ৰাজ্যিক নির্বাচনী কমিটীৰ বৈঠকৰ পিছত বুধবাৰে নতুন দিল্লীত দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক বি এল সন্তোষৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতে সন্ধিয়া অনুষ্ঠিত হয় এক গুৰুত্বপূর্ণ বৈঠক৷

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মা আৰু ৰাষ্ট্রীয় সম্পাদক তথা সাংসদ দিলীপ শইকীয়া উপস্থিত থকা এই বৈঠকতে ৰাজ্যিক নেতৃত্বই কালি প্রস্তুত কৰা প্রার্থীৰ পেনেলসমূহ দাখিল কৰে৷ দীঘলীয়াকৈ চলা এই বৈঠকত দলে প্রতিনিধিত্ব কৰিব লগা প্রতিটো সমষ্টিৰ বিপৰীতে থকা প্রার্থীৰ পেনেলৰ ওপৰত বিস্তৃত পর্যালোচনা হয়৷ এই পর্যালোচনাৰ পিছতেই বৈঠকত প্রতিটো সমষ্টিৰ বিপৰীতে দুজন অথবা তিনিজনকৈ প্রার্থীৰ পেনেল প্রস্তুত কৰা হয়৷ কাইলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব লগা নির্বাচনী কমিটীৰ বৈঠকত আজি প্রস্তুত কৰা পেনেলৰ পৰাই চূড়ান্ত কৰা হ’ব প্রার্থীৰ নাম৷

উল্লেখ্য যে বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব খোজা সমষ্টিসমূহত প্রার্থীৰ পেনেল চূড়ান্ত হোৱাৰ পিছতহে মিত্রদল অগপ আৰু ইউপিপিএলৰ সৈতে আসন ভাগ–বাটোৱাৰা চূড়ান্ত কৰা হয়৷ বিজেপিৰ এক শীর্ষসূত্রই প্রকাশ কৰা অনুসৰি দলে কোন কোন সমষ্টিত প্রার্থী প্রক্ষেপ কৰিব, সেই সন্দর্ভত ইতিমধ্যে মিত্রদলৰ লগত চূড়ান্ত বুজাবুজিত উপস্থিত হৈছে৷ অৱশ্যে দুই–এখন আসনক লৈ মিত্রদলৰ সৈতে থকা মতানৈক্য দূৰ কৰাৰ স্বার্থত বিজেপিৰ প্রার্থীৰ পেনেলত সামান্য সালসলনি হোৱাৰ সম্ভাৱনা আছে৷ ইফালে আন এক সূত্রই প্রকাশ কৰা অনুসৰি বিজেপিয়ে উজনিত কংগ্রেছৰ দখলত থকা শিৱসাগৰ, মৰিয়নি, নাজিৰা, তিতাবৰ আৰু ডুমডুমা সমষ্টি নিজৰ দখললৈ অনাৰ লক্ষ্যৰে নির্বাচনত দুজনকৈ সাংসদক প্রার্থী হিচাপে প্রক্ষেপ কৰাৰ সম্ভাৱনা আছে৷ উক্ত সম্ভাৱনা অনুসৰি যোৰহাট লোকসভাৰ সাংসদ তপন গগৈক শিৱসাগৰৰ প্রার্থী ৰূপে আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছাক মৰিয়নি সমষ্টিত প্রক্ষেপ কৰা হ’ব৷ আনহাতে আহোম জনগোষ্ঠীৰ সমষ্টি ৰূপে পৰিচিত নাজিৰাত কংগ্রেছ নেতা দেৱব্রত শইকীয়াৰ বিৰুদ্ধে বিজেপিয়ে প্রক্ষেপ কৰিব বিচাৰিছে ময়ূৰ বৰগোহাঁইক৷ তদুপৰি তিতাবৰ সমষ্টিত কৃষ্ণমণি চুতীয়াক প্রার্থিত্ব দিয়াৰ প্রস্তুতি চলাইছে৷

You might also like