নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিয়ে দিয়ে ২৫–অগপই এৰি নিদিয়ে ২৮

শ্বাহ–নাড্ডাৰ ঘৰত অগপ–বিজেপি–ইউপিপি নেতৃত্ব

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ টেবুলত আবদ্ধ হৈ আছে শাসকীয় বিজেপি মিত্রজোঁটৰ আসন ভাগ–বাটোৱাৰাৰ চূড়ান্ত সিদ্ধান্ত৷ বিধানসভা নির্বাচনৰ বাবে ৰাজধানী দিল্লীত এইপর্যন্ত বিজেপিৰ শীর্ষ নেতৃত্বৰে অব্যাহত আছে মিত্রদল অগপ আৰু ইউপিপিএলৰ মাৰাথন বৈঠক৷ বৈঠকত উপস্থিত আছে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাও৷ মাজনিশালৈ চলি থকা এই বৈঠকত কার্যতঃ মিত্রদল অগপৰ সৈতে আসন বুজাবুজিক লৈ অব্যাহত আছে জটিলতা৷ অগপৰ সভাপতি অতুল বৰাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত এই জটিলতা আঁতৰ কৰাৰ সমাধানসূত্র ওলোৱাটো নিশ্চিত বুলি অনুমান কৰা হৈছে৷ উল্লেখ্য যে বুধবাৰে সন্ধিয়াৰ পৰা মাজনিশালৈ আসন ভাগ–বাটোৱাৰাক লৈ এইপর্যন্ত বিজেপিৰে মিত্রদলৰ দুখনকৈ বৈঠক অনুষ্ঠিত হৈছে৷ বিজেপিৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি অগপই ২৮খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে আগবঢ়োৱা প্রস্তাৱৰ বিপৰীতে বিজেপিয়ে আঞ্চলিক দলটোক ২৫খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবেহে প্রস্তাৱ দিছিল৷ কিন্তু অগপৰ নেতৃত্বই এই ২৫খন আসনৰ লগতে দখলত থকা নাহৰকটীয়া, লখিমপুৰ আৰু কমলপুৰ সমষ্টিৰ দাবীত অটল হৈ আছে৷ কার্যতঃ ইয়াক লৈ সৃষ্টি হোৱা জটিলতাৰ প্রথম বৈঠকখনত কোনো সমাধান সূত্র নোলোৱাত এইপর্যন্ত বিষয়টোৰ ওপৰত আলোচনা অব্যাহত আছে৷

ইয়াৰ পূর্বে বুধবাৰে বিয়লি ৬ বজাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বাসগৃহত আসন বুজাবুজিক লৈ বৈঠকত বহে ৰাজ্যিক বিজেপিৰ নেতৃত্ব আৰু অগপৰ শীর্ষ নেতৃত্ব৷ গৃহমন্ত্রী অমিত শ্বাহ, দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ, ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মা, অগপৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত, দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্রী ফণীভূষণ চৌধুৰী আৰু সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্যয়ো অংশগ্রহণ কৰে৷

উল্লেখ্য যে বুধবাৰে আসন বুজাবুজিক লৈ অগপ, ইউপিপিএল আৰু বিজেপিয়ে দুপৰীয়াৰ ভাগত নতুন দিল্লীলৈ উৰা মৰাৰ পূর্বে দিছপুৰত অগপ আৰু বিজেপিৰ আন এক দীঘলীয়া বৈঠক অনুষ্ঠিত হৈ যায়৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, সভাপতি ৰঞ্জিত দাস, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া উপস্থিত থকা বৈঠকখনত আসন বুজাবুজিৰ ক্ষেত্রত থকা বহুখিনি জটিলতা আঁতৰাই দুয়োটা দলে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বৰ সৈতে আলোচনাত বহাৰ বাবে ৰাজি হয়৷ এই সন্দর্ভত ‘নেডা’ৰ আহ্বায়ক ড০ শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিছিল যে আসন বুজাবুজিৰ ক্ষেত্রত ৯৯ শতাংশ সমস্যাৰ সমাধান হৈছে৷ দুই–এখন আসনক লৈ কিছু জটিলতা আছে যদিও সেয়া ৰাষ্ট্রীয় নেতৃত্বৰ সন্মুখতে সমাধান কৰা হ’ব৷

একেদৰে অগপৰ সভাপতি অতুল বৰায়ো আসন বুজাবুজিৰ ক্ষেত্রত দুয়ো দলে প্রায় ঐকমত্যত উপনীত হোৱা বুলি সংবাদ মাধ্যমক অৱগত কৰে৷ অগপ–বিজেপিয়ে ৰাজ্যিক পর্যায়ত সম্পন্ন কৰা এই বৈঠকৰ পিছতে বুধবাৰে দুপৰীয়াৰ ভাগত নতুন দিল্লীত উপস্থিত হোৱা বিজেপিৰ ৰাজ্যিক নেতৃত্ব আৰু অগপৰ নেতৃত্বই দিল্লীস্থিত মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনত আন এক বৈঠকত বহে৷ মুখ্যতঃ আসন বুজাবুজিৰ বিষয়টো সন্দর্ভত থকা অন্তিম জটিলতাখিনি আঁতৰ কৰাৰ বাবে অনুষ্ঠিত এই বৈঠকত বহুকেইটা সমষ্টিৰ ক্ষেত্রত অগপ আৰু বিজেপি নেতৃত্বই আলোচনা কৰে৷ এই আলোচনাৰ পিছতেই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, সাংসদ দিলীপ শইকীয়া আৰু ফণীন্দ্র নাথ শর্মাই ইউপিপিএলৰ নেতা প্রমোদ বড়ো আৰু গোবিন্দ বসুমতাৰীৰ সৈতেও আলোচনাত বহে৷ এই বৈঠকত গণ সুৰক্ষা পার্টীৰ মুৰব্বী তথা সাংসদ নৱ শৰণীয়াও উপস্থিত থাকে৷

 বুধবাৰে বিয়লি ৪ বজাৰ পৰা ৬ বজালৈ অনুষ্ঠিত এই বৈঠকৰ পিছতেই কেন্দ্রীয় গৃহমন্ত্রীৰ বাসগৃহত উপস্থিত হোৱা ৰাজ্যিক বিজেপি–অগপ আৰু ইউপিপিএলৰ নেতৃত্বই সন্ধিয়া ৮.৪৫ বজালৈ আসন বুজাবুজিক লৈ বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বৰ সৈতে প্রথমখন বৈঠক সম্পন্ন কৰে৷ এই বৈঠকত সিদ্ধান্ত চূড়ান্ত নোহোৱাত নিশা পুনৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হয় দ্বিতীয়লানি বৈঠক৷ এই বৈঠকত এইপর্যন্ত আসন ভাগ–বাটোৱাৰাক লৈ আলোচনা অব্যাহত আছে৷ বিজেপিৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি আসন বুজাবুজিৰ ক্ষেত্রত ইউপিপিএলে বিটিচিৰ অন্তর্গত ১২টা সমষ্টি বিজেপিৰ পৰা বিচাৰিছে যদিও ৰাষ্ট্রীয় নেতৃত্বই প্রমোদ বড়ো আৰু গোবিন্দ বসুমতাৰীক এৰাধৰাৰ মাজেৰে বিষয়টো সমাধানৰ বাবে আহ্বান জনায়৷ এনে আহ্বানৰ প্রতি ইউপিপিএলৰ নেতৃত্বই সঁহাৰি জনোৱা বুলিও জানিব পৰা গৈছে৷ সূত্রটোৰ তথ্য অনুসৰি বিটিচিত ইউপিপিএলে ৮টা সমষ্টি আৰু বিজেপিয়ে ৪টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে৷ আনহাতে অগপৰ সৈতে সংঘাত সৃষ্টি হোৱা সমষ্টিকেইটাৰ ক্ষেত্রত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব বুলি সূত্রটোৱে সদৰী কৰিছে৷

You might also like