নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছে ৬টা দশকত অসমক দিছিল ৬খন দলং, মোদীয়ে এটা দশকতে দিলে ৬খন ব্ৰহ্মপুত্ৰৰ দলং

দৰঙৰ বিশাল জনসভাত মোদীলৈ জয়ঢোল, পথৰুঘাটৰ স্মাৰকেৰে সম্বৰ্ধনা

দৰং মেডিকেল কলেজ, নাৰ্চিং স্কুল, নাৰ্চিং কলেজ, কুৰুৱা-নাৰেংগী দলং আৰু ৰিং-ৰোডৰ আধাৰশিলা

দৰং মেডিকেল কলেজ সহ প্ৰায় ৮ হাজাৰ কোটি টকাৰ ৫টাকৈ প্ৰকল্পৰ শিলান্যাস উপলক্ষে অনুষ্ঠিত বিশাল জনসভাত আজি ঐতিহাসিক পথৰুঘাট স্মাৰক প্ৰদান কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ।

বিনা প্ৰতিবাদ, আন্দোলনেৰে মঙলদৈত মেডিকেল কলেজ, কুৰুৱাৰ দলং আদি বিশাল প্ৰকল্প লাভ কৰি সাধাৰণ ৰাইজ আনন্দত আত্মহাৰা হৈ পৰে। এনে এক আবেদিক পৰিৱেশত পোনতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন মুগাৰ ফুলাম গামোচাৰে সম্বৰ্ধনা আগবঢ়ায়। লগে লগে দৰং জিলা প্ৰশাসনে ইতিমধ্যে বিশেষভাৱে প্ৰস্তুত কৰা ১৮৯৪ চনৰ ঐতিহাসিক পথৰুঘাট ৰণৰ এক বিশেষ স্মাৰক যুটীয়াভাৱে বিজেপিৰ সাংসদ তথা সভাপতিৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰদান কৰে।

বিশেষ স্মাৰকটো লাভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অতি আগ্ৰহৰে পথৰুঘাট সম্পৰ্কীয় বিৱৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বুজি লয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰীৰ হাতেৰে তৃতীয়টো বিশেষ উপহাৰ দেৱবাদ্য জয়ঢোল গ্ৰহণ কৰে মোদীয়ে।

পুনৰ মোডীক জয়ঢোল সম্পৰ্কত ব্যাখ্যা আগবঢ়ায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতে শিল্পী দ্ৰোণ ভূঞাই ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। ভূঞাই প্ৰধানমন্ত্ৰীক গৃহ জিলাত আগমনৰ বাবে সন্তোষ প্ৰকাশ কৰি শতায়ু অৰ্জনৰ আশীৰ্বাদ দিয়ে।

প্ৰধানমন্ত্ৰীক অন্তিম উপহাৰ তথা সম্বৰ্ধনা জ্ঞাপন কৰে কুৰুৱা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ভূৱনেশ্বৰী দাসে।

লক্ষনীয় যে, কুৰুৱা-নাৰেংগী সংযোগী বিশেষ দলং আৰু ৰিং ৰোডৰ বাবে স্হানীয় পঞ্চায়ত সভানেত্ৰীয়ে সমূহীয়াভাৱে এখন ফুলাম গামোচাৰে আদৰণি জনায়। বিশেষকৈ ১৯৯২ চনৰে পৰা উক্ত দলঙৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সহ কেবাটাও সংগঠনে দাবী জনাই আহিছিল।

স্বাভাৱিকতে এনে দীৰ্ঘদিনীয়া দাবী এটা বাস্তৱ হোৱাৰ লগতে বৃহত্তৰ কুৰুৱা অঞ্চল এক নতুন আৰ্থিক বাফাৰ জ’ন হৈ পৰাৰ আনন্দত কুৰুৱা পঞ্চায়তৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীলৈ এনে এক উপহাৰ আগবঢ়ায়। অৱশ্যে, সময়ৰ নাটনি আৰু বতৰৰ বিধি পথালিৰ বাবে আজি সম্বৰ্ধনা অনুষ্ঠান সীমিত কৰা হয়। ইয়াৰ মাজতে পথৰুঘাটৰ ঐতিহাসিক ৰণ আৰু দৰঙৰ দেৱবাদ্য জয়ঢোল উপহাৰ হিচাবে লাভ কৰি অত্যন্ত আনন্দিত হোৱা পৰিলক্ষিত হয়।

ইয়াৰ পাছতে দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰে। স্হানীয় সাংসদ দিলীপ শইকীয়াই প্ৰধানমন্ত্ৰী মোদীৰ বাবে দৰঙে এপদ এপদকৈ লাভ কৰা আচনি ব্যাখ্যা কৰাৰ লগতে শীঘ্ৰে ৰেল মানচিত্ৰটো সন্নিৱিষ্ট হোৱাৰ আশা প্ৰকাশ কৰে।

ইপিনে, মুখ্যমন্ত্ৰী  ডঃ হিমন্তবিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোডীৰ বাবেই অসমে বিকাশৰ নতুন দিগন্তলৈ গতি কৰা বুলি সদৰি কৰে। তেওঁ মাত্ৰ বিগত এটা বছৰত লাভ কৰা ন ন আচনিৰ কথা সদৰি কৰি উপস্হিত সকলৰ পৰা জানিব বিচাৰে, কংগ্ৰেছে কেতিয়াবা একে সময়তে ১৮ হাজাৰ কোটি টকাৰ আচনি আগবঢ়াইছিল নেকি ? কংগ্ৰেছৰ প্ৰতি অধিক আক্ৰমণাত্মক ৰূপ ধাৰণ কৰি ডঃশৰ্মাই কয় যে, চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহ ৰূপায়ন কৰিব পাৰিলে অসম এখন উন্নত ৰাজ্যলৈ পৰিৱৰ্তিত হব।

ডঃ শৰ্মাৰ ভাষণৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিম’টৰ বুটাম টিপি পোনতে ৫৬৭ কোটি টকীয়া দৰং মেডিকেল কলেজ, দৰং নাৰ্চিং স্কুল আৰু দৰং নাৰ্চিং কলেজৰ শিলান্যাস সম্পন্ন কৰে। এইলৈ নিৰ্মিত এখন চমু তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়। প্ৰকল্প প্ৰাককলন অনুসৰি, দৰং মেডিকেল কলেজ ৭ মহলীয়াকৈ নিৰ্মান কৰা হব, যত প্ৰায় ৫ শতাধিক বিচনাযুক্ত চিকিৎসালয় সংযুক্ত হব।

ইয়াৰোপৰি মেডিকেল, নাৰ্চিং সকলো শাখাৰ শিক্ষাৰ্থীৰ হোষ্টেল সহ চিকিৎসকৰ সুকীয়া আৱাসিক কলনিও থাকিব। প্ৰস্তাৱিত দৰং মেডিকেল কলেজে কেৱল দৰঙৰে নহয়, নামনি অসমৰো চিকিৎসাৰ এক অগ্ৰণী প্ৰতিস্হান হৈ পৰিব। এই ৩ প্ৰকল্পৰ বাহিৰেও প্ৰায় ৭ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মান কৰিবলগীয়া আন দুই প্ৰকল্প ক্ৰমে প্ৰস্তাৱিত কুৰুৱা-নাৰেংগী ব্ৰহ্মপুত্ৰৰ দলং আৰু গুৱাহাটী ৰিং-ৰোড প্ৰকল্পৰো শিলান্যাস কৰে।

ৰিং-ৰোডে কামৰূপ মহানগৰ জিলা, দৰং জিলা আৰু মেঘালয়ৰ ৰিভয় জিলাক সন্নিৱিষ্ট কৰিব। তদুপৰি ৬লেন যুক্ত এই ৰিং-ৰোডে গুৱাহাটীৰ দুটাকৈ ৰেল আস্হান, গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আৰু গুৱাহাটী আন্তঃদেশীয় জাহাজঘাটৰেও যোগাযোগ সাধন কৰিব। এইলৈ প্ৰদৰ্শিত তথ্যচিত্ৰ অনুসৰি, ৰিং-ৰোড প্ৰকল্পই গুৱাহাটীৰ দাতিকাষৰীয়া এলেকাৰ আৰ্থিক আৰু পৰিকাথামো বিকশিত কৰিব।

ক্ষিপ্ৰ যোগাযোগ আৰু বাণিজ্যিক গতিবিধি বৃদ্ধি কৰিব গুৱাহাটী ৰিং-ৰোডে। আধাৰশিলা স্হাপনৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰে বহু ইপ্সিত ভাষণ। ভাষণ দিবলৈ থিয় দিয়াৰ পৰা আৰম্ভ হয় গুণমুগ্ধৰ মোদী, মোদী ধ্বনি। সমগ্ৰ ৰভাতলীত এই পৰিৱেশে ৰক্ ষ্টাৰৰ কাৰ্যসূচীৰ লেখীয়া এক ব্যতিক্ৰমী পৰিৱেশৰ সৃষ্টি কৰে। মোদীৰ ভাষণ দৰংবাসীৰ বাবে অধিক উৎসাহ মুখৰ হৈ পৰে যেতিয়াই প্ৰধানমন্ত্ৰী মোদীয়ে মঙলদৈৰ পৰাই এদিন অসমত বিদেশী বহিস্কাৰ আন্দোলন আৰম্ভ হোৱাৰ বিষয়ে উল্লেখ কৰি কংগ্ৰেছক তূলাধূনা দিয়ে।

অসমকে ধৰি দেশত অনুপ্ৰৱেশকাৰীক ভোটৰ স্বাৰ্থতেই কংগ্ৰেছে সুৰক্ষা দি অহাৰ দাবী কৰি দেশবাসীৰ অধিকাৰ এচাম অনুপ্ৰৱেশকাৰীয়ে কাঢ়ি লোৱাৰ তথ্য সদৰি কৰে। সম্প্ৰতি অনুপ্ৰৱেশকাৰীয়ে সৃষ্টি কৰা সমস্যা, থলুৱা লোকৰ অধিকাৰ কাঢ়ি লব বিচৰা প্ৰসংগ উত্থাপনৰ লগে লগে ৰভাতলী মোদী মোদীী ধ্বনিত কপি যায়। মোডীয়ে ভাৰতীয় সকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে কোনো

অনুপ্ৰৱেশকাৰীক ভাৰতত থাকিব নিদিয়ে বুলি ডেৰ লক্ষাধিক গুণমুগ্ধ, দৰ্শকক আশ্বস্ত কৰে। মোদীয়ে ভাষণত উপস্হিত যুৱ চামক উদ্দেশ্যি কয়, আপোনালোকক এখন বিকশিত ভাৰত ২০৪৭ চনৰ ভিতৰত প্ৰদান কৰাই বিজেপিৰ লক্ষ্য বুলিও সদৰি কৰে। মোডীৰ এনে আপোচবিহীন ভাষণৰ তালত যুৱ চামৰ মাজত কেৱল মোদী মোদী ধ্বনি আৰু ভাৰত মাতাৰ জয়ধ্বনিক বাদে সকলো জীণ পৰি যায়।

মোদীয়ে দশক দশক ধৰি শাসন কৰা কংগ্ৰেছে অসমক মাত্ৰ ৬খনকৈ দলং আগবঢ়োৱা বুলি প্ৰকাশ কৰি বিগত এটা দশকতে বিজেপি চৰকাৰে ৬খন দলং আগবঢ়োৱাৰ কথা সদৰি কৰে। ইয়াৰ পৰাই ৰাজ্যবাসীয়ে বুজি পাব অসমৰ বাবে কংগ্ৰেছ নে বিজেপিৰ প্ৰয়োজন বুলি সদৰি কৰি, ৰাজ্যবাসীয়ে ড০ হিমন্তবিশ্ব শৰ্মাক আশীৰ্বাদ দি যাব, ৰাইজে বিকাশৰ ত্বৰান্বিত পথত আগবাঢ়িব বুলি প্ৰকাশ কৰে।

ষ্টাফ ৰিপৰ্টাৰ, দৰং, ১৫ ছেপ্টেম্বৰ

You might also like