দিল্লীৰ গৌৰৱৰ বাসভৱনত পত্নী এলিজাবেথক দীর্ঘ জেৰা SIT-ৰ
কংগ্রেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ চৌদিশে জল্পনা–কল্পনা অব্যাহত থকাৰ সময়তে অৱশেষত সত্য প্রমাণিত হ’ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাংসদগৰাকীৰ বিৰুদ্ধে অনা মহাভিযোগ৷ ৰাজহুৱাভাৱে সাংসদ গৌৰৱ গগৈয়ে নিজমুখে স্বীকাৰ কৰিলে পাকিস্তান ভ্রমণৰ কথা৷
২০১৪ চনৰ ফেব্রুৱাৰী মাহত সাংসদগৰাকীয়ে পাকিস্তান ভ্রমণ কৰিছিল৷ অকল সেয়াই নহয়, এছআইটিয়ে পত্নীক জেৰা চলোৱাৰ কথাও সাংসদ গগৈয়ে নিজ মুখে প্রকাশ কৰিলে৷ উল্লেখ্য যে যোৱা ১০ ছেপ্ঢেম্বৰত এছআইটিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হাতত এছআইটিৰ মূল প্রতিবেদনখন দাখিল কৰিছিল৷
প্রতিবেদন সন্দর্ভত মুখ্যমন্ত্রীয়ে এতিয়ালৈকে একো কথা ৰাজহুৱা কৰা নাই যদিও বিটিআৰৰ নির্বাচনৰ পিছতে কেবিনেটত এছআইটিৰ প্রতিবেদন দাখিল কৰা হ’ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্রী ড০ শর্মাই৷ কিন্তু প্রতিবেদন দাখিলৰ পাছতেই স্বয়ং সাংসদ গৌৰৱ গগৈৰ মুখেৰেই কথাবোৰ এফালৰ পৰা ৰাজহুৱা হ’ব ধৰা বিষয়টোৱে স্বাভাৱিকতেই তাৎপর্য বহন কৰিছে৷
উল্লেখ্য যে এছআইটিৰ দলে সাংসদগৰাকীৰ দিল্লীৰ বাসগৃহত তিনি দিন জেৰা চলাইছিল পত্নী এলিজাবেথ কলবার্ন গগৈক৷ উক্ত কেইদিন তদন্তকাৰী বিষয়াই কেইবাঘণ্টাজুৰি সাংসদ পত্নী এলিজাবেথ কলবার্ন গগৈক জেৰা চলাই ভাষ্য লিপিবদ্ধ কৰিছিল৷ ইতিমধ্যে এছআইটিয়ে পাকিস্তান লিংকক কেন্দ্র কৰি দেশৰ বিভিন্ন প্রান্তৰ মুঠ ৩৬জন লোকক জেৰা চলাইছিল৷
কেবিনেটত দাখিল কৰাৰ পিছতেই মূল প্রতিবেদনখন ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰিব৷ কেন্দ্রৰ বিশেষ এজেঞ্চীৰ জৰিয়তে উক্ত বিষয়টো তদন্ত কৰাৰ ব্যৱস্থাও গ্রহণ কৰা হ’ব বুলি জানিব পৰা গৈছে৷ অৱশ্যে এছআইটিৰ প্রতিবেদন সন্দর্ভত ৰাজ্য চৰকাৰে সম্পূর্ণ নীৰৱতা অৱলম্বন কৰাৰ সময়তে আজি সাংসদ গগৈৰ ৰাজহুৱাভাৱে পাকিস্তান ভ্রমণক লৈ কৰা স্বগতোক্তিয়ে ধূসৰ হৈ পৰা বহু ৰহস্য একপ্রকাৰ উন্মুক্ত কৰিলে৷
নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ ছেপ্টেম্বৰ