নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ দিনৰ দুর্নীতিয়েই ধুই শেষ কৰিব পৰা নাই

বিধানসভাত বিৰোধীক সমালোচনাৰে থকা–সৰকা বিজেপি বিধায়ক চক্রধৰ গগৈৰ

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ কংগ্রেছৰ কার্যকালত হোৱা এটাৰ পিছত এটা দুর্নীতি ধুই এই চৰকাৰে শেষ কৰিব পৰা নাই৷ অসম বিধানসভাৰ দ্বিতীয় দিনা ৰাজহ বিভাগৰ দাবী মঞ্জুৰীৰ বিতর্কত হোৱা আলোচনাকালত বিজেপিয়ে বিৰোধী দলটোক লক্ষ্য কৰি কৰা মন্তব্যই আজি সদনত যথেষ্ট হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ বিজেপিৰ বিধায়ক চক্রধৰ গগৈয়ে পূর্বৰ চৰকাৰক লক্ষ্য কৰি কৰা মন্তব্যক উভতি ধৰে কংগ্রেছী বিধায়ক শ্বেৰমান আলী, ৰূপজ্যোতি কুর্মী, জাকিৰ হুছেইন শিকদাৰ আদি বিধায়কে৷ কংগ্রেছী বিধায়কসকলৰ প্রত্যুত্তৰ– যদি কংগ্রেছৰ দিনত দুর্নীতি হৈছিল, তেন্তে বিগত চাৰে চাৰিটা বছৰত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কিয় তদন্ত নকৰিলে? বিষয়টোক কেন্দ্র কৰি বিধানসভাত শাসক–বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশত কোনেও কাৰো মাত নুশুনা অৱস্থাৰ সৃষ্টি হয়৷ এনে পৰিৱেশত বিষয়টো অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে চম্ভালি লৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে যদিও লাইকা–দধিয়াৰ প্রসংগ উত্থাপন কৰি পুনৰ আন এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে কংগ্রেছী বিধায়ক ৰূপজ্যোতি কুর্মীয়ে৷ লাইকা–দধিয়াবাসীৰ দুখ–দুর্দশাক চৰকাৰখনে তিলমাত্র গুৰুত্ব নিদিয়া বুলি উল্লেখ কৰি কংগ্রেছী বিধায়ক কুর্মীয়ে কয়– হাড় কঁপোৱা জাৰত কোঁচত সন্তানক লৈ লাইকা–দধিয়াবাসীয়ে মাটিৰ পট্টাৰ বাবে আন্দোলন কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে৷ কিন্তু এই চৰকাৰখনে নির্দয় ৰূপত বিষয়টোক উলাই কৰি আহিছে৷ ৰূপজ্যোতি কুর্মীৰ এই মন্তব্যক উভতি ধৰে শাসকীয় পক্ষই৷ দলৰ বিধায়ক বিমল বৰা, নোমল মমিন আৰু নির্দলীয় বিধায়ক ভুবন পেগুৱে ৰূপজ্যোতি কুর্মীৰ বক্তব্যৰ উত্তৰ দি কয় যে লাইকা–দধিয়াবাসীৰ সন্দর্ভত কথা কোৱাৰ অধিকাৰ নাই কংগ্রেছৰ৷ কংগ্রেছৰ দিনত লাইকা–দধিয়াবাসীক সম্পূর্ণ পিঠি দিছিল কংগ্রেছ চৰকাৰে৷ কিন্তু বর্তমানৰ চৰকাৰে এই লোকসকলক পুনৰ সংস্থাপন তথা ভূমিৰ পট্টাৰ বাবে কাম–কাজ অব্যাহত ৰাখিছে৷ বিষয়টোৰ সন্দর্ভত সংসদীয় পৰিক্রমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে লাইকা–দধিয়াবাসীয়ে ভূমিপট্টাৰ দাবীত যি প্রতিবাদ আৰম্ভ কৰিছে, সেয়া মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ দৃষ্টিগোচৰ হৈছে৷ ইতিমধ্যে লাইকা–দধিয়াৰ সমস্যা সমাধানৰ বাবে কেইবাজনো বিধায়কক লৈ এখন কমিটী গঠন কৰা হৈছে৷ এই কমিটীয়ে সমগ্র বিষয়টো পর্যালোচনা কৰাৰ পিছত দাখিল কৰিব লগা প্রতিবেদনৰ ওপৰত চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিব৷
বিধানসভাত বিনিয়োজন বিধেয়ক গৃহীত
আজি বিধানসভাত দি আছাম বিনিয়োজন বিধেয়ক সর্বসন্মতিক্রমে গৃহীত হয়৷ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদনত উত্থাপন কৰা বিধেয়কখন সদনে সর্বসন্মতি ৰূপে পাৰিত কৰে৷ ইফালে বিধায়ক পদ ত্যাগ কৰা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্র ডেকাৰ পদত্যাগ অধ্যক্ষই গ্রহণ কৰা বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে শেহতীয়াকৈ অগপ ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা পবিন্দ্র ডেকাই বিধায়ক পদ ত্যাগ কৰিছিল৷ আনহাতে কংগ্রেছৰ বিধায়ক ৰাজদীপ গোৱালায়ো আজি পুৱাৰ ভাগত কংগ্রেছৰ বিধায়কপদ ত্যাগ কৰি অধ্যক্ষৰ ওচৰত পদত্যাগ–পত্র দাখিল কৰে৷

You might also like