নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খহনীয়াৰ কবলত তাঁতীমাৰাৰ বিস্তীর্ণ অঞ্চল

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ লুইতৰ ব্যাপক গৰাখহনীয়াৰ কবলত পৰিছে তাঁতীমাৰাৰ বিস্তীর্ণ অঞ্চল৷ বিগত এটা সপ্তাহত ইতিমধ্যে শতাধিক বিঘা ভূমি নৈত জাহ যোৱাৰ লগতে বৃহৎ বৃহৎ ফাঁট মেলাৰ ফলত আৰু বহু ভূমি খহনীয়াৰ কবলত পৰাৰ সম্ভাৱনা দেখা গৈছে৷ ইয়াৰ জৰিয়তে আনকি নৈখনৰ পাৰত অৱস্থিত একাধিক বনভোজথলীৰ প্রতি ভাবুকিৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে শেহতীয়াকৈ লুইতৰ পানী কমি যাবলৈ ধৰাৰ পৰিপ্রেক্ষিতত তাঁতীমাৰাৰ দিশত পানীৰ সোঁতৰ প্রাবল্য বৃদ্ধি হৈছে৷ সেই তীব্র সোঁতৰ পৰিপ্রেক্ষিতত অঞ্চলটোৰ পূব দিশত তথা তপোবন বনভোজথলীৰ পৰা পশ্চিমলৈ প্রায় এক কিঃ মিঃ অঞ্চলত এসপ্তাহ ধৰি ব্যাপক হাৰত খহনীয়া হ’বলৈ লৈছে৷ প্রত্যক্ষ কৰা মতে বৃহৎ বৃহৎ ফাট মেলি মুহূর্তৰ ভিতৰত খহাই নিছে বিস্তীর্ণ অঞ্চল৷

ইতিমধ্যে প্রায় শ বিঘা ভূমি নিয়াৰ পিছত বিস্তীর্ণ অঞ্চলত প্রকাণ্ড ফাট মেলা দেখা গৈছে৷ এইক্ষেত্রত বিশেষকৈ মহানগৰীকে ধৰি অসমৰ বিভিন্ন প্রান্তৰ পৰা বনভোজৰ সোৱাদ ল’বলৈ অহা তপোবন, মধুবন আৰু আবেলি ঘাট নামৰ বনভোজ স্থানকেইটালৈ চৰম ভাবুকি আহিছে৷ তপোবন আৰু মধুবন বনভোজথলীৰ ইতিমধ্যে বহুখিনি অঞ্চল খহাই নিয়াৰ উপৰি অহা কিছুদিনৰ ভিতৰতে বনভোজথলীৰ অৱশিষ্ট অংশ উচ্ছন হোৱাৰ আশংকাই দেখা দিছে৷ অৱশ্যে বর্তমানেও বনভোজকাৰী দলৰ আগমন হৈ আছে৷ বিপদৰ আশংকাৰ ক্ষেত্রত বনভোজথলীৰ কর্তৃপক্ষই খহনীয়াৰ দিশত বেৰ দি লোৱাৰ লগতে অহা–যোৱাত বাধা দিয়াৰ উপৰি চোকা নজৰ ৰাখিছে৷

আনহাতে যান্ত্রিকতাৰ দূৰত থাকি এসাঁজ লগভাত খোৱাৰ লগতে প্রাকৃতিক পৰিৱেশৰ মনমোহা দৃশ্য উপভোগ কৰিবলৈ অহা বনভোজকাৰী দলসমূহেও ইয়াক লৈ চিন্তিত হৈ পৰিছে৷ এইক্ষেত্রত চৰকাৰৰ ব্যৱস্থা গ্রহণৰ দাবী তুলিছে বনভোজ দল আৰু স্থানীয় ৰাইজে৷ উল্লেখ্য যে বিগত কেইবছৰত একে স্থানৰ কেইবাহাজাৰ কৃষিভূমি ইতিমধ্যে জাহ গৈছে লুইতৰ বুকুত৷

You might also like