নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাবা আণৱিক গৱেষণা কেন্দ্রত ১০৫ পদত চাকৰি

১৫ জানুৱাৰীৰ ভিতৰত আবেদন আহ্বান

পাৰমাণৱিক বোমা–শক্তি আৰু পাৰমাণৱিক বিজ্ঞান সম্পর্কীয় গৱেষণাৰ আগশাৰীৰ আণৱিক শক্তি প্রতিষ্ঠান ভাবা আণৱিক গৱেষণা কেন্দ্রত(Bhabha Atomic Research Centre) খালী হৈছেJunior Research Fellowৰ ১০৫ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি গৱেষণা কেন্দ্রটোৰ সঞ্চালকপ্রধানে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ আবেদনকাৰী Physics/Chemistry/Life Sciences বিষয়তM.Sc. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷

প্রার্থী বাছনিUGC-CSIR-NET Fellowship (SLET/Lectureship is not eligible), JEST Score, ICMR-JRF Test/ICAR-JRF Test, DBT-JRB Biotechnology Eligibility Test আৰুGATE Score 2019/2020 in Physics/Chemistry/Life Sciences/Biotechnologyত পোৱা নম্বৰৰ ভিত্তিত কৰা হ’ব৷ নিযুক্তিপ্রাপ্তই মাহে ৩১,০০০ টকাসহ ৭,৪৪০ টকাৰHRA লাভ কৰিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.barc.gov.in & recruit.barc.gov.in লগ–ইন কৰিব পাৰিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৫ জানুৱাৰী, ২০২১৷

You might also like