নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ এপ্রিল, ব’হাগ মাহৰ ১০ তাৰিখ
মঙলবাৰ : তিথি– পূর্ণিমা, নক্ষত্র : চিত্রা, যাত্রা : নাই

মেষ : উপার্জনৰ ক্ষেত্রত শুভ ফল লাভ কৰিব৷ যান–বাহন, ভূমি লাভৰ সুযোগ পাব৷ ব্যৱসায়ত উন্নতি কৰাৰ থল আছে৷ প্রেমত বাধা৷

বৃষ : দুর্ঘটনা আদিৰ পৰা সাৱধান হ’ব৷ ভৰিত আঘাত পোৱাৰ সম্ভাৱনা আছে৷ চাকৰিয়ালৰ পক্ষে দিনটো শুভ৷ বিদ্যার্থীসকলৰ বাধা৷

মিথুন : শৰীৰ ভাল দেখা নাযায়৷ ভ্রমণত সাৱধান৷ প্রেমৰ ক্ষেত্রত হতাশা৷ আশাভংগ হ’ব পাৰে৷ আনৰ চেষ্টাত ভুল বুজাবুজি দূৰ হ’ব৷ বিদ্যার্থীৰ শুভ৷

কর্কট : পতি–পত্নীৰ মাজত ঘৰুৱা বিষয়ক লৈ মতভেদ সৃষ্টি হ’ব পাৰে৷ ভ্রমণৰ যোগ আছে৷ চাকৰিয়ালৰ বাবে দিনটো শুভ৷ নিৰামিষ আহাৰ খাব৷

সিংহ : প্রেম বিবাহ প্রার্থীৰ বিবাহত বাধা৷ প্রেমত হতাশা আহিব৷ ভ্রমণত সাৱধান৷ দাম্পত্য জীৱন সুখকৰ হ’ব৷ ব্যৱসায়ীসকলৰ শুভ৷

কন্যা : কর্মক্ষেত্রত শুভ ফল লাভ কৰিব৷ অর্থৰ অভাৱ নহ’ব৷ ব্যৱসায়ৰ ক্ষেত্রত আকস্মিক পৰিৱর্তন আহিব৷

তুলা : প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব পাৰিব৷ বিদ্যার্থীসকলে উচ্চ শিক্ষাত আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হ’ব৷ প্রেমত শুভ৷

বৃশ্চিক : দৈহিক ক্ষেত্রত সতর্ক হৈ নচলিলে বিপদত পৰিব পাৰে৷ কৃষকসকলৰ বাবে শুভ৷ চাকৰিয়ালৰ পদোন্নতিৰ যোগ৷ সম্পত্তি লাভৰ যোগ৷

ধনু : সন্তানৰ ক্ষেত্রত শুভ নহ’ব৷ প্রেম–প্রীতিত হতাশা৷ ভ্রমণ নকৰাই ভাল৷ দাম্পত্যত সুখ৷ উপার্জন বৃদ্ধি পাব৷

মকৰ : ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ৷ প্রচুৰ অর্থপ্রাপ্তিৰ সম্ভাৱনা৷ ভ্রমণত সাৱধান হওক৷ প্রেমত ব্যর্থ হ’ব পাৰে৷

কুম্ভ : বিদ্যার্থীৰ মধ্যম৷ মামলা–মোকর্দমাৰ পৰা দূৰত থকা ভাল৷ পিতৃ–মাতৃৰ স্বাস্থ্যৰ বাবে চিন্তিত হ’ব৷ সামাজিক সুনাম হানি হোৱাৰ সম্ভাৱনা আছে৷ প্রেমত বাধা৷

মীন : ঘৰুৱাত ভাল৷ দাম্পত্যত শুভ৷ ভ্রাতাৰ কর্মপ্রাপ্তিৰ যোগ৷ বিয়াৰ বার্তা আছে৷ চুটি ভ্রমণ হ’ব পাৰে৷ শৰীৰৰ প্রতি যত্ন ল’ব৷ প্রেমত শুভ৷ বিদ্যার্থীৰ শুভ৷

You might also like