নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ মার্চ, চ’ত মাহৰ ৮ তাৰিখ
শুকুৰবাৰ ঃ তিথি– শুক্লা ত্রয়োদশী, নক্ষত্র ঃমঘা, যাত্রা ঃ নাই

মেষ : সামাজিক সুনাম হানি হোৱাৰ আশংকা৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

বৃষ : স্বাধীন ব্যৱসায়ত সফলতা লাভ কৰিব৷ ঘৰুৱা দিশত ভাতৃৰ লগত মতবিৰোধে দেখা দিব৷ বিবাহ হ’ব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ১৷

মিথুন : আর্থিক ক্ষেত্রত বন্ধুৰ পৰা সহায় লাভ হ’ব৷ আত্মীয়ৰ দুঃসংবাদত মন বেয়া হ’ব পাৰে৷ মনোবল ৰাখিব৷ প্রেমত আনন্দ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷

কর্কট : ব্যৱসায়ত পৰিৱর্তন আহিব৷ আয় অনুপাতে ব্যয় বৃদ্ধি পাব৷ সামাজিক কামত যশ বৃদ্ধি পাব৷ ঘৰুৱা শুভ৷ প্রেমত জটিলতা৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷

সিংহ : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে৷ কর্মত মন চঞ্চল হ’ব৷ দাম্পত্যত মধ্যম৷ ভ্রমণ নকৰাই ভাল৷ বিদ্যাত জটিলতা৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৯৷

কন্যা : ব্যৱসায়িক দিশত জটিল কোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ আর্থিকত চিন্তা৷ শৰীৰ ভালেই যাব৷ বিদ্যাত মনোযোগ দিয়ক৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷

তুলা : অংশীদাৰী ব্যৱসায়ত লাভৱান হ’ব৷ প্রেমত নতুন যোগাযোগে আনন্দ দিব৷ ঘৰুৱা দুশ্চিন্তা বৃদ্ধি পাব৷ শৰীৰৰ প্রতি যত্ন ল’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷

বৃশ্চিক : আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব৷ অৱসৰপ্রাপ্ত চাকৰিয়ালসকলে নতুন কামৰ সন্ধান পাব৷ প্রেমত সফলতা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷

ধনু : ব্যৱসায়–বাণিজ্যিক ক্ষেত্রত নতুন যোগাযোগ৷ মাটিবাৰীৰ পুৰণা সমস্যাৰ সমাধান হ’ব৷ দাম্পত্যত জটিলতা৷ প্রেমত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷

মকৰ : ব্যৱসায়িক দিশত আর্থিক সমস্যাত পৰিব৷ কর্মক্ষেত্রত মানসিক অশান্তি বৃদ্ধি পাব৷ সন্তানৰ বাবে শুভ৷ প্রেমত বুজাবুজি৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷

কুম্ভ : আর্থিক দিশত জটিলতা নাই৷ আয় বৃদ্ধিৰ কাৰকতা৷ বিদ্যাৰ ক্ষেত্রত যশ বৃদ্ধিৰ কাৰক৷ সৰু–সুৰা ৰোগত কষ্ট পাব৷ প্রেমত মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷

মীন : যান–বাহনৰ ব্যৱসায় কৰাসকলৰ অর্থ লাভৰ যোগ৷ প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব৷ বিদ্যাত থকা জটিলতা দূৰ হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷

You might also like